‘অপাৰেচন সিন্দূৰ’ৰ পাছত বিগত ১৫ দিন ধৰি চলি আছিল ‘অপাৰেচন মহাদেৱ’
২২ এপ্ৰিল ২০২৫ৰ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬ গৰাকী নীৰিহ লোকৰ আত্মাই যেন আজিহে শান্তি লাভ কৰিলে। আজি ২৮ জুলাই তাৰিখে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা অৰ্জন কৰে।
৭ মে’ তাৰিখে আৰম্ভ কৰা অপাৰেচন সিন্দূৰত ভাৰতীয় সেনাই সেই আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদী সকলৰ ঘৰ ধ্বংস কৰি দিছিল। লগতে ৯ টাকৈ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰি দিছিল।
কিন্তু সেই ঘটনাৰ মাষ্টাৰামইণ্ড এইবাৰ অপাৰেচন মহাদেৱৰ অন্তত হে নিধন হয়। যিয়ে অপাৰ সুখ কঢ়িয়াই আনিছে প্ৰতিগৰাকী ভাৰতীয়ৰ মনলৈ।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত দুজনকৈ মুখ্য সন্ত্ৰাসবাদী চুলেমান শ্বাহ তথা হাছিম মুছা আৰু য়াছিৰক নিৰাপত্তা বাহিনীয়ে নিধন কৰে। দুয়োজনেই আছিল পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড।
সূত্ৰ অনুসৰি এই ‘অপাৰেচন মহাদেৱ’ৰ প্ৰস্তুতি বিগত ১৫ দিন ধৰি চলি আছিল। ১৫ দিনৰ অন্তত ভাৰতীয় সেনাৰ এনকাউণ্টাৰত নিধন হয় পেহেলগাম আক্ৰমণৰ দুই মুখ্য আৰোপীৰ লগতে মুঠ ৩ সন্ত্ৰাসবাদী। ভাৰতীয় সেনাই সদৰি কৰা অনুসৰি এতিয়াও অপাৰেচন মহাদেৱ অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















