হঠাতে অসুস্থ, হাস্পতালত ভৰ্তি এ আৰ ৰহমান
বলীউডৰ ছুপাৰহিট গায়ক তথা সংগীত সুৰকাৰ এ আৰ ৰহমান সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। স্বাস্থ্যৰ আকস্মিক অৱনতি ঘটাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সংগীত শিল্পীগৰাকীক।
জানিব পৰা মতে, আজি ১৬ মাৰ্চৰ পুৱা প্ৰায় ৭.৩০ মান বজাত হঠাৎ বুকুৰ বিষৰ বাবে ৰহমানক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমানে চিকিৎসকৰ এটা দলে তেওঁৰ ওপৰত অহৰহ দৃষ্টি ৰাখিছে।
শিল্পীগৰাকীৰ অসুস্থতাৰ বিষয়ে জানিব পৰাৰ লগে লগে অনুৰাগী আৰু প্ৰশংসকে ৰহমানৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে এ আৰ ৰহমানৰ প্ৰাক্তন পত্নী ছাইৰা বানুকো চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ আহিছিল। এতিয়া একেখন হাস্পতালতে ভৰ্তি ৰহমানো।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বিদেশৰ পৰা সংগীতৰ অনুষ্ঠান কৰি উভতি অহাৰ পাছত ডিঙিৰ বিষয়ত ভুগিছিল শিল্পীগৰাকী। তাৰ পাছতে বুবুক বিষ আৰম্ভ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ