• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

3 months ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

13 minutes ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

60 minutes ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

2 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

3 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

3 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

4 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

5 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

5 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

8 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

যিটো গানে সলনি কৰিছিল উদিত নাৰায়ণৰ কেৰিয়াৰ

editor by editor
June 15, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা, সংগীত
0
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো
0
SHARES
562
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ ইতিহাসত বহু জনপ্ৰিয় গীত আছে যিয়ে একো একোগৰাকী কণ্ঠশিল্পীৰ জীৱন সলনি কৰি দিছে। তেনে এটা গীত হৈছে ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত ‘কায়ামট চে কায়ামট টক’ ছবিখনৰ ‘পাপা কহতে হ্যায়…’ শীৰ্ষক ছুপাৰ হিট গীতটো। আপোনালোকে সকলোৱে নিশ্চয় জানে যে গীতটোত কণ্ঠদান কৰিছিল উদিত নাৰায়ণে। এই গীতটোৱে উদিত নাৰায়ণৰ কেৰিয়াৰত নতুন অধ্যায়ৰ সূচনা কৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে, এই গীতটো প্ৰথমে উদিত নাৰায়ণৰ সলনি অন্য এগৰাকী কণ্ঠশিল্পীৰ বাবেহে লিখা হৈছিল। সেই কণ্ঠশিল্পীগৰাকী হৈছে সুৰেশ ৱাডেকাৰ। আনকি এই গানটোৰ বাবে অনুশীলনো কৰিছিল সুৰেশ ৱাডেকাৰে। এই ছবিখন নায়ক হিচাপে মিষ্টাৰ পাৰফেক্টছনিষ্ট আমীৰ খানৰ প্ৰথমখন ছবি। ইয়াৰ পূৰ্বে আমীৰ খানে ১৯৭৩ত মুক্তিপ্ৰাপ্ত ‘য়াদো কি বাৰাট’ত শিশু শিল্পী হিচাপে ভূমুকি মাৰিছিল। ছবিখনৰ নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল জুহি চাওলাই। ছবিখন পৰিচালনা কৰিছিল মনছুৰ খানে।

এতিয়াও গানটোৰ কথা স্মৰণ কৰে সুৰেশ ৱাডেকাৰে

‘কায়ামট চে কায়ামট টক’ ছবিখনৰ সেই বিখ্যাত গানটোৰ কথা সুঁৱৰি সুৰেশ ৱাডেকাৰে এটা সাক্ষাৎকাৰত কয় যে, ‘১৯৯২-৯৩ চনৰ পিছত যিবোৰ জনপ্ৰিয় গীত আহিল, তাৰ ভিতৰত পাপা কহতে হ্যায়… শীৰ্ষক গানটো আছিল অন্যতম। আচলতে সেই গীতটো প্ৰথমে মই গোৱাৰ কথা আছিল। ছবিখনৰ সকলো গীত মই গাম বুলি ঠিক হৈছিল। কিন্তু সেই সময়ত মোৰ ব্যস্ত সূচীৰ বাবে গানকেইটা হোৱাৰ সুযোগ হেৰুৱালো। সেই সময়ত মই আমেৰিকাত সংগীতানুষ্ঠান কৰিবলৈ গৈছিলোঁ। উভতি আহি ৰেকৰ্ডিং কৰাৰ কথা আছিল।’ তেওঁ লগতে কয় যে ‘মই যেতিয়া উভতি আহিলোঁ, তেতিয়া দেখিলোঁ যে গীতটো ইতিমধ্যে উদিত নাৰায়ণৰ কণ্ঠত ৰেকৰ্ড হৈ গৈছে আৰু নতুন অভিনেতা আমীৰ খানৰ ওপৰত চিত্ৰায়িত হৈছে। আৰম্ভণিতে ডাবিঙৰ বাবে হয়তো উদিতে গীতটোৰ কিছু অংশ গাইছিল। আমীৰ খানৰ সৈতে উদিতৰ কণ্ঠ ইমানেই সুন্দৰভাৱে মিলি গৈছিল যে নিৰ্মাতাসকলেও উদিতৰ কণ্ঠটোকে ৰখাৰ সিদ্ধান্ত লয়।’ প্ৰবীণ কণ্ঠশিল্পীগৰাকীয়ে লগতে আৰু কয় যে, ‘সংগীত পৰিচালক আনন্দ-মিলিন্দক পিছত ময়েই কৈছিলো যে নতুন অভিনেতা, নতুন কণ্ঠ। দুয়োৰে যুটি খুব ভাল লাগিছে। উদিতে গানটো সুন্দৰভাৱে গাইছে। এই গীতটো তেনেকৈয়ে থাকক।’ এই সিদ্ধান্তই উদিত নাৰায়ণৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনে। ‘পাপা কহতে হ্যায়…’ৰ সাফল্যৰ পিছত তেওঁৰ কণ্ঠ ধীৰে ধীৰে আমীৰ খানৰ ছবিসমূহৰ বাবে একপ্ৰকাৰ বাধ্যতামূলক হৈ পৰিল। পিছলৈ বহু ছবিত আমীৰ খানৰ বাবে উদিত নাৰায়ণে গান গায় আৰু দুয়োৰে যুটি দৰ্শকৰ মাজত অত্যন্ত জনপ্ৰিয় হয়। সুৰেশ ৱাডেকাৰৰ মতে, যদি ‘পাপা কহতে হ্যায়…’ তেওঁ গাব পাৰিলেহেঁতেন, তেন্তে সেই গীতটো তেওঁৰ কেৰিয়াৰৰো এক ডাঙৰ মাইলষ্টোন হৈ পৰিলেহেঁতেন। কিন্তু ভাগ্যই যেন আন কিবাহে লিখি ৰাখিছিল। সেই সুযোগ উদিত নাৰায়ণৰ কাষলৈ গ’ল আৰু সেয়াই তেওঁক বলীউডৰ শীৰ্ষস্থানীয় গায়কসকলৰ মাজৰ এজন কৰিলে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

September 12, 2026
Next Post
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ'ব পাৰে এই ৰোগৰ স্বীকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.