অসম লাইভ২৪ঃ ১৫০ বছৰ পুৰণি হিন্দু মন্দিৰ ধ্বংস কৰি দিয়া হ’ল পাকিস্তানত। পাকিস্তানত সংখ্যালঘু হিন্দুসকলৰ বিৰুদ্ধে বাৰে বাৰে আক্ৰমণাত্মক হৈ উঠে একাংশ দুৰ্বৃত্ত। বাৰে বাৰেই আক্ৰমণৰ লক্ষ্য হৈ পৰে পাকিস্তানৰ হিন্দুসকল। শেহতীয়াভাৱে কৰাচীত পুনৰ ভাঙি পেলোৱা হ’ল এটা শতবৰ্ষ গৰকা হিন্দু মন্দিৰ। মন্দিৰ ভাঙি পেলোৱাৰ সময়ত আচৰিতধৰণে দুৰ্বৃত্তক ৰক্ষণাবেক্ষণ দিলে পাকিস্তানী আৰক্ষীয়ে। নিশাৰ ভাগতেই এই কাণ্ড সংঘটিত কৰিছে দুৰ্বৃত্তই। মন্দিৰৰ পুৰোহিত পুৱা মন্দিৰত উপাসনাৰ বাবে উপস্থিত হোৱাৰ পাছতেই মন্দিৰ ধ্বংসৰ ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত। কৰাচীৰ সৈনিক বজাৰত আছিল এই বিশেষ মন্দিৰটো। মৰী মাতা মন্দিৰ ধ্বংসৰ পাছতেই পুনৰবাৰ উত্থাপিত হৈছে পাকিস্তানত বাস কৰা হিন্দুৰ সুৰক্ষাৰ প্ৰশ্ন।
আৰক্ষীৰ উচটনিতেই এই মন্দিৰ ভাঙিলে নেকি দুৰ্বৃত্তই?
শুকুৰবাৰে নিশাই এই ঘটনা সংঘটিত কৰিছে দুৰ্বৃত্তই। নিশা অঞ্চলটোত বিদ্যুৎ সংযোগ কাটি দিয়া হৈছিল। আন্ধাৰৰ সুযোগ লৈয়েই মন্দিৰটো ধ্বংস কৰিছিল দুৰ্বৃত্তই। নিশাই ঘৰ ভঙা বুলডোজাৰসহিতে সেই অঞ্চলত কেইবাবিধো ঘৰ ভঙা যন্ত্ৰ উপস্থিত হয় একাংশ দুৰ্বৃত্ত। মন্দিৰৰ গেটখন অক্ষত অৱস্থাত ৰাখি ভাঙি পেলোৱা হয় মূল মন্দিৰটো। মন্দিৰটো ভাঙি থকাৰ সময়তেই তাত আৰক্ষীৰ বাহনো উপস্থিত আছিল বুলি জনাইছে স্থানীয় লোকে।
আৰক্ষী চকীৰ কাষতেই আছিল এই মন্দিৰটো
কৰাচীৰ মাৰী মাতা মন্দিৰটো চোহিত্ৰম ৰোডত অৱস্থিত। এই মন্দিৰৰ কাষতেই আছিল এখন আৰক্ষী চকী। আৰক্ষী চকিৰ পূৰ্বেই এই মন্দিৰ নিৰ্মিত হৈছিল নে সেই কথা স্পষ্টকৈ জনা নাযায় যদিও মন্দিৰ নিৰ্মাণ হৈছিল প্ৰায় ১৫০ বছৰ আগত। ৪০০ৰ পৰা ৫০০ বৰ্গফুট এলেকাজুৰি এই মন্দিৰ বিস্তৃত। বহুবাৰ এই মন্দিৰৰ মাটি বেদখলৰ চেষ্টা দুৰ্বৃত্তই চলাই আহিছিল যদিও সফল হোৱা নাছিল।
এলেকাটোত আছিল মাদ্ৰাছী সম্প্ৰদায়ৰ লোক
ৰাম নাথ মিশ্ৰ মহাৰাজ নামৰ লোকজনে জনোৱা অনুসৰি মৰী মাতা মন্দিৰ কৰাচীৰ চোৱাচিতা কৰিছিল মাদ্ৰাছী হিন্দু সমাজে। মন্দিৰটো খুবেই পুৰণি বাবে আন্তগাঁঠনিও কিছু দুৰ্বল হৈ পৰিছিল। যিকোনো সময়তে মন্দিৰটো খহি পৰাৰ আশংকা কৰি বহু সামগ্ৰীও খালি কৰি দিয়া হৈছিল মন্দিৰটোৰ পৰা। মন্দিৰৰ পুনঃনিৰ্মাণ কৰা হ’ব বুলি প্রশাসনে জনোৱাৰ বাবেই বহু সামগ্ৰী মন্দিৰটোৰ পৰা খালীও কৰিছিল মন্দিৰ পৰিচালনা সমিতিয়ে। কিন্তু শেহতীয়াকৈ দুৰ্বৃত্তই মন্দিৰটো ভাঙি পেলোৱাত খুবেই দুখী হৈ পৰিছে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল।
মন্দিৰৰ মাটি বেদখল কৰাৰ বাবেই এই সিদ্ধান্ত নেকি?
মন্দিৰ পৰিচালনা সমিতিৰ এজন লোকৰ মত, ‘আমাক জোৰকৈ মন্দিৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। আমাক মন্দিৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল মৰাণ হাছমী আৰু নাগিন বাই নামৰ দুগৰাকীকৈ লোকে। তেওঁলোকে কৈছিল যে এই মন্দিৰ ৭০ মিলিয়ন পাকিস্তানী টকাৰে এই মন্দিৰ বিক্ৰি কৰা হৈছে। যিয়ে এই মাটি ক্ৰয় কৰিছে তেওঁলোকে এই স্থানত কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ