• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্ষণত অভিযুক্ত হৈ পদ্মশ্ৰীপ্ৰাপক অসমৰ প্ৰথমগৰাকী ব্যক্তি ৰঙাঘৰৰ আলহী

ধৰ্ষণত অভিযুক্ত হৈ পদ্মশ্ৰীপ্ৰাপক অসমৰ প্ৰথমগৰাকী ব্যক্তি ৰঙাঘৰৰ আলহী

5 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

2 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

2 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

2 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

3 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

3 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

4 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

4 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

5 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

8 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

8 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

ধৰ্ষণত অভিযুক্ত হৈ পদ্মশ্ৰীপ্ৰাপক অসমৰ প্ৰথমগৰাকী ব্যক্তি ৰঙাঘৰৰ আলহী

editor by editor
January 21, 2022
in অসম, গুৱাহাটী
0
ধৰ্ষণত অভিযুক্ত হৈ পদ্মশ্ৰীপ্ৰাপক অসমৰ প্ৰথমগৰাকী ব্যক্তি ৰঙাঘৰৰ আলহী
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অৱশেষত পালিতা কন্যাৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিশিষ্ট উদ্ভাৱক, পদ্মশ্ৰীপ্ৰাপক উদ্ধৱ ভৰালী কাৰাগাৰৰ কুঠৰীত আৱদ্ধ হ’ল৷

ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ একাংশই ভৰালীয়ে ৰঙাঘৰৰ আলহী হোৱাৰ কথাটোক সহজভাৱে ল’ব পৰা নাই৷ ৰাজ্যৰ বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্ত হোৱাটো ৰাজ্যবাসীৰ বাবে যেন আছিল অকল্পনীয়৷ বিশিষ্ট উদ্ভাৱক গৰাকীয়ে ধৰ্ষণৰ দৰে অতি গুৰুতৰ অভিযোগত কাৰাৰুদ্ধ হোৱাত ৰাজ্যজুৰি ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আনহাতে সামাজিক মাধ্যমতো দুটা পক্ষই অভিযুক্ত ভৰালীৰ বিপক্ষে আৰু সপক্ষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দৃষ্টিগোচৰ হৈছে৷ সামাজিক মাধ্যমত একাংশই উদ্ধৱ ভৰালীক সমৰ্থন কৰিলেও একাংশই ভৰালীৰ বিপক্ষে থিয় হোৱা দেখা গৈছে৷ ইপিনে একাংশই ভৰালীৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰাত সন্তুষ্টি প্ৰকাশ কৰি৷ একাংশৰ মতে ভৰালীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে৷ আন একাংশৰ মতে ভৰালীয়ে এই গুৰুতৰ অপৰাধ কৰাৰ বাবেই ৰঙাঘৰৰ আহলী হ’বলগীয়া হৈছে৷ ইফালে যিকোনো প্ৰভাৱশালী তথা বিশিষ্ট ব্যক্তি হ’লেও ভৰালীৰ বিৰুদ্ধে উঠা অভিযোগ অতি গুৰুতৰ আৰু এনে গুৰুতৰ অভিযোগৰ বিৰুদ্ধে নিৰপক্ষ আইনী ব্যৱস্থা লোৱাৰ বাবে তৃতীয়টো পক্ষই সন্তোষ প্ৰকাশ কৰিছে৷ তেওঁলোকৰ মতে নিৰপেক্ষ তদন্ত কৰি দোষী হ’লে উদ্ভৱ ভৰালীক উপযুক্ত শাস্তি বিহিব লাগে৷

ইপিনে এই গুৰুতৰ অভিযোগ উত্থাপনৰ পিছতে উদ্ধৱ ভৰালীয়ে তেওঁৰ বিৰুদ্ধে ইৰ্ষাকাতৰ একাংশ লোকে ষড়যন্ত্ৰৰ আৰম্ভ কৰিছে৷ আনফালে উদ্ধৱ ভৰালীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ অগ্ৰিম জামিন বিচাৰি মুখ থেকেচা খালে৷ আৰু ইয়ে সমগ্ৰ ঘটনাক্ৰম যে অতি গুৰুতৰ সেয়া প্ৰমাণ কৰা বুলিও একাংশই দাবী কৰিছে৷

উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰাৰ পিছতে শুকুৰবাৰে বিয়লি ১.৩০ বজাত লখিমপুৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত আত্মসমৰ্পণ কৰে অভিযুক্ত উদ্ধৱ ভৰালীয়ে৷ আদালতে ভৰালীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷ এতিয়া ১৪ দিনলৈ অভিযুক্ত ভৰালীয়ে ৰঙাঘৰৰ আলহী হৈ থাকিব লাগিব৷

লখিমপুৰৰ শিশু কল্যাণ ন্যাসৰ পৰা এগৰাকী কিশোৰী আনি নিজ গৃহত পালিতা কন্যাৰূপে ৰাখিছিল উদ্ধৱ ভৰালীয়ে৷ উক্ত কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল হৈছিল ভৰালীৰ বিৰুদ্ধে। ইতিমধ্যে উক্ত অভিযোগৰ ভিত্তিতে উত্তৰ লখিমপুৰ থানাত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷

ভৰালীয়ে কৰা সামাজিক কাম কাজ একাংশৰ বাবে হেঙাৰ হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰা বুলি উদ্ধৱ ভৰালীৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷

বিভিন্ন ব্যৱহাৰ্য সা-সাজুলি উদ্ভাৱন কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত খ্যাতি লাভ কৰিছিল উদ্ধৱ ভৰালীয়ে৷ উক্ত অৱদানৰ বাবে উদ্ধৱ ভৰালীয়ে ২০১৯ চনত ভাৰত চৰকাৰৰ পৰা চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰাৰ লগতে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছিল ৷

ইফালে অসমৰ ইতিহাসত ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্ত হৈ কাৰাৰুদ্ধ হোৱা ভৰালীয়ে হৈছে সম্ভৱতঃ প্ৰথমগৰাকী পদ্মশ্ৰী বঁটা বিজয়ী ব্যক্তি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24lakhimpur child rapeLakhimpur Courtuddhab bharali
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
Next Post
চৌদিশে গণৰাজ্য দিৱসৰ প্ৰস্তুতি, কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

চৌদিশে গণৰাজ্য দিৱসৰ প্ৰস্তুতি, কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

পলাই গৈছিল ছোৱালী, মাতৃয়ে ক’লে অপহৰণ৷ প্ৰকৃততে কি হৈছিল তেজপুৰত?

পলাই গৈছিল ছোৱালী, মাতৃয়ে ক’লে অপহৰণ৷ প্ৰকৃততে কি হৈছিল তেজপুৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.