এখন ২০ টকীয়া নোটেই ঘূৰাই দিব পাৰে জীৱনৰ চকা৷ যদি আপোনাৰ ওচৰত এই ২০ টকীয়া নোটখন আছে তেন্তে অতি সহজেই আপুনি উপাৰ্জন কৰিব পাৰে লক্ষাধিক টকা৷ কৰোনাকালৰ পৰাই বহু মানুহে নানান ধৰণৰ বিকল্প কামৰ সন্ধান অব্যাহত ৰাখিছে৷ বিকল্প কামৰ মাধ্যমেৰে নিজৰ জীৱনক এক গতি দিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ পুৰণি নোট সংগ্ৰহৰ বিষয়টো কৰোনাকালৰ পৰাই বাঢ়িব ধৰিছে৷ আপোনাৰ হাততো যদি তেনে কোনো পূৰণি নোট আছে সেই নোট বিক্ৰি কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে আপুনি৷
যদি ২০ টকীয়া পুৰণি নোট আছে তেন্তে আপোনাৰ হাতত আছে ধন ঘটাৰ সুবৰ্ণ সুযোগ৷ দেশৰ কেইবাটাও ৱেবচাইট আছে যিকেইটা ৱেবচাইটে এনে পুৰণি নোটসমূহ ক্ৰয় কৰে৷ আন্তৰ্জাতিক বজাৰত এই ২০ টকীয়া নোটৰ বহু দাম৷ যি ২০ টকীয়া নোটত ৭৮৬ নম্বৰ থাকে সেই নোটৰ বিশেষ দৰ উঠিছে বজাৰত৷ সেই নোট অৱশ্যে পুৰণি গুলপীয়া ২০ টকীয়া নোট হব লাগিব৷ বহু ব্যক্তিৰ ধাৰণা যে ৭৮৬ নম্বৰটো সকলোৰে বাবেই সৌভাগ্যশালী নম্বৰ৷ যদি এই নম্বৰৰ নোট পোৱা যায় তেন্তে সেই নোট বেছি দাম দিও মানুহে ক্ৰয় কৰে৷
এই ২০টকীয়া এটা নোটৰ দাম এতিয়া আন্তৰাষ্ট্ৰীয় বিশেষ ৱেবচাইটত উঠিছে ৪লাখ টকা৷ যদি আপোনাৰ ওচৰত এই নোট আছে তেন্তে এতিয়াই বিক্ৰি কৰি লাখপতি হোৱাৰ সুযোগ গ্ৰহণ কৰিব পাৰে আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ