পাকিস্তান ট্ৰেইন হাইজেক- ১০৪ সেনাক মুকলি, BLAৰ দাবী প্ৰায় ৩০ সেনা নিহত
বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পাকিস্তানৰ ট্ৰেইন হাইজেক ঘটনাৰ নতুন আপডেট, ১০৪ সেনাক সুকলমে মুকলিৰ খবৰ প্ৰকাশ ভাৰতৰ চুবুৰীয়া দেশ খনৰ। কিন্তু তাৰ বিপৰীতে স্বাধীনতাপন্থী পাক বিদ্ৰোহী সংগঠন বালুচিস্তান লিবাৰেছন আৰ্মি(BLA)য়ে দাবী কৰিছে যে, প্ৰায় ৩০ সেনাক হত্যা কৰিছে।
উল্লেখ্য যে, ১১ মাৰ্চ মঙলবাৰে পাকিস্তানৰ বালুচিস্তানৰ কোয়েট্টাৰ পৰা পেছোৱাৰলৈ যোৱাৰ সময়ত জাফৰ এক্সপ্ৰেছক ট্ৰেইনখনক হাইজেক কৰিছিল বিএলএৰ সদস্যই। ট্ৰেইনখনৰ ওপৰত গুলিবৰ্ষণ আৰু বিস্ফোৰণ কৰি ৰে’ললাইন উৰুৱাই দি ট্ৰেইনখন দখল কৰিছিল বিদ্ৰোহী সংগঠনটোৱে।
বিদ্ৰোহী সংগঠনটোৰ ট্ৰেইনখন হাইজেক কৰাৰ কাৰণ আছিল- পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা বেলুচ কয়দীৰ মুক্তিৰ দাবী। আৰু এই দাবী পূৰণৰ বাবে শ্বাহবাজ শ্বৰীফ চৰকাৰক সময় বান্ধি দিছিল ৪৮ ঘণ্টা।
ট্ৰেইনখন হাইজেক কৰাৰ সময়ত ট্ৰেইনখনত প্ৰায় ৪০০ গৰাকীমান যাত্ৰী আছিল। যাৰ ভিতৰত পাকিস্তান সেনাৰ এটা গোটো আছিল। সেই সেনাৰে সৈতে ২১৪ যাত্ৰীক পণবন্দি কৰি ৰাখিছিল বুলি দাবী কৰিছিল বি এল এ। পণবন্দীৰ ভিতৰত পাকিস্তান সেনাৰ লগতে, অৰ্ধসামৰিক বল, আৰক্ষী, চোৰাংচোৱা সন্থাৰো লোক আছিল বুলি সদৰি।
সেই লোক সকলৰ ভিতৰতে পাকিস্তান সেনাই সুকলমে ১০৪ গৰাকী পণবন্দীক মুকলি কৰাৰ দাবী কৰে। আনহাতে বিদ্ৰোহী সংগঠনটোৱে পণবন্দী হৈ থকা ৩০ সেনাক মাৰি পেলোৱা বুলি দাবী কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ