বিবাহৰ পাছত পৰপুৰুষৰ সৈতে অশালীন চাট কৰাত মগ্ন পত্নী৷ আদালতে কৈছে কোনো পুৰুষৰ পক্ষে এই ধৰণৰ আচৰণ মানি লোৱা সম্ভৱ নহয়৷ এয়া প্ৰকৃততে মানসিক হাৰাশাস্তি৷ এই যুক্তিতেই স্বামীক বিবাহবিচ্ছেদৰ অনুমতি দিয়ে আদালতে৷ মধ্যপ্ৰদেশৰ সেই দম্পতিৰ বিয়া হৈছিল ২০১৮ চনত৷ স্বামীৰ অভিযোগ বিবাহৰ পাছতো নিজৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে যোগাযোগ ৰাখিছে পত্নীগৰাকীয়ে৷ কেৱল যোগাযোগ ৰখাই নহয়, প্ৰাক্তন প্ৰেমিকৰ সৈতে নিয়মিত কথা পাতে আৰু অশালীন চাটো কৰে৷
আনকি নিজৰ যৌন জীৱন আৰু ব্যক্তিগত মুহূৰ্তকলৈয়ো আলোচনা কৰিছে প্ৰাক্তন প্ৰেমিকৰ সৈতে৷ এই অভিযোগত নিম্ন আদালতত বিচ্ছেদৰ আবেদন কৰিছিল স্বামীয়ে৷ সেই আবেদন মানি বিবাহবিচ্ছেদৰ অনুমতিও দিয়ে নিম্ন আদালতে৷ কিন্তু অভিযুক্ত সেই মহিলাই মধ্যপ্ৰদেশ হাইকৰ্টৰ দ্বাৰস্থ হয়৷
সম্প্ৰতি মধ্যপ্ৰদেশ হাইকৰ্টৰ ন্যায়াধীশ বিবেক ৰুচিয়া আৰু ন্যায়াধীশ গজেন্দ্ৰ সিঙৰ ডিভিছন বেঞ্চে জনাই দিয়ে যে এনেকৈ বিবাহৰ পাছত যদি কোনো মহিলাই পৰপুৰুষৰ সৈতে অশালীন চাট কৰে তেন্তে সেয়া কোনো পুৰুষৰ পক্ষে মানি লোৱা সম্ভৱ নহয়৷ বিবাহৰ পাছত পুৰণি পৰিচিত বা বন্ধুৰ সৈতে কথা কোৱা বা চাট কৰিব পাৰে৷ কিন্তু সেইবুলি তাৰমাজত শালীনতাৰ সীমা থকা উচিত৷ সেই সীমা পাৰ হৈ গলেই সেয়া মানসিক হাৰাশাস্তি হৈ পৰে আনজনৰ বাবে৷
মধ্যপ্ৰদেশ হাইকৰ্টে নিম্ন আদালতৰ ৰায় বাহাল ৰাখি সেই দম্পতিৰ বিবাহবিচ্ছেদত ৰায় দিছে৷ অভিযুক্তৰ দাবী আছিল তেওঁৰ স্বামীয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে৷ ফোন হেক কৰি বন্ধুৰ সেই অশালীন মেছেজসমূহ নিজেই পঠিয়াইছে৷ কিন্তু মহিলাৰ যুক্তি খাৰিজ কৰিছে আদালতে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ