• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?’ জিএমচিএইছতেই শেষ উশাহ লোৱা কবিগৰাকীয়ে কৈছিল, মৃত্যুৰ লগে লগেই হওক তেওঁৰ শেষকৃত্য…

‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?’ জিএমচিএইছতেই শেষ উশাহ লোৱা কবিগৰাকীয়ে কৈছিল, মৃত্যুৰ লগে লগেই হওক তেওঁৰ শেষকৃত্য…

3 years ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

48 minutes ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

1 hour ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

2 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

3 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

3 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

3 hours ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

4 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

4 hours ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

4 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

5 hours ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

5 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?’ জিএমচিএইছতেই শেষ উশাহ লোৱা কবিগৰাকীয়ে কৈছিল, মৃত্যুৰ লগে লগেই হওক তেওঁৰ শেষকৃত্য…

editor by editor
January 19, 2023
in অসম, লেখা, স্বাস্থ্য
0
‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?’ জিএমচিএইছতেই শেষ উশাহ লোৱা কবিগৰাকীয়ে কৈছিল, মৃত্যুৰ লগে লগেই হওক তেওঁৰ শেষকৃত্য…
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সাহিত্যৰ নিৰৱ সাধক আছিল তেওঁ৷ আমনি দিবলৈ বেয়া পাইছিল৷ মৃত্যুৰ পাছতো কোনোৱে যাতে আমনি নাপায় সেই বিষয়ে মৃত্যুৰ পূৰ্বেই তেওঁ কৈছিল৷ মানুহ ভালপোৱা কবিজনে জ্ঞানপীঠ বঁটা লাভ কৰি দিয়া ভাষণতো কেৱল মানুহৰেই বন্দনা কৰিছিল কাব্যঋষিয়ে৷ শাৰীৰিক অসুস্থতাৰ বাবে কাব্যঋষিৰ ভাষণ সেইদিনা পাঠ কৰিছিল তেওঁৰ পুত্ৰ অমিতাভ ফুকনে৷ ভাল খবৰটো লাভ কৰিয়েই তেওঁ কৈছিল, ‘চাৰিওপিনে হিংসা, নিৰ্বিচাৰ নিৰ্মম নিৰ্যাতন নিপীড়ণ হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো।
ধৰ্মান্ধৰ উন্মাদনা, ৰাজনীতিৰ দুৰ্বৃত্তায়ন, দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদুষণ,অনিশ্চয়তা দৌৰা-দৌৰি, ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?

সম্ভৱত এই ভাষণেই কাব্যঋষিৰ শেষৰটো ভাষণ, য’ত তেওঁ লিখিছিল,

হে মোৰ সপোনৰ সূৰ্যৰ মানুহ,
জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ।

২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে, ই এক অসামান্য মানবিশিষ্ট বঁটা। মোৰ কবিতাৰ বাবে এয়া এক ওখ খাপৰ স্বীকৃতি। অসমীয়া ভাষাত কবিতা লিখা কবি এজনলৈ এই সন্মান আগবঢ়োৱাৰ মানসেৰে জ্ঞানপীঠ সমিতিয়ে মোৰ নাম বিবেচনা কৰাত মই ভাল পাইছোঁ, সুখী হৈছোঁ।
সমিতিৰ লগত যুক্ত হৈ থকা সকলোকে ধন্যবাদ জনোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

চাৰিওপিনে হিংসা– নিৰ্বিচাৰ নিৰ্মম
নিৰ্যাতন
নিপীড়ণ হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো।
ধৰ্মান্ধৰ উন্মাদনা
ৰাজনীতিৰ দুৰ্বৃত্তায়ন– দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদুষণ
অনিশ্চয়তা
দৌৰা-দৌৰি।
ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?
চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমূৰত থকা হাবিখনৰ পৰা হাতৰ মুঠিত জোনাকী এটা লৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি। অন্তৰত বিষণ্ণ এক সেউজীয়া স্তব্ধতা
সোণাৰুৰ অকণমান সোণহালধীয়া লৈ
গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ
নেঘেৰেটিঙৰ শিৱদৌল, দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী নৈখনে মোৰ মন-প্ৰাণ প্ৰবাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব নোৱাৰিলোহেঁতেন, সি খাটাং। তাৰ লগতে আছে এই চুটি ভাষণত নামোল্লেখ কৰিব নোৱাৰা মোৰ পুথিৰ প্ৰকাশকসকল, আলোচনীৰ সম্পাদকসকল, ঘৰখন, পৰিয়ালৰ সদৌতিকে ধৰি অসংখ্য শুভানুৰাগী, অনুৰাগীৰ মৰম-ভালপোৱা আৰু পূজনীয় পিতৃ-মাতৃৰ লগতে জ্যেষ্ঠ জনৰ আশীৰ্বাদ।
জৰোশ্লাভ চিফাৰ্টৰ এফাঁকি কবিতাৰ প্ৰতিধ্বনি কৰি কওঁ, পৃথিৱীৰ কেইবা নিযুত কবিতাৰ মাজত মই মাত্ৰ কেইটামান কবিতাহে যোগ দিছোঁ, উঁইচিৰিঙাৰ মাততকৈ তাত বেছি জ্ঞানগৰ্ভ কথা একো নাই।
চহৰত সুদীৰ্ঘকাল কটোৱাৰ পিছতো স্মৃতি-স্বপ্ন, বিষাদ-আনন্দ হৈ সেই গাঁওখনেই অজস্ৰ কথা সুৰ-গন্ধ-বৰ্ণ, দিন আৰু ৰাতিৰ ৰহস্যময় দৃশ্য হৈ আজিও প্ৰতিনিয়ত মোৰ মন হৃদয় আৰু কল্পনাক আলোড়িত কৰি ৰাখিছে। গাঁওখনৰ কাষেদি বৈ যোৱা বৰ্ষা-শীতৰ নৈখনৰ পাৰত থিয় হৈ আজিও যেন দূৰ দিগন্তলৈ চাইছোঁ আবেলি উৰি যোৱা চৰাইজাকৰ ফাললৈ।
ওখ ওখ গছবোৰৰ ওপৰলে হাত মেলি দিছোঁ
নৈ-সাগৰ অৰণ্যানি পৰ্বত-পাহাৰ মৰুভূমি পাৰ হৈ ক’ৰবাৰ মানুহ গৈ কোন সুদুৰত ওলাইছোঁগৈ।
কোনোবা জনমৰ সুহৃদ বুলি ইজনৰ পিছত সিজনক আঁকোৱালি লৈছোঁ
নিজকে পাহৰি গৈছোঁ, আকৌ নতুনকৈ নিজকে বিচাৰি পাইছোঁ
চিৰকালৰ মানুহৰ অমিত শক্তি
আশা-আকাংক্ষা
জয়-পৰাজয়ৰ গৌৰৱ-আনন্দ-গ্লানি-যন্ত্ৰণাৰ অংশীদাৰ হৈছোঁ
যেতিয়া পৃথিৱীৰ সৰ্বত্ৰ মানুহ আছে
জড় জীৱন্ত বস্তুবোৰ আছে
জুই-পানী আছে
হাঁহি আৰু চকুলোৰ জোন-বেলি তৰাবোৰ অনন্ত কাল ধৰি একেখন আকাশতে জ্বলি আছে।
চি জি য়ুঙে এবাৰ কৈছিল– আধুনিক মানুহে এটা আত্মা বিচাৰি ফুৰিছে। আমাৰ বিশ্বাস, কবিতাৰ মাজেৰেই আধুনিক মানুহে এদিন সেই আত্মাৰ সন্ধান পাব, সন্ধান পাব এখন প্ৰেমৰ পৃথিৱীৰ– নতুন আধ্যাত্মিক প্ৰমূল্যৰ, সৰ্বাত্মক এটা মানৱিক যুগৰ।

কবিতা ভাষা শিল্প, জীৱন শিল্পও। সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতাৰ ভাষা।
কিন্তু শেষত এই ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি –
মানুহৰ তেজত
মঙহত-বতাহত-আকাশত
লিখিছোনে এনে এটা কবিতা যি ‘বচনাতীতৰ আস্বাদ’
আনন্দ ৰূপ অমৃত
নীল নিনাদি উঠা হুংকাৰ
যি জীৱনৰ প্ৰতিকল্প
য’ত কালাতীত মহাজীৱনৰ ধ্বনিময়-ৰূপময়-গন্ধময়-বৰ্ণময় বাণী সোণৰ সংগীত হৈ বাজি উঠিছে
গুজৰি গুমৰি মৰিছে
বহু প্ৰস্তুতি আৰু প্ৰতিক্ষাৰ পিছত পাঁও এটা তন্ময়ৰ মুহূৰ্ত। লিখো এটা কবিতা বা অকবিতা। তাৰ পাছত আকৌ সেই অতৃপ্তি।
সেই ব্যৰ্থতাৰ ক্লেশ আৰু যন্ত্ৰণা। আকৌ সেই ৰৈ থকা আৰু সেই এজাক বৰষুণলৈ বাট চাই থকা।
মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য। কবিতাৰো।

মানুহৰ সৃজনীশক্তি, উপলব্ধি শক্তি, মংগলবোধক উদ্ৰেক কৰা বোধ-অনুভূতিক জীপাল, তেজাল, ধাৰাল কৰা– মানুহৰ সৃজনশীল চৈতন্যক সম্প্ৰসাৰিত কৰা
মানুহক দ্ৰষ্টা কৰা
স্ৰষ্টা কৰা।
পৃথিৱীৰ সকলো কবিয়েই সম্ভৱত বাঞ্চা কৰে, পৃথিৱীৰ সকলো মানুহেই কবি হওক, বিদ্ৰোহী হওক, প্ৰেমিক হওক।
জীৱনৰ অখণ্ড ৰূপৰ সাধনাই কবিৰ সাধনা।
আৰু কবিতা– প্ৰেম, শক্তি, শান্তি, ঐক্য, সৌন্দৰ্যত আৰু সৃজনশীলতাত মানুহৰ অটল আস্থা। এই কাৰণেই ই অক্ষয় আৰু অনন্ত। প্ৰতিটো কবিতাই এটা মানৱিক মুহূৰ্ত, যি আনন্দ বেদনাৰ, শেষ হয় চেতনাৰ নিস্তব্ধ উজ্জীৱনত। কবিতা মানৱতাৰ কণ্ঠস্বৰ। কাণ পাতিলেই প্ৰতিজনে নিজৰ মনৰ নিজানত শুনিবলৈ পাব পুৱা-সন্ধ্যাৰ, সত্য আৰু সৌন্দৰ্যৰ সেই আৱহমান ৰাগমালা।

সাৰ্থক কবিতা এটা পঢ়িলে
বা শুনিলে আমি নিজকে পাওঁ
আনকো পাওঁ
হঁহা দেখোঁ
কন্দা দেখোঁ
জীৱন্ত জড় বস্তুবোৰক নিজৰ মাজত দেখোঁ
ক’ৰবাত নিজকে এৰি থৈ কাৰোবাক বিচাৰি ক’ৰবালৈ গুচি যাওঁ।
বিশ্ব প্ৰকৃতি আৰু জীৱনৰ ৰহস্যৰ লগত জনা-নজনাকৈ আমাৰ এটা সম্পৰ্ক হয়। নিজৰ কল্পনা আৰু বোধ অনুভূতিৰে মানুহৰ অস্তিত্ব, অস্তিত্বৰ যন্ত্ৰণা, সত্য অসত্যক, অতীত, বৰ্তমান আৰু ভৱিষ্যতক জীৱনৰ পূৰ্ণতা, অপূৰ্ণতাক, জনা-নজনাক অনুভৱ উপলব্ধি কৰোঁ। ব্যক্তিমন সাৰ্বজনীন মনৰ লগত কালস্ৰোত আৰু ইতিহাসৰ লগত অন্বিত হয়।
কবি মাত্ৰেই তেওঁ এজন সৰ্বপ্ৰাণবাদী, প্ৰেমিক, বিদ্ৰোহী, মানৱতাবাদী, মানুহৰ মৈত্ৰী-মমতাবোধত শান্তি-ঐক্য আৰু মানুহৰ ভৱিষ্যতত বিশ্বাসী। পৃথিৱীৰ সকলো কবিয়েই বাঞ্চা কৰে, সৰ্বত্ৰ শোষণ-পীড়নৰ অন্ত হওক, ভাতৃঘাতী, আত্মঘাতী সংঘাত, সংঘৰ্ষ, যুদ্ধ-বিগ্ৰহ, ৰক্তপাতৰ অন্ত হওক, মানুহৰ মানুহলৈ ভয় নোহোৱা হওক।

পৃথিৱীৰ প্ৰতিজন মানুহেই প্ৰতিজন মানুহৰ মাজত বিচাৰি পাওক চিৰকালৰ এজন পৰম সুহৃদ। মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই হওক একোটা মানৱিক মুহূৰ্ত– একোটা আধ্যাত্মিক মুহূৰ্ত।

ছাঁ জাঁ পেৰ্ছৰ এফাঁকি কথাৰ প্ৰতিধ্বনি কৰি কওঁ–
কবিতা মাটিৰ চাকি।
কবিৰ হাতত থকা এই মাটিৰ চাকিটিৰ পোহৰেই আজিৰ এই পৰিস্থিতিত যথেষ্টনে? যথেষ্ট– যদি মানুহে কেৱল মনত ৰাখে মাটিক।

প্ৰখ্যাত সমালোচক চি এম বাওৰাৰ কথাৰ সুৰত কওঁ– মোৰ প্ৰতিটো কবিতা সভ্যতাৰ বাটেৰে আহি থকা আধুনিক মানুহৰ মনৰ বিকাশ– উন্মুখ এটা এটা নবীন খোজহে মাথোন। মানুহ, মানুহ, মানুহ, মানুহ, মানুহ– মোৰ সপোনৰ সূৰ্যৰ মানুহ– মোৰ অপাৰ অগাধ-অটল আস্থাৰ থলী।

তাৰ পিছতো মোৰ মনলৈ এই ভাব আহে– আপুনি কবিতা পঢ়েনে? নিচেই কম সংখ্যক মানুহেহে কবিতা পঢ়ে আৰু কাচিৎ কোনোবাজনেহে কবিতাৰ দ্বাৰা সামান্য প্ৰভাৱিত হয়। মানুহ য’তেই আছে, তাতেই জড় জীৱন্ত বস্তুবোৰ আছে। তাতেই কবিতা আছে। জীয়াই থকাটোৱেই কবিতা। জীৱনেই কবিতা। কেৱল মানুহৰেই গান আছে। মানুহৰেই আছে এটা চিন্তাশীল আবেগিক ভাব জীৱন, এটা বৃহত্তৰ জীৱন। মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই। মানুহেই কেৱল কল্পনা আৰু সৃজনীশক্তিৰ অধিকাৰী। এই কল্পনাই জ্ঞান, আৰু সৃজনীশীল চৈতন্যই পোহৰ। সৃজনশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতেই মৰণশীল মানুহৰ শৌৰ্য আৰু মনুষ্যত্বৰ গৌৰৱ।আহক কবিতা পঢ়োঁ। কবিতাই অমৃত মণি, অভয়। পাৰাপাৰহীন প্ৰেমৰ মাজত অনাবিল সৌন্দৰ্যৰ মাজত নগ্ন হওক, মগ্ন হওক, স্তব্ধ হওক– মুক্ত কৰক মন আৰু হৃদয়ক। আৰু আপুনি নিজেই হৈ উঠক এটা কবিতা।
আপুনিও এটা শুভবাৰ্তাৰ কাৰণে ৰৈ আছে, মানৱতাৰ মুহূৰ্তবোৰৰ কাৰণে। আহক উপলব্ধি কৰোঁ অনিৰ্বচনীয় এক আনন্দ আৰু বেদনাক, যি আনন্দৰ, বেদনাৰ শেষ হয় চেতনাৰ নিস্তব্ধ বোধনত।
আহক অনুভৱ কৰোঁ –
মনৰ ভিতৰত ৰঙা হালধীয়া ফুলবোৰ ফুলি উঠা,
এটা শঙ্খৰ ভিতৰত এটা শঙ্খ বাজি উঠা।
অনুভৱ কৰোঁ– মানুহ মুক্ত, জীৱন সুন্দৰ, জুই সুন্দৰ, পানী সুন্দৰ, উইচিৰিঙাৰ মাতটো সুন্দৰ, টিপচি চৰাইটো সুন্দৰ, সুন্দৰ মানুহৰ মৃত্যু।

মই এক অসমীয়া, মোৰ কবিতাৰ ভাষা অসমীয়া, তাৰ মাজেৰেই মই বিশ্বমন, হৃদয় আৰু প্ৰাণৰ সৈতে যুক্ত হৈ থাকোঁ। দেশ, কাল, ভাষাৰ সীমা চেৰাই গৈ পোৱা মুকুতিৰ স্নিগ্দ্ধ আনন্দত লালিত মোৰ কল্পনা।
অসমৰ বিনন্দীয়া প্ৰকৃতিয়ে মোৰ কল্পনাক প্ৰাণৱন্ত কৰি ৰাখে। ইয়াৰ পাহাৰ, ভৈয়ামৰ মাটি, শইচৰ সেউজ-সোণালীয়ে মোৰ সংবেদনত জোঁকাৰ তুলি থাকে অনবৰতে, ইয়াৰ কলৰৱমুখৰ নৈবোৰৰ সৌন্দৰ্য-মাধুৰ্য, নৈৰ পাৰৰ ছোৱালীহঁতৰ ৰূপ-জেউতিয়ে মোৰ সৃজনশীল মনটোক নিয়ত আলোড়িত কৰি ৰাখে। মোলৈ অহা অতিকে সন্মানজনক জ্ঞানপীঠ বঁটা এই সকলোৰে লগত মই ভগাই লবলৈ পাই পুলকিত হৈছোঁ।
শেষত, পুনৰবাৰ সমবেত সুধী সমাজক কৃতজ্ঞতা জনাই মোৰ দোৱাইছোঁ, সেৱা জনাইছোঁ।
ধন্যবাদ
নীলমণি ফুকন
১১ এপ্ৰিল ২০২২

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?
জীৱনশৈলী

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

May 20, 2026
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?
জীৱনশৈলী

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

May 20, 2026
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!
ভাৰত

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

May 20, 2026
Image Credit source: PTI
জীৱনশৈলী

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

May 20, 2026
Next Post
খাদ্য তালিকাত প্ৰতিদিনে মাংস থাকিলে শৰীৰৰ লাভ হয়নে ক্ষতি হয়… কি কয় পুষ্টিবিদে?

খাদ্য তালিকাত প্ৰতিদিনে মাংস থাকিলে শৰীৰৰ লাভ হয়নে ক্ষতি হয়... কি কয় পুষ্টিবিদে?

হৃদয়বিদাৰক ঘটনা! সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ গ’ল দুই ভাতৃ-ভগ্নী অবিনাশ-গায়ত্ৰীৰ

হৃদয়বিদাৰক ঘটনা! সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ গ’ল দুই ভাতৃ-ভগ্নী অবিনাশ-গায়ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.