অসম লাইভ ২৪ঃ ডুবাইৰ এটা এপার্টমেণ্টৰ বেলকনিত ন্যুড ফটোশ্বুট কৰি প্ৰায় ৫০ গৰাকী মডেল ডুবাই প্ৰশাসনৰ ৰোষত পৰিছে। এই মডেলসকলৰ ভিতৰত এগৰাকী মডেল হ’ল ২৭ বছৰীয়া য়ানা গ্ৰোবোশ্বচুক। ডুবাইত ধৰা পৰা য়ানাৰ সৈতে ১১ গৰাকী মডেল ইউক্ৰেইনৰ। কিন্তু য়ানাৰ ভায়েক তাৰসে ইয়াৰ এনেকুৱা ঘটনাৰ কথা শুনি আচৰিত হৈ পৰে আৰু য়ানা যে ডুবাইলৈ গৈছে, সেই বিষয়ে পৰিয়াল জ্ঞাত নহয় বুলিও উল্লেখ কৰে। তাৰসে কয় যে আমি য়ানাই হলিডে’ ট্ৰিপত যোৱা বুলিহে গম পাওঁ। কিন্তু য়ানাই ডুবাইত ন্যুড ফটোশ্বুট কৰি ধৰা পৰাৰ খবৰ পাই আমি তলকিবই পৰা নাই ক’ৰ পৰা কি হ’ল? ‘মেইল অনলাইন’ৰ খবৰ অনুসৰি য়ানা এগৰাকী আইনৰ স্নাতক। কিন্তু য়ানাই ফিল্ডত কাম পোৱা নাছিল। সেইকাৰণে য়ানাই ৰেষ্টুৰেণ্ট, কেফে আদিত কাম কৰিছিল। কিন্তু য়ানাই যোৱা বছৰৰ পৰা মডেলিং কৰি আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ