• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

4 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

5 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

7 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

7 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

8 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

9 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

10 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

11 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

12 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

12 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

12 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

শ্ৰীৰামৰ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় উৎস ৰাজহুৱা কৰাৰ দাবী

editor by editor
June 15, 2026
in অপৰাধ, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা
0
SHARES
697
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশে নিজকে নিৰপেক্ষ দেশ বুলি যিমানেই আস্ফালন নকৰক কিয়, সাম্প্ৰতিক সময়ত বাস্তৱত কিন্তু নিৰপেক্ষতাৰ কোনো লক্ষণ দেশখনে দেখুৱাব পৰা নাই। মুছলিম বসতিপ্ৰধান চুবুৰীয়া দেশখনত প্ৰায়ে হিন্দু লোকসকলে বিভিন্ন নিৰ্যাতন, ভাবুকিৰ সন্মুখীন হৈ অহাৰ খবৰে সংবাদ শিৰোনাম দখল কৰি আহিছে। পুনৰ আন এক এনে ঘটনা সংঘটিত হৈছে দেশখনত। বাংলাদেশৰ গাইবান্ধাত নিৰ্মীয়মান ৮২ ফুট উচ্চতাৰ এক বিশাল ৰাম মূৰ্তিৰ প্ৰকল্প দেশখনৰ কাট্টৰপন্থী সংগঠনসমূহৰ তীব্ৰ বিৰোধিতাৰ বাবে স্থগিত ৰখিবলৈ বাধ্য হৈছে। গাইবন্ধাস্থিত শ্ৰী শ্ৰী ৰাধা গোবিন্দ আৰু কালী মন্দিৰ প্ৰাংগনত এই মূৰ্তি নিৰ্মাণৰ কাম চলি আছিল। মন্দিৰ পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰাখিবলৈ সাময়িকভাৱে কাম বন্ধ ৰখা হৈছে শ্ৰীৰামৰ বিশাল প্ৰতিমূৰ্তি। সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ পৰোক্ষ অৰ্থই হৈছে কাট্টৰপন্থী সংগঠনসমূহৰ প্ৰচণ্ড আপত্তি আৰু হেঁচা।

শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় উৎস ৰাজহুৱা কৰাৰো দাবী

এই সংগঠনসমূহে কেৱল প্ৰকল্পৰ কাম বন্ধ কৰাই নহয়, যিমানখিনিলৈ শ্ৰীৰামৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে সেইখিনিও ভাঙি পেলোৱাৰ দাবী উত্থাপন কৰিছে। ইমাম-উলমা পৰিষদে প্ৰকল্পটো সম্পূৰ্ণৰূপে নিঃচিহ্ন কৰাৰ লগতে ভৱিষ্যতে এনে কোনো উদ্যোগ গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। কেৱল এয়াই নহয় সংগঠনটোৱে এই প্ৰকল্পটোৰ বিত্তীয় উৎসও ৰাজহুৱা কৰাৰ দাবী কৰাৰ লগতে এই সন্দৰ্ভত তদন্তৰো দাবী কৰিছে। কেৱল ইমাম-উলমা পৰিষদেই নহয়, আন কেইবাটাও সংগঠনে প্ৰকল্পটোৰ পুঁজি সংগ্ৰহৰ উৎস সন্দৰ্ভত দাবী জনাইছে যে এই প্ৰতিমূৰ্তিৰ বাবে প্ৰয়োজনীয় ধন ক’ৰ পৰা আহিছে সেই সন্দৰ্ভত চৰকাৰে তদন্ত কৰিব লাগে যাতে সেয়া কোনো বিদেশী চৰকাৰ বা সংগঠনৰ পৰা অহা নাই। এই দাবীয়ে পৰোক্ষভাৱে ভাৰতৰ প্ৰতিয়েই যে আঙুলি তুলিছে তাত কোনো সন্দেহ নাই। প্ৰকল্পটোৰ সৈতে জড়িত ব্যক্তিসকলৰ বেংক একাউণ্ট আৰু সম্পত্তিৰো তদন্ত বিচাৰিছে। এই সংগঠনসমূহৰ মতে এই প্ৰকল্পই বাংলাদেশৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

২০২৫ৰ পৰা আৰম্ভ হৈছিল শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণ

শ্ৰী শ্ৰী ৰাধা গোবিন্দ আৰু কালী মন্দিৰ পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত স্পষ্ট কৰে যে ব্যক্তিগত পুঁজিৰে ২০২৫ চনৰ আৰম্ভণিতে এই মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। মন্দিৰ চৌহদত ইতিমধ্যে ১০০ৰো অধিক দেৱ-দেৱীৰ মূৰ্তি আছে। ইয়াৰ ভিতৰত ৩০ ফুট উচ্চতাৰ শিৱ মূৰ্তি আৰু ৫৩ ফুট উচ্চতাৰ কৃষ্ণ মূৰ্তিও অন্তৰ্ভুক্ত। শ্ৰীৰামৰ মূৰ্তিটোক এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শ্ৰীৰাম মূৰ্তি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছিল। এই বৃহৎ প্ৰকল্পটোৰ বাবে বাংলাদেশী টাকাৰ মূল্যত ১৭ কোটি টাকাতকৈ অধিক ব্যয় হোৱাৰ সম্ভাৱনা আছিল।

বাংলাদেশত পূৰ্বেও বন্ধ হৈছিল হিন্দু ধৰ্মীয় বিভিন্ন প্ৰকল্প

বাংলাদেশে নিজকে নিৰপেক্ষ বুলি যিমানে ঢাক-ঢোল নবজাওক কিয় বিগত দুবছৰৰ বিভিন্ন কাৰ্যকলাপে এই দাবীক সম্পূৰ্ণৰূপে নস্যাৎ কৰে। বিগত দুবছৰত বাংলাদেশত হিন্দু ধৰ্মীয় আস্থা আৰু পৰম্পৰাৰ সৈতে জড়িত আন দুটা প্ৰকল্পয়ো তীব্ৰ বিৰোধিতা আৰু ভাবুকিৰ সন্মুখীন হৈছিল। ২০২৫ চনত কাট্টৰপন্থী গোটসমূহৰ আপত্তিৰ পিছত ঢাকাৰ এটা দুৰ্গা মন্দিৰৰ নিৰ্মীয়মান আন্তঃগাঁথনি ভাঙি পেলাবলৈ বাধ্য হৈছিল। আনহাতে, ২০২৪ চনত ঢাকাৰ উত্তৰা অঞ্চলত দুৰ্গা পূজাৰ বাবে স্থাপন কৰিবলগীয়া মূৰ্তিৰ স্থান বিৰোধিতাৰ ফলত সলনি কৰিব লগা হৈছিল।

সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত বিভিন্ন সময়ত আক্ৰমণৰ অভিযোগ

বাংলাদেশৰ হিন্দু-বৌদ্ধ-খ্ৰীষ্টিয়ান ঐক্য পৰিষদৰ তথ্য অনুসৰি, ২০২৪ চনৰ আগষ্টত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা দেশখনত হিন্দুসহ বিভিন্ন সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত ২,৮৩৯টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সংগঠনটোৰ তথ্য মতে, ২০২৪ চনৰ ৪ আগষ্টৰ পৰা ২০ আগষ্টৰ ভিতৰত ২,০১০টা ঘটনা সংঘটিত হৈছিল। ২০২৫ চনত ৫২২টা আৰু ২০২৬ চনৰ প্ৰথম তিনিমাহত ১৩৩টা এনে ঘটনা নথিভুক্ত হৈছে। এই ঘটনাসমূহৰ ভিতৰত ১০০ৰো অধিক হত্যাকাণ্ড, যৌন হিংসা, গৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠানত আক্ৰমণ, মন্দিৰ আৰু মূৰ্তি ভাঙি পেলোৱা, লুটপাত, অগ্নিসংযোগ আৰু ভূমি দখলৰ দৰে অভিযোগ অন্তৰ্ভুক্ত আছে। আপাতত শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা আঁতৰোৱাৰ পিছৰে পৰা দেশখনত এনেধৰণৰ কাৰ্যকলাপ দ্ৰুত হাৰত বৃদ্ধি পাইছে
বিভিন্ন তথ্যৰ পৰা সংগৃহীত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bangladesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল 'পাপা কহতে হ্যায়...' গানটো

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.