গোল্ড মেডেলৰ লগতে লাভ কৰিলে গোল্ডেন শ্লেম, ন’ভাক জ’কভিচে গঢ়িলে বিশ্ব অভিলেখ
২০২৪ চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ একক ইভেণ্টত কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি প্ৰবীণ টেনিছ খেলুৱৈ ন’ভাক জ’কভিচে স্বৰ্ণ পদক লাভ কৰে।
অলিম্পিক কেৰিয়াৰত প্ৰথমবাৰৰ বাবে স্পেনিছ খেলুৱৈগৰাকীয়ে ৭-৬ (৩), ৭-৬ (২) গ’লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ইয়াৰ লগে লগে তেওঁ টেনিছৰ ইতিহাসত গোল্ডেন শ্লেম সম্পূৰ্ণ কৰা পঞ্চমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।
যেতিয়া কোনো খেলুৱৈয়ে অলিম্পিকত সোণৰ পদক লাভ কৰাৰ লগতে চাৰিখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাতো (অষ্ট্ৰেলিয়ান অ’পেন, ফ্ৰেঞ্চ অ’পেন, উইম্বলডন আৰু ইউ এছ অ’পেন) জয়ী হয়, তেতিয়া ইয়াক গোল্ডেন শ্লেম বুলি গণ্য কৰা হয়।
জ’কভিচেও এইবাৰ গোল্ডেন শ্লেম লাভ কৰে। একে বছৰতে (১৯৮৮) এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ খেলুৱৈ ষ্টেফি গ্ৰাফ। একক আৰু ডাবল দুয়োটা শাখাতে গোল্ডেন শ্লেম অৰ্জন কৰা একমাত্ৰ খেলুৱৈগৰাকী হৈছে ছেৰেনা উইলিয়ামছ।
এইডৰে গোল্ডেন শ্লেম লাভ কৰা খেলুৱৈ কেইগৰাকী হৈছে-
ষ্টেফি গ্ৰাফ জাৰ্মানী ১৯৮৮ চনত
আন্দ্ৰে আগাছি আমেৰিকা ১৯৯৯ চনত
ৰাফেল নাডাল স্পেইন ২০১০ চনত
চেৰেনা উইলিয়ামছ আমেৰিকা ২০১২ চন
নোভাক জ’কোভিক ছাৰ্বিয়া ২০২৪ চনত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ