নাইট ক্লাবত অগ্নিকাণ্ড, ৫১ জন নিহত, শতাধিক আহত
ইউৰোপৰ উত্তৰ মেচিডোনিয়া দেশত আজি দেওবাৰে এক ভয়ংকৰ ঘটনাত একেলগে প্ৰাণ হেৰুৱাই ৫০ জন লোকে। ইয়াৰ উপৰি শতাধিক লোক আহত। দেশখনৰ কোকানি চহৰৰ এটা নাইট ক্লাবত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এইদৰে প্ৰাণ হেৰুৱাই বহু লোকে।
ভাৰতীয় সময় অনুসৰি আজি পুৱাৰ ভাগত ঘটনা এই ঘটনাত ৫১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবা ডজন লোক আহত হৈছে। খবৰ অনুসৰি ক্লাবটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰায় ১৫০০ লোক উপস্থিত আছিল।
মেচিডোনিয়াৰ মিডিয়া ইনফৰ্মেশ্যন এজেন্সীয়ে (এম আই এ) প্ৰকাশ কৰা অনুসৰি ১৫ মাৰ্চৰ শেষৰ ফালে ক্লাবটোত বেণ্ডটোৰ ডি এন এৰ কনচাৰ্টৰ সময়ত আতচবাজী জ্বলোৱাৰ ফলত নাইট ক্লাবটোত অগ্নিকাণ্ড সংঘটিত হয়। ছ’চিয়েল মিডিয়াত বৰ্তমানে সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
উত্তৰ মেচিডোনিয়াৰ ৰাজহুৱা অভিযুক্ত কাৰ্যালয়ে এক বিবৃতিত কয় যে বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে। লগতে ইয়াকো কয় যে, এই অগ্নিকাণ্ডত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে, কাৰণ আহতসকলৰ সৰহ সংখ্যকৰ অৱস্থা গুৰুতৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ