এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে, অহৰহ বৈছে আনন্দৰ চকুলো
অপাৰেচন সিন্দুৰ’ৰ অধীনত ভাৰতে পাকিস্তান আৰু পাকিস্তান দখল জম্মু-কাশ্মীৰ (PoK)ৰ জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ আত্মগোপন স্থানত আক্ৰমণ চলাইছে। ভাৰতীয় বায়ুসেনাই মাজনিশা কৰা এই অপাৰেচন সিন্দুৰক লৈ এতিয়া বহু আনন্দ প্ৰকাশ কৰিছে পেহেলগাম আক্ৰমণত আপোনজনক হেৰুওৱা শোকস্তব্ধ পৰিয়ালে।
কোনোৱে যদি কৈছে- আনন্দৰ চকুলো বৈছে, কোনোৱে কৈছে- এতিয়াহে পুত্ৰৰ আত্মাই শান্তি লাভ কৰিলে। কোনোৱে কয়- এয়া সন্ত্ৰাসবাদীক উপযুক্ত উত্তৰ।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত সন্তোষ জগদলেৰ কন্যা আসাৱৰী জগদলেই ভাৰতীয় সেনাবাহিনীয়ে সংঘটিত কৰা আক্ৰমণৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আছাৱৰী জগদলেই কয় যে আমি আনন্দত কান্দি আছিলো। প্ৰতিশোধ ল’লে মোদী জীয়ে।
এএনআইৰ সৈতে হোৱা কথা-বতৰাত আছাৱৰীয়ে কয় যে তেওঁৰ আনন্দৰ চকুলো বন্ধ কৰিব পৰা নাই। মোদীয়ে প্ৰতিশোধ লৈছে আৰু যিদৰে অপাৰেচনৰ নাম ৰখা হ’ল, আমাৰ চকুপানী থমকি ৰোৱা নাছিল। যি ভগ্নীসকলৰ সেন্দুৰ এই সন্ত্ৰাসবাদীয়ে মচি পেলাইছিল। ভাৰতে তেওঁলোকৰ ৯টা ঘাটিত আক্ৰমণ কৰিছে। আমাৰ আনন্দৰ চকুলো বৈ আছে।
পহলগাম আক্ৰমণত নিহত হোৱা শুভম দ্বিবেদীৰ পিতৃ সঞ্জয় দ্বিবেদীয়ে ভাৰতীয় সেনা আৰু দেশৰ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে ‘অপাৰেচন সিন্দুৰে বিশ্বাসৰ অনুভূতিৰ সৃষ্টি কৰিছে। ভাৰতীয় সেনাক প্ৰণাম জনাই দেশবাসীৰ বেদনা শুনা প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাইছো। আজিহে আমাৰ শুভমৰ আত্মাই শান্তি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















