অসম লাইভ ২৪ঃ ভাৰতত অমিক্ৰণৰ তাব্ৰগতিত সংক্ৰমণ বৃদ্ধি৷ কোভিডৰ নতুন ভেৰিয়েণ্ট ‘অমিক্ৰণ’ত আক্ৰান্ত হৈছে ভাৰতৰ বহুকেইগৰাকী লোক৷ বৰ্তমানলৈকে কৰ্ণাটকৰ দুগৰাকী ব্যক্তিৰ শৰীৰত অমিক্ৰণ ভাইৰাছ চিনাক্ত কৰা হৈছে যদিও আৰু ৪০ গৰাকী ব্যক্তি অমিক্ৰণত আক্ৰান্তৰ সন্দেহ কৰা হৈছে৷ কৰ্ণাটকৰ ১০ গৰাকী আৰু অন্ধ্ৰপ্ৰদেশৰ ৪০ গৰাকী ব্যক্তি বৰ্তমান পলাতক হৈ আছে৷ এই কথা সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি জয়পুৰক অমিক্ৰণৰ হটস্পট হিচাপে চিনাক্ত কৰা হৈছে৷ সন্দেহযুক্ত অমিক্ৰণ আক্ৰান্ত ব্যক্তিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জয়পুৰক অমিক্ৰণৰ হটস্পট ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷ ইফালে, বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমিত লোকৰ সংখ্যা৷ ইতিমধ্যে কোভিড নিয়ন্ত্ৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে৷ দেশজুৰি নতুন কোভিড SOP জাৰি কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ