অসম লাইভ ২৪ঃ অৱশেষত পালিতা কন্যাৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিশিষ্ট উদ্ভাৱক, পদ্মশ্ৰীপ্ৰাপক উদ্ধৱ ভৰালী কাৰাগাৰৰ কুঠৰীত আৱদ্ধ হ’ল৷
ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ একাংশই ভৰালীয়ে ৰঙাঘৰৰ আলহী হোৱাৰ কথাটোক সহজভাৱে ল’ব পৰা নাই৷ ৰাজ্যৰ বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্ত হোৱাটো ৰাজ্যবাসীৰ বাবে যেন আছিল অকল্পনীয়৷ বিশিষ্ট উদ্ভাৱক গৰাকীয়ে ধৰ্ষণৰ দৰে অতি গুৰুতৰ অভিযোগত কাৰাৰুদ্ধ হোৱাত ৰাজ্যজুৰি ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
আনহাতে সামাজিক মাধ্যমতো দুটা পক্ষই অভিযুক্ত ভৰালীৰ বিপক্ষে আৰু সপক্ষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দৃষ্টিগোচৰ হৈছে৷ সামাজিক মাধ্যমত একাংশই উদ্ধৱ ভৰালীক সমৰ্থন কৰিলেও একাংশই ভৰালীৰ বিপক্ষে থিয় হোৱা দেখা গৈছে৷ ইপিনে একাংশই ভৰালীৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰাত সন্তুষ্টি প্ৰকাশ কৰি৷ একাংশৰ মতে ভৰালীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে৷ আন একাংশৰ মতে ভৰালীয়ে এই গুৰুতৰ অপৰাধ কৰাৰ বাবেই ৰঙাঘৰৰ আহলী হ’বলগীয়া হৈছে৷ ইফালে যিকোনো প্ৰভাৱশালী তথা বিশিষ্ট ব্যক্তি হ’লেও ভৰালীৰ বিৰুদ্ধে উঠা অভিযোগ অতি গুৰুতৰ আৰু এনে গুৰুতৰ অভিযোগৰ বিৰুদ্ধে নিৰপক্ষ আইনী ব্যৱস্থা লোৱাৰ বাবে তৃতীয়টো পক্ষই সন্তোষ প্ৰকাশ কৰিছে৷ তেওঁলোকৰ মতে নিৰপেক্ষ তদন্ত কৰি দোষী হ’লে উদ্ভৱ ভৰালীক উপযুক্ত শাস্তি বিহিব লাগে৷
ইপিনে এই গুৰুতৰ অভিযোগ উত্থাপনৰ পিছতে উদ্ধৱ ভৰালীয়ে তেওঁৰ বিৰুদ্ধে ইৰ্ষাকাতৰ একাংশ লোকে ষড়যন্ত্ৰৰ আৰম্ভ কৰিছে৷ আনফালে উদ্ধৱ ভৰালীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ অগ্ৰিম জামিন বিচাৰি মুখ থেকেচা খালে৷ আৰু ইয়ে সমগ্ৰ ঘটনাক্ৰম যে অতি গুৰুতৰ সেয়া প্ৰমাণ কৰা বুলিও একাংশই দাবী কৰিছে৷
উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰাৰ পিছতে শুকুৰবাৰে বিয়লি ১.৩০ বজাত লখিমপুৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত আত্মসমৰ্পণ কৰে অভিযুক্ত উদ্ধৱ ভৰালীয়ে৷ আদালতে ভৰালীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷ এতিয়া ১৪ দিনলৈ অভিযুক্ত ভৰালীয়ে ৰঙাঘৰৰ আলহী হৈ থাকিব লাগিব৷
লখিমপুৰৰ শিশু কল্যাণ ন্যাসৰ পৰা এগৰাকী কিশোৰী আনি নিজ গৃহত পালিতা কন্যাৰূপে ৰাখিছিল উদ্ধৱ ভৰালীয়ে৷ উক্ত কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল হৈছিল ভৰালীৰ বিৰুদ্ধে। ইতিমধ্যে উক্ত অভিযোগৰ ভিত্তিতে উত্তৰ লখিমপুৰ থানাত উদ্ধৱ ভৰালীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷
ভৰালীয়ে কৰা সামাজিক কাম কাজ একাংশৰ বাবে হেঙাৰ হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰা বুলি উদ্ধৱ ভৰালীৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷
বিভিন্ন ব্যৱহাৰ্য সা-সাজুলি উদ্ভাৱন কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত খ্যাতি লাভ কৰিছিল উদ্ধৱ ভৰালীয়ে৷ উক্ত অৱদানৰ বাবে উদ্ধৱ ভৰালীয়ে ২০১৯ চনত ভাৰত চৰকাৰৰ পৰা চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰাৰ লগতে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছিল ৷
ইফালে অসমৰ ইতিহাসত ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধত অভিযুক্ত হৈ কাৰাৰুদ্ধ হোৱা ভৰালীয়ে হৈছে সম্ভৱতঃ প্ৰথমগৰাকী পদ্মশ্ৰী বঁটা বিজয়ী ব্যক্তি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ