মোবাইলত বহুতেই ভুলকৈ মেছেজ লিখি পঠিয়ায়। যদি শব্দৰ জ্ঞানৰ অভাৱত হৈছে সেয়া সাধাৰণ কথা। কিন্তু জনা-বুজা মানুহেও কেতিয়াবা ভুলকৈ মোবাইলত মেছেজ লিখি পঠিয়ায়। বানানবোৰ ঠিকেই থাকে কিন্তু এটা বানানৰ লগত আনটো বানানৰ কোনো অৰ্থ নাথাকে। অৰ্থাৎ তেনেকৈ ভুলকৈ লিখা বাক্যৰ কোনো অৰ্থ নাথাকে। উদাহৰণস্বৰূপে, যদি কোনোবাই লিখিব বিচাৰে— “I want to come home today early”, তেন্তে তেওঁ হয়তো টাইপ কৰিব পাৰে— “raining tonight early”। শব্দবোৰ পৃথকে পৃথকে সঠিক হ’ব পাৰে, কিন্তু সম্পূৰ্ণ বাক্যটোৰ কোনো অৰ্থ নাথাকে। যদি আপোনাৰো অনিচ্ছাকৃতভাৱে এনে হৈছে তেনেহলে আপুনিও হ’ব পাৰে ডিষ্টেক্সটিয়া নামৰ ৰোগ বিধৰ স্বীকাৰ।
ডিষ্টেক্সটিয়া কিয় হয়?
মগজুৰ ভাষা নিয়ন্ত্ৰণ কৰা অংশত সমস্যা হ’লে ডিষ্টেক্সটিয়াই দেখা দিব পাৰে। বিশেষকৈ মগজুৰ বাওঁফালৰ কিছু অংশ ক্ষতিগ্ৰস্ত হ’লে এই সমস্যা হ’ব পাৰে। যদি লক্ষণবোৰ হঠাতে আৰম্ভ হয়, তেন্তে ই ষ্ট্ৰোকৰো সংকেত হ’ব পাৰে। ইয়াৰ উপৰিও মগজুত টিউমাৰ থাকিলেও এনে সমস্যা হ’ব পাৰে। অৱশ্যে মগজুত টিউমাৰ থাকিলে লক্ষণসমূহ ধীৰে ধীৰে বৃদ্ধি পায়। স্মাৰ্টফোন আৰু সামাজিক মাধ্যমৰ ব্যাপক ব্যৱহাৰৰ ফলত এই ৰোগৰ নতুন লক্ষণো চিকিৎসকসকলৰ দৃষ্টিগোচৰ হৈছে। সঠিকভাৱে মেছেজ টাইপ কৰিব নোৱাৰাটোও ষ্ট্ৰোকৰ আগজাননী হ’ব পাৰে। সময়মতে চিকিৎসা নাপালে অৱস্থা অধিক গুৰুতৰ হ’ব পাৰে। পিছত হাত-ভৰি অকামিলা হৈ যোৱা, কথাবতৰাত জড়তা বা অন্যান্য গুৰুতৰ লক্ষণ দেখা দিব পাৰে।
ডিষ্টেক্সটিয়াৰ চিকিৎসা
যদি হঠাতে ডিষ্টেক্সটিয়াৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে তৎক্ষণাত চিকিৎসালয়লৈ যোৱা উচিত। ষ্ট্ৰোকৰ সম্ভাৱনা আছে নেকি, সেয়া পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে। যদি ৰোগী সঠিক সময়ত, সাধাৰণতে ৩ৰ পৰা ৪.৫ ঘণ্টাৰ ভিতৰত চিকিৎসালয়ত উপস্থিত হয় আৰু পৰীক্ষাত মগজুত ৰক্তৰ থুপ (blood clot) ধৰা পৰে, তেন্তে সেই থুপ গলাই দিব পৰা বিশেষ ঔষধ প্ৰয়োগ কৰা যাব পাৰে। সেয়েহে হঠাতে মেছেজ টাইপ কৰাত অসুবিধা হোৱাটোও ষ্ট্ৰোকৰ এক প্ৰাৰম্ভিক সতর্ক সংকেত হ’ব পাৰে। গতিকে তেনে পৰিস্থিতিত অকনো পলম নকৰি চিকিৎসকৰ ওচৰ চপা উচিত।
বিভিন্ন উৎস আৰু তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















