অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ ক’ৰোনাত জর্জৰিত মুম্বাইৰ সন্মুখত আৰু এক বিপদ৷ নিমিষতে তচনচ হ’ব পাৰে মুম্বাইৰ বহু অঞ্চল৷ ইয়াৰ কাৰণ সামুদ্ৰিক ঘূর্ণী বতাহ ‘নিসর্গ’৷ বুধবাৰে মুম্বাইৰ একেবাৰে সমীপতে ‘নিসর্গ’ৰ লেণ্ডফল হ’ব বুলি সতর্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷ ১০০ৰ পৰা ১২০ কিঃমিঃ প্ৰতি ঘণ্টা বেগত বলিব তীব্ৰবেগী বতাহ৷ উত্তৰ তাৰ পাছত উত্তৰ-পূব দিশে গতি কৰি উত্তৰ মহাৰাষ্ট্ৰ হৈ সীমান্তৱর্তী গুজৰাটৰ উপকূলীয় অঞ্চলৰ দিশে গতি কৰিব ‘নিসর্গ’ই৷ হৰিহৰেশ্বৰ আৰু দমন তথা মহাৰাষ্ট্ৰ আলিবাগতো বিস্তৰ ক্ষতিসাধনৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে মহাৰাষ্ট্ৰৰ মুম্বাই তথা সমীপৱর্তী জিলাসমূহত হাই এলার্ট জাৰি কৰা হৈছে৷ ধন-জন, সা-সম্পত্তিৰ ক্ষয়-ক্ষতি ৰোধৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূর্ণ কৰা হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে বার্তালাপ কৰিছে আৰু ৰাজ্য চৰকাৰৰ প্ৰস্তুতি সন্দর্ভত বুজ লৈছে৷ ইপিনে গুজৰাটৰো উপকূলীয়া অঞ্চলত বিশেষ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ‘আমফান’ৰ দিনচেৰেক পাছতে ‘নিসর্গ’ হ’ব এই সময়ছোৱাত দেশৰ দ্বিতীয়টো সামুদ্ৰিক ঘূর্ণী বতাহ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ