কাকো এৰা নহ’ব৷ চুমি বৰাৰ ৰাজকীয় বিয়া খাবলৈ গৈ চাকৰি হেৰুৱালে অচিয়ে৷ গোলাঘাট থানাৰ অচি জিতু ডেকাক নিলম্বন অসম আৰক্ষীৰ পৰা৷ এতিয়াও পলাতক বিশালৰ পাতি লোৱা বায়েক চুমি৷ চুমিক লৈ অৱশেষত মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো৷ কিমান দিন পলাই থাকিব৷ অচিৰেই আৰক্ষীৰ হাতত পৰিব চুমি বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ৷
মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘কোনোবাই হাতত ১০লাখ টকা লৈ পলাই আছে, দুদিন পাছত হোটেলৰ বিল দিয়েই শেষ হ’ব৷ নিজে নিজে আহি তেতিয়া চাৰেণ্ডাৰ কৰিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ