অসম লাইভ২৪ঃ ইজৰাইলী সেনাৰ আক্ৰমণত বৰ্তমানলৈকে উত্তৰ আৰু মধ্য গাজাৰ পৰা ৪ লাখতৈয়ো অধিক পেলেষ্টাইনী নাগৰিকে নিজ গৃহ ত্যাগ কৰি আঁতৰি গৈছে। শনিবাৰে মানৱঅধিকাৰৰ দপ্তৰৰ পৰা এই বিবৃত্তি প্ৰকাশ পাইছে। ইয়াৰ সৈতে ইজৰাইল-হামাছ সংঘৰ্ষই অষ্টম দিনত মুঠ ৩২০০ জন লোক নিহত হৈছে বুলি জনাইছে মানৱ অধিকাৰ দপ্তৰে। নিহতসকলৰ মাজত ১৯০০ গৰাকী হৈছে পেলেষ্টাইনী নাগৰিক। ১৩০০ৰ ৰো অধিক লোক ইজৰাইলৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰে শুকুৰবাৰে ২৪ ঘণ্টা ‘চৰম সময়সীমা’ ঘোষণাৰ পাছতেই গাজাৰ পেলেষ্টানীয় নাগৰিকসকল দক্ষিণ প্ৰান্তলৈ আঁতৰি গৈছে।
তাৰমাজতেই এই আক্ৰমণৰ মাজতেই ঘৰ এৰি আঁতৰি গৈছে উত্তৰ আৰু মধ্য গাজাৰ বাসিন্দাসকলেও। ভূমধ্যসাগৰৰ তীৰবৰ্তী আৰু ভূখণ্ডৰ দক্ষিণপ্ৰান্তৰ ওপৰিও কিছু পেলেষ্টানী মিছৰলৈকো আঁতৰি গৈছে। পেলেষ্টাইনৰ এগৰাকী সাংবাদিকে এটা বিশেষ ভিডিঅ’ পোষ্ট কৰিছে এক্স হেণ্ডেলত। ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে, গাড়ীৰ ভিতৰত মানুহ, ওপৰত দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী লৈ ঘৰ এৰিছে গাজাৰ হাজাৰ হাজাৰ লোকে। তেওঁ সেই ভিডিঅ’ৰ লোকেশ্ব্যনত লিখিছে এই ঘটনা উত্তৰ গাজাৰ। কিন্তু ক’লৈ যাত্ৰা কৰিছে এইসকল লোকে?
সংবাদ সংস্থা ৰয়টাৰ্ছক এটা প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিশা ইজৰাইলৰ সেনাই জনাইছিল যে ২৩ লাখ পেলেষ্টাইনী নাগৰিকৰ আবাসভূমি গাজাত আছে। ইয়াৰে ১০ লাখ লোকে গাজা এৰি আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। ২৪ ঘণ্টাৰ ভিতৰতেই তেওঁলোকক আঁতৰি যাবলৈ নিৰ্দেশ দিছে ইজৰাইলী সেনাই। ২৪ ঘণ্টাৰ ভিতৰত কলৈ যাব এইসকল পেলেষ্টাইনী নাগৰিক? প্ৰাণৰ মমতাত বহুতেই ঘৰ এৰি ওলাই আহিছে যদিও ক’লৈ যাব লক্ষ্যস্থান থিৰাং কৰিব পৰা নাই। গাজাৰ পথত এতিয়া গাজা এৰি যোৱা মানুহৰ ভীৰ। হামাছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ সময়ৰ পৰাই গাজাত পানী, বিদ্যুৎ, গেছ সকলো কাটি দিয়া হৈছে। মানৱ অধিকাৰ আয়োগে এই সন্দৰ্ভত ঘোষণা কৰা অনুসৰি, ‘অবিলম্বে গাজাত মানৱিক সাহায্য প্ৰদান কৰক বুলি দাবী উত্থাপন কৰিছে।’
বিগত ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ চলাইছিল। তাৰপিছতেই নেতানিয়াহু চৰকাৰে ঘোষণা কৰে যুদ্ধৰ। তেওঁলোকে জনোৱা অনুসৰি গাজাৰ সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি আছে হামাচে। হামাছ উগ্ৰপন্থীয়ে এই ঘৰসমূহতেই লুকাই আছে। সেয়ে হামাছক নিশেষ কৰিবৰ বাবে এই ঘৰসমূহ ধ্বংস কৰাটো জৰুৰী হৈ পৰিছে। হামাছৰ ওপৰত মুক্তমনে আক্ৰমণ চলাবলৈকে সাধাৰণ জনতাক আঁতৰি যাবলৈ নিৰ্দেশ দিছে ইজৰাইলী সেনাই। গাজাক জনশূন্য কৰি হামাছ বাহিনীক ধ্বংস কৰিব খুজিছে এতিয়া ইহুদী সেনাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ