অসম লাইভ২৪ঃ ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ। ঘণ্টাত১০০ কিঃমি বেগেৰে বতাহ বলাৰ সম্ভাৱনা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ । ইতিমধ্যে ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন চেন্নাই, অন্ধপ্ৰদেশ,তামিলনাডুৰ বিভিন্ন অঞ্চল। মাইচোৱাঙৰ ফলত ইতিমধ্যে মৃত্যুমুখত পৰিছে ৮জনকৈ সাধাৰণ লোকৰ। ব্যাহত সাধাৰণ লোকৰ জনজীৱন। ক্ৰমানয়ে আগবাঢ়ি অহা সাগৰীয় ঘুৰ্ণীবতাহ মাইচোৱাঙৰ ফলত চেন্নাইত ৫ ডিচেম্বৰ পৰ্যন্ত বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে। তীব্ৰবেগী বতাহ আৰু ধাৰাসাৰ বৰষুণৰ ফলত ৰাজপথ পানীৰে ভৰি পৰিছে। ৰাজপথত কাগজৰ নাৱৰ দৰে উটি গৈছে ইখনৰ পিছত বিলাসী বাহন। ৰাজপথ, ঘৰ দুৱাৰৰ লগতে ৰে’লৱে ষ্টেচন, বিমানবন্দৰো পানীৰে ভৰি পৰিছে। যাৰ ফলত ৰে’লসেৱাৰ লগতে বাতিল কৰা হৈছে বিমান সেৱা। ধাৰাসাৰ বৰষুণৰ লগতে অহা তীব্ৰবেগী বতাহে সাধাৰণ লোকক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। তীব্ৰবেগী বতাহ বৰষুণৰ ফলত ৰাজপথৰ মাজতে উভালি পৰিছে প্ৰকাণ্ড গছ। সাধাৰণ জনতালৈ সতৰ্কবানী জাৰি IMDৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ