কাইলৈ ১৬ মাৰ্চ ২০২৫ দেওবাৰে চন্দ্ৰই কন্যা ৰাশি ত্যাগ কৰি তুলা ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণা দ্বিতীয়া তিথি৷ কাইলৈ বিয়লী ৪বাজি ৫৮ মিনিট পৰ্যন্ত দ্বিতীয়া থাকিব, তাৰপাছতেই আৰম্ভ হব চৈত্ৰ কৃষ্ণা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৃদ্ধি যোগ আৰু ধ্ৰুব যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে হস্তা নক্ষত্ৰ আৰু তাৰপাছত চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ ১৬ মাৰ্চ ২০২৫ লাভজনক দিন হব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ বৃদ্ধি যোগৰ প্ৰভাৱত ব্যৱসায়ত কোনো ডাঙৰ চুক্তিত ছহী কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰা কাংখিত সাফল্য লাভ কৰিব৷ কাইলৈ ব্যৱসায়ত ডাঙৰ আৰ্থিক লাভৰ যোগ আছে আৰু নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে আপুনি৷ নতুন চাকৰি লাভৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷
বৃষ ৰাশি
কাইলৈ দেওবাৰে সূৰ্যদেৱৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰণ হব বৃষ ৰাশিৰ জাতকৰ৷ বৃদ্ধি যোগৰ প্ৰভাৱত কাইলৈ সকলো কামতেই সৌভাগ্যক নিজৰ কাষত পাব আপুনি৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ সকলো কামেই সহজতে সম্পন্ন হব৷ বিনিয়োগ কৰাৰ বাবে কাইলৈৰ দিনটো শুভ৷
কৰ্কট ৰাশি
ধ্ৰুৱ যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভবান হব কৰ্কট ৰাশিৰ জাতক৷ কাইলৈ বেছ আৰাম আৰু বিলাসিতাৰে দিন কটাব৷ কামৰ সূত্ৰে বিদেশ যাত্ৰা কৰিব পাৰে৷ আপোনাৰ মনত চলি থকা কথা কাৰো আগত প্ৰকাশ নকৰিব৷ কাইলৈ পুৰণি বিনিয়োগৰ পৰা লাভৱান হব পাৰে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব কৰ্কট ৰাশিৰ জাতকৰ৷
ধনু ৰাশি
কাইলৈ সিদ্ধি যোগৰ শুভ প্ৰভাৱ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ কৰ্মক্ষেত্ৰত ডাঙৰ কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ আপোনাৰ কৰ্মদক্ষতাই সকলোকে মুগ্ধ কৰিব৷ সূৰ্যদেৱৰ আশীৰ্বাদত কাইলৈ নিজৰ সকলো কাম সহজেই সম্পূৰ্ণ কৰিব ধনু ৰাশিৰ জাতকে৷ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল পাব৷ প্ৰেম জীৱন মধুৰভাৱে কটাব ধনু ৰাশিৰ জাতকে৷
কুম্ভ ৰাশি
কাইলৈ দিনটো হস্তা নক্ষত্ৰৰ শুভ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত আত্মবিশ্বাস বাঢ়িব৷ সূৰ্যৰ কৃপাত কাইলৈ আয় বহুপৰিমানে বৃদ্ধি পাব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা থাকিলে এইবাৰ দূৰ হব৷ কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ দায়িত্ব আপুনি পাব পাৰে৷ পৰিয়ালৰ সকলোৰে সৈতে কৰোবাত ফুৰিবলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ