আজি সংসদত উত্থাপন হ’ব সাধাৰণ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেট। দিনৰ ১১ বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৮- ৮.৫ শতাংশলৈ জিডিপি বৃদ্ধিৰ লক্ষ্যৰে অর্থনৈতিক সমীক্ষা দাখিল কৰিছে।
আজি বাজেটত ৫ ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তদুপৰি ক’ৰোনা মহামাৰীয়ে বিধ্বস্ত কৰা অর্থনীতি পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ লক্ষ্য বাজেটত পৰিলক্ষিত হ’ব। তদুপৰি কৃষি খণ্ডই বাজেটত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ