• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা-(২)

ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা-(২)

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা-(২)

editor by editor
August 1, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা-(২)
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ গৌৰৱ চয়ন দাস: কিছুদিন আগতে ৰেডিঅ’লজী অৰ্থাৎ এক্স-ৰে,আলট্ৰাচাউণ্ড, চি টি স্কেন আদিৰ মাধ্যমেৰে কি কি আৰু কেনেধৰণৰ দুই প্ৰক্ৰিয়াৰে সমগ্ৰ মানৱদেহৰ চিকিৎসা কৰিব পাৰি তাৰ এবিধ প্ৰক্ৰিয়া অৰ্থাৎ যি প্ৰক্ৰিয়াত ছালৰ মাধ্যমেৰে দেহৰ যিকোনো ধৰণৰ আভ্যন্তৰীণ  চিকিৎসা কৰা যায়, সেই বিষয়ে জনাইছিলো। সেই লিখাত উল্লেখ কৰা অনুসৰি এইবাৰ কিছু কথা জনাম ইন্টাৰভেনচনেল ৰেডিঅ’লজীৰ আনবিধ চিকিৎসা প্ৰক্ৰিয়াৰ বিষয়ে। এই চিকিৎসা পদ্ধতিৰ আন এক প্ৰক্ৰিয়া হৈছে ধমনী আৰু সীৰাৰ মাধ্যমেৰে বিভিন্ন অংগৰ চিকিৎসা কৰা। যাক ভাছকুলাৰ ইন্টাৰভেনচন বুলি কোৱা হয়।

ছালৰ জড়িয়তে কৰা ইন্টাৰভেনচন ৰেডিঅ’লজীৰ চিকিৎসা প্ৰক্ৰিয়াৰ দৰেই এইবিধতো আন আভ্যন্তৰীণ চিকিৎসা— যেনে যিকোনো ধৰণৰ অস্ত্ৰোপচাৰেই হওক, তাৰ তুলনাত এই চিকিৎসা প্ৰক্ৰিয়াত কটা-চিঙাৰ যন্ত্ৰণা নাই৷ লগতে ই খুব তাৎক্ষণিক বা ন্যূনতম সময় খৰছী আৰু ৰক্তক্ষৰণৰ মাত্ৰাও একেবাৰেই কম। এই চিকিৎসা ব্যৱস্থাত মানৱদেহৰ অভ্যন্তৰৰ যি অংগত কোনো সমস্যা বা ৰোগৰ সৃষ্টি হৈছে, সেই অংশলৈ বেজী বা চিৰিঞ্জেৰে ছাল বা সীৰাৰে মাজেদি তাঁ‌ৰসদৃশ মিহি পাইপ দেহৰ ভিতৰলৈ সোমোৱাই দিয়া হয়। পৰীক্ষণৰ ম’ণিটৰৰ স্ক্ৰীণত সকলো স্পষ্ট হৈ জিলিকি থাকে আৰু সেই স্ক্ৰীণৰ ছবিখনত চকু ৰাখিয়েই চিকিৎসকে নিৰ্দ্দিষ্ট অংগত প্ৰয়োজনীয় চিকিৎসা সম্পন্ন কৰে। ৰোগীজনো সম্পূৰ্ণ সজ্ঞানে থকাৰ লগতে প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ প্ৰয়োজনীয়তাও খুব কম।

এইবাৰ ভাছকুলাৰ চিকিৎসা প্ৰক্ৰিয়াৰ জৰিয়তে কৰিব পৰা কেইবিধমান ৰোগ আৰু চিকিৎসাৰ সম্পৰ্কে কিছু কথা জনাবলৈ লৈছো। ভাছকুলাৰ ইন্টাৰভেনচন চিকিৎসা প্ৰক্ৰিয়াত মানৱদেহৰ স্থানবিশেষত ধমনী বা মূখ্য কিছুমান সীৰাৰ মাধ্যমেৰে বেজী বা চিৰিঞ্জ এটাৰে খুঁ‌চি আগৰ দৰেই মিহি তাঁ‌ৰসদৃশ পাইপ ভৰাই দিয়ে। ছালৰ মাধ্যমৰ চিকিৎসা প্ৰক্ৰিয়াৰ তুলনাত ভাছকুলাৰ অৰ্থাৎ সীৰাৰ মাধ্যমেৰে কৰা চিকিৎসা প্ৰক্ৰিয়াৰ কিছু উপযোগীতা বেছি। যেনে— ধমনী বা সীৰা মানৱদেহৰ সকলো অংশতে থকাৰ বাবে নিৰ্দ্দিষ্ট এক অংশৰে দেহৰ ভিতৰত পাইপডালক ভৰাই দিয়েই ম’ণিটৰত নীৰিক্ষণ কৰি কৰিয়েই চিকিৎসকে সেই পাইপডাল দেহৰ সকলো অংগ-প্ৰত্যংগলৈ লৈ যাব পাৰে। আনকি মগজু পৰ্যন্তৰ চিকিৎসাও এই প্ৰক্ৰিয়াত সম্ভৱপৰ।

 

লগতে পঢ়ক গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?

সাধাৰণতে কৰঙনৰ আৰম্ভণিৰ দেহসংযোগী জোৰাত থকা সীৰা বা ধমনীত অথবা ডিঙিৰ মূখ্য সীৰা যাক জুগুলাৰ ভেইন বোলা হয় তাত অথবা হাতৰ মূল সীৰাৰ মাধ্যমেৰে পাইপডাল দেহৰ ভিতৰলৈ ভৰোৱা হয় আৰু যি অংগৰ চিকিৎসা কৰিব লাগে সেই অংগলৈকে লৈ যোৱা হয়। আৰু চিকিৎসাৰ ভিন্ন পদ্ধতিৰে চিকিৎসা সম্পাদন কৰা হয়। এনে কেইবিধমান চিকিৎসা পদ্ধতি হৈছে—

১. ব্ৰংকিয়েল আৰ্টেৰী এম্ব’লাইজেচন: এই চিকিৎসা প্ৰক্ৰিয়াবিধ মূলতঃ যক্ষ্মা বা টিউবাৰকুল’চিচ (টি বি)ৰ চিকিৎসাত ব্যৱহৃত হয়। যেতিয়া এজন টি বি বা যক্ষ্মাৰোগীৰ কফত তেজ বাহিৰ হ’বলৈ ধৰে, তেনে অৱস্থাত ৰোগীজনৰ হাঁওফাঁওৰ যি মূল আৰ্টেৰী বা ধমনীৰে এই তেজ বাহিৰ হৈ আছে, সেই নিৰ্দ্দিষ্ট ধমনীক নিৰ্দ্দিষ্ট স্থানতে বন্ধ কৰি দিয়া হয়। এম্ব’লাইজেচনক একপ্ৰকাৰ চীল মৰা বা বন্ধ কৰা কাৰ্য বুলিব পাৰি। এক্স-ৰেৰ জড়িয়তে হাঁওফাঁওৰ নিৰ্দ্দিষ্ট ধমনীলৈ দেহৰ কোনো মূখ্য ধমনীৰে পাইপডাল ভৰাই দিয়া হয় আৰু মণিটৰত চাই চাই সেই ৰক্তক্ষৰণ হৈ থকা ধমনীৰ নিৰ্দ্দিষ্ট অংশখিনিক কোনো লুপথুপীয়া বা আঠালেতীয়া তৰল অথবা আন কোনো উপাদানৰ সৰু-সৰু অংশৰে বন্ধ কৰি দিয়ে। যাৰফলত ৰোগীজনৰ কফত তেজ পৰা বন্ধ হয়, কফত এনেদৰে তেজ পৰাতো একপ্ৰকাৰ প্ৰাণঘাতী অৱস্থা, সেই অৱস্থাৰ পৰা উপশম পোৱাৰ পৰৱৰ্তী পৰ্যায়ত টিউবাৰকুল’চিচৰ চিকিৎসা আৰম্ভ কৰা হয়।

২. ট্ৰানজ-আৰ্টেৰিয়েল কেম’ এম্ব’লাইজেচন(TACE): এইবিধ চিকিৎসা-ব্যৱস্থাৰ লগত কেম’ (কেম’থেৰাপী)ৰ নাম যুক্ত হৈ আছে, অৰ্থাৎ কৰ্কটৰোগৰ চিকিৎসাৰে এক প্ৰক্ৰিয়া। ধৰক, এজন ৰোগীৰ লিভাৰ বা যকৃতত এটা কেন্সাৰজনিত টিউমাৰৰ সৃষ্টি হৈছে। সেই নিৰ্দ্দিষ্ট টিউমাৰটোক লিভাৰ বা যকৃতত থকা একোডাল নিৰ্দ্দিষ্ট ধমনীয়ে সাৰ-পানী যোগাই বা এক কথাত ক’বলৈ গ’লে, সেই ধমনীডালেই টিউমাৰটোক বাঢ়িবৰ বাবে প্ৰয়োজনীয় পোষক তত্বৰ যোগান ধৰে। এই চিকিৎসা প্ৰক্ৰিয়াত আগৰ দৰেই দেহৰ কোনো এক মূখ্য ধমনীৰ মাধ্যমেৰে পাইপডাল ভৰাই দি লিভাৰ বা যকৃতৰ সেই নিৰ্দ্দিষ্ট ধমনীডালৰে কেন্সাৰজনিত টিউমাৰটোৰ ভিতৰত কেম’থেৰাপীত প্ৰয়োগ কৰা দৰৱ ভৰাই দি সেই নিৰ্দ্দিষ্ট টিউমাৰ-পোষক ধমনীডালক এম্ব’লাইজ অৰ্থাৎ বন্ধ কৰি দিয়া হয়। ফলস্বৰূপে টিউমাৰটোৰ বৃদ্ধি বন্ধ হোৱাৰ লগতেই কেম’থেৰাপীৰ দৰৱো বাহিৰৰ আন কোনো অংশলৈ যাব নোৱাৰাকৈ টিউমাৰটোতেই আৱদ্ধ হৈ পৰে।

৩. দূৰ্ঘটনাগ্ৰস্ত হৈ যকৃত, প্লীহা অথবা বৃক্কত হোৱা আঘাতৰ এম্ব’লাইজেচন: সাধাৰণতে কেতিয়াবা কোনোধৰণৰ দুৰ্ঘটনা আদিত পতিত হোৱাৰ ফলত কাৰোবাৰ যকৃত, প্লীহা অথবা বৃক্ক আঘাতপ্ৰাপ্ত হয় আৰু আঘাতপ্ৰাপ্ত স্থানৰ পৰা ৰক্তক্ষৰণ হ’বলৈ ধৰে। এনেদৰে হোৱা দেহৰ আভ্যন্তৰীণ ৰক্তক্ষৰণ প্ৰাণঘাতী হ’ব পাৰে। এনে অৱস্থাত পূৰ্বে উল্লেখ কৰা প্ৰক্ৰিয়াৰেই ধমনীৰ মাধ্যমেৰে মিহি পাইপডাল দেহৰ ভিতৰৰ সেই নিৰ্দ্দিষ্ট আঘাতপ্ৰাপ্ত অংশলৈকে ভৰাই দি সেই ৰক্তক্ষৰণ হোৱা স্থান বন্ধ কৰিব পাৰে। অৰ্থাৎ ৰক্তক্ষৰণ হৈ থকা স্থানৰ নিৰ্দ্দিষ্ট ধমনীৰ অংশক কইল (এবিধ এম্ব’লাইজ কৰা পদাৰ্থ) আৰু অন্যান্য ক্ষুদ্ৰ অংশ বা উপাদানৰ সহায়েৰে বন্ধ কৰি দিব পাৰে। যাৰফলত ৰক্তক্ষৰণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

৪. চুৱেদ’এন্যুৰিজিম: দেহৰ যিকোনো অংগৰে কোনো এক মূখ্য ধমনীৰ বেৰখন কেতিয়াবা কোনো কাৰণবশতঃ আঘাতপ্ৰাপ্ত হয়। তেতিয়া ধমনীৰ বেৰখন পাতল হৈ বেলুনৰ দৰে ফুলি যায়। এনে অৱস্থাত ধমনীডাল সময়ত হঠাৎ ফাটি যাবও পাৰে। ইয়াৰ ফলত ৰক্তক্ষৰণৰ লগতে ই প্ৰাণঘাতীও হ’ব পাৰে। এনে অৱস্থাত পূৰ্বে উল্লিখিত ধৰণেই কৰঙনৰ জোৰাৰ অংশৰ মূখ্য ধমনীৰে মিহি পাইপডাল নিৰ্দ্দিষ্ট অংগলৈকে ভৰাই সেই নিৰ্দ্দিষ্ট আঘাতপ্ৰাপ্ত ধমনীৰ বেৰখনৰ এম্ব’লাইজেচন কৰে। অৰ্থাৎ সেই ধমনীৰ বেৰখনৰ এম্ব’লাইজেচন কৰে।

 

লগতে পঢ়ক পত্নীক সদায় নিশা নিশা অত্যাচাৰ স্বামীৰ! স্বামীক কুঠাৰেৰ ঘপিয়াই থানা পালাগৈ পত্নী

৫. পেনক্ৰিয়াটাইটিছ বা অগ্নাশয়ৰ ভিন্ন ৰোগত কৰা ভাছকুলাৰ এম্ব’লাইজেচন: পেনক্ৰিয়াটাইটিছ বা অগ্নাশয়ত কেতিয়াবা টিউমাৰ অথবা পেনক্ৰিয়াটিক কেন্সাৰ অথবা অগ্নাশয়ৰ কৰ্কটৰোগ হয়। এনে অৱস্থাত কেতিয়াবা এই টিউমাৰৰ আকাৰ বেছ ডাঙৰ হোৱাও দেখা যায়। এনেধৰণৰ জটিল অস্ত্ৰোপচাৰৰ পিছত কেতিয়াবা অগ্নাশয়ৰ যিকোনো অংশৰে পৰাই ৰক্তক্ষৰণ হ’ব পাৰে। লগতে অগ্নাশয়ত কেতিয়াবা অগ্নাশয়ৰ ধমনীৰ বেৰখনো আঘাতপ্ৰাপ্ত হৈ পাতল বা তাতো তেজ মৰি জমা হ’ব পাৰে। অগ্নাশয়ৰ এই ভাছকুলাৰ কমপ্লিকেচনৰ অৱস্থাত আৰু এবাৰ এটা ইমান জটিল অস্ত্ৰোপচাৰ হৈ যোৱাৰ পিছত পুনৰাই সেই ৰক্তক্ষৰণ বন্ধ কৰিবৰ বাবে বা ধমনীৰ বাবে অস্ত্ৰোপচাৰ কৰা সম্ভৱ নহয়। এই দুই অৱস্থাত ভাছকুলাৰ ইন্টাৰভেনচন চিকিৎসা প্ৰক্ৰিয়াৰ দ্বাৰা অগ্নাশয়ত এম্ব’লাইজেচন কৰি অগ্নাশয়ৰ ৰক্তক্ষৰণ বন্ধ কৰাৰ লগতে ইতিপূৰ্বে উল্লেখ কৰা  আৰ্টেৰী চুৱেদ’এন্যুৰিজিমৰ দৰেই ধমনীৰ বেৰখনৰো এম্ব’লাইজেচন কৰি বন্ধ কৰি দিয়া হয়।

৬. বৃক্কৰ ৰোগৰ ডায়েলাইছিচত অহা জটিলতাৰ চিকিৎসা: বৃক্কৰ বিভিন্ন ধৰণৰ ৰোগত, বিশেষকৈ ক্ৰ’নিক কিডনী ডিজিজ (CKD)ৰ ফলত যেতিয়া বৃক্কই নিজে নিজৰ কাম কৰিব নোৱাৰা হয়, তেতিয়া ডায়েলাইছিছ নামৰ দেহৰ এক ৰক্ত পৰিশোধন চিকিৎসা প্ৰক্ৰিয়া কৰিব লগা হয়। আৰু এই ডায়েলাইছিছ দীৰ্ঘসময়ৰ বাবে কৰা এক চিকিৎসা প্ৰক্ৰিয়া বাবে ডায়েলাইছিছ কৰাৰ আগতে হাতৰ মূখ্য সীৰা আৰু সীৰাৰ মাজত এক সংযোগ স্থাপন কৰিব লগা হয়। এই সংযোগী অংশ ‘এ ভি ফিষ্টুলা’ বুলি কোৱা হয়। তেজ পৰিবহন কৰা এই ফিষ্টুলাটো কেতিয়াবা হঠাতে ঠেক হৈ পৰিব পাৰে, পৰিলে তেজ পৰিবহনত সমস্যা হোৱাৰ লগতে ডায়েলাইছিছো সম্ভৱপৰ নহয়। আৰু কেতিয়াবা এনে ৰোগীৰ ডায়েলাইছিছ দীৰ্ঘকাল চলি থকা অৱস্থাৰ হৃদপিণ্ডলৈ যোৱা মুখ্য সীৰাও একেদৰেই ঠেক (ষ্টেন’ছিচ) হৈ পৰিব পাৰে। দুয়োটা অৱস্থাই ৰোগীৰ বাবে জটিল। ফিষ্টুলাৰ ঠেক অংশ বহল বা মুকলি কৰি ৰাখিবৰ বাবে ফিষ্টুলাৰ সেই অংশত পূৰ্বৰ লিখাত উল্লেখ কৰা বেলুনপ্লাষ্টি অৰ্থাৎ তেনেই সৰু বেলুনৰ দৰে এক অংশ নিৰ্দ্দিষ্ট ধমনী বা সীৰাৰ মাজেৰে যাবলগা মিহি পাইপডালৰ ঠিক আগত লগাই সেই ঠেক হোৱা ঠাইখিনিলৈ ভৰাই দি তাত বেলুনটো এক মাত্ৰাত ফুলাই দিয়া হয় যাতে বেলুনত প্ৰসাৰিত আকাৰে ফিষ্টুলা আৰু ধমনীৰ ঠেক হৈ পৰা অংশ বহলাই তুলিব পাৰে। এনেদৰেই ফিষ্টুলাপ্লাষ্টি বা বেলুনপ্লাষ্টিৰ মাধ্যমেৰে ফিষ্টুলা আৰু হৃদপিণ্ডৰ মূখ্য ধমনী দুয়োটাৰেই সহজ চিকিৎসা সম্ভৱ হৈ পৰে।

৭. ট্ৰান্সজুগুলাৰ ইন্টাৰ হেপাটিক প’ট’মিক শ্বান্ট (পৰ্টেল সীৰাৰ উচ্চৰক্তচাপৰ চিকিৎসা): আমাৰ দেহৰ প’ৰ্টেল সীৰা ব্যৱস্থাৰ মুখ্য সীৰা-প’ৰ্টেল সীৰা, যিয়ে খাদ্যতন্ত্ৰ, পিত্তথলী, যকৃত, অগ্নাশয় আৰু নাভীৰ পৰা তেজ পৰিবাহিত কৰা কাৰ্য কৰে সেই সীৰাত কেতিয়াবা বিভিন্ন ৰোগৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। এই বৰ্দ্ধিত ৰক্তচাপৰ মাত্ৰা কমাবৰ বাবে প’ৰ্টেল সীৰাৰ কাষতে থকা আন এক তেজ পৰিবাহী সীৰা আৰু প’ৰ্টেল সীৰাৰ মাজত এডাল টিউব আকৃতিৰ সঁ‌জুলি (ষ্টেন্ট) লগাই দিয়া হয়। ডিঙিৰ মূখ্য সীৰাৰে পূৰ্বে উল্লিখিত প্ৰক্ৰিয়াৰ দৰেই পাইপডালৰ আগত টিউব লগাই, ভৰাই নি ভিতৰত নিৰ্দ্দিষ্ট স্থানত সংযুক্ত কৰি দিয়ে। ইয়াৰ ফলত প’ৰ্টেল সীৰাৰ উচ্চৰক্তচাপ কম হ’বলৈ ধৰে।

৮. থ্ৰ’ম্ব২এস্পিৰছন: বহু সময়ত দেহৰ ভিন্ন সীৰা বা ধমনীত তেজ মৰি বা গোট মাৰি চোকোৰাৰ দৰে হৈ জমা হয়। যাৰফলত, দেহৰ বিভিন্ন অংশলৈ স্বাভাৱিক তেজ চলাচলৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰে। আৰু ইয়াৰ চিকিৎসা কৰা হয় সেই নিৰ্দ্দিষ্ট সীৰা বা ধমনীলৈ পাইপডাল ভৰাই গোট মৰা তেজৰ অংশবোৰ আতৰাই ধমনী মুকলি কৰি৷ প্ৰয়োজন সাপেক্ষে ধমনীৰ এম্ব’লাইজেচন বা ধমনীডাল ঠেক হৈ পৰিলে তাৰ ষ্টেন্ট লগাই দিব পাৰে। যাৰ ফলত ধমনীডাল স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। সময়ত দেহৰ ভিন্ন সীৰা বা ধমনীত তেজ মৰি বা গোট মাৰি চোকোৰাৰ দৰে হৈ জমা হয়। যাৰফলত, দেহৰ বিভিন্ন অংশলৈ স্বাভাৱিক তেজ চলাচলৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰে। আৰু ইয়াৰ চিকিৎসা কৰা হয়, সেই নিৰ্দ্দিষ্ট সীৰা বা ধমনীলৈ পাইপডাল ভৰাই গোট মৰা তেজৰ অংশবোৰ আতৰাই ধমনী মুকলি কৰি প্ৰয়োজন সাপেক্ষে ধমনীৰ এম্ব’লাইজেচন বা ধমনীডাল ঠেক হৈ পৰিলে তাৰ ষ্টেন্ট লগাই দিব পাৰে। যাৰ ফলত ধমনীডাল স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

৯. ভেৰিক’ছ ভেইন বা সীৰাৰ চিকিৎসা: ভেৰিক’ছ ভেইন বা সীৰা হৈছে আমাৰ দেহত অতিৰিক্ত আৰু অপ্ৰয়োজনীয়ভাৱে বাঢ়ি অহা বা সৃষ্টি হোৱা সীৰা৷ সাধাৰণতে ভৰি আদিত এনেদৰে ফুলি দেখাত স্পষ্ট হৈ পৰে এনেবোৰ সীৰা। এনেদৰে অপ্ৰয়োজনীয়ভাৱে বাঢ়ি অহা সীৰাবোৰৰ চিকিৎসাও ইন্টাৰভেনচন ৰেডিঅ’লজিৰ মাধ্যমেৰে সম্ভৱ। এই প্ৰক্ৰিয়াত নিৰ্দ্দিষ্ট সেই বাঢ়ি অহা সীৰাবিলাক এম্ব’লাইজ কৰি দিয়া হয়, অৰ্থাৎ বন্ধ কৰি দিয়া হয়।

 

লেখক:- এম ডি, এছ আৰ (পি জি আই এম ই আৰ) ৰেডিঅ’লজী, কনচালটেন্ট ৰেডিঅ’লজিষ্ট, গুৱাহাটী মেট্ৰ’ হস্পিটেল, চিকিৎসকৰ, ফ’ন-৮০১১৯৪৬৯৪৬

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tipsRadiology Treatment
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
কি নাৰকীয় কাণ্ড! যৌনদাসীক ভাতৰ সৈতে খুৱালে নিজৰে এবছৰীয়া সন্তানৰ মাংস

কি নাৰকীয় কাণ্ড! যৌনদাসীক ভাতৰ সৈতে খুৱালে নিজৰে এবছৰীয়া সন্তানৰ মাংস

পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.