৩ স্থান নিৰ্বাচন কৰিছিল আক্ৰমণৰ বাবে, কিন্তু শেষত কিয় পেহেলগামত কৰিলে কাণ্ড
বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণে দেশক জোকাৰি যোৱাই নহয়, নিৰাপত্তা বাহিনীৰ বাবেও চোৰাংচোৱা তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰৰ মতে, চাৰিটা সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ স্থানীয় সহযোগী (OGW)ৰ দীৰ্ঘ পৰিকল্পিত কৌশলৰ অংশ। এই ৪ জন সন্ত্ৰাসবাদীৰ ভিতৰত দুজন আছিল পাকিস্তানী, নাম মুছা আৰু আলী।
সূত্ৰৰ পৰা জানিব পৰা মতে, স্থানীয় যোগাযোগৰ সহযোগত ১৫ এপ্ৰিলতেই পেহেলগামত উপস্থিত হৈছিল সন্ত্ৰাসবাদী কেইটা। ইয়াৰ পিছত দলটোৱে অঞ্চলটোৰ বহু স্পৰ্শকাতৰ ঠাইৰ পৰিদৰ্শন কৰিছিল। তেওঁলোকৰ লক্ষ্য আছিল সৰ্বাধিক ক্ষতিসাধন কৰা আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰা।
আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চল সন্ধান চলাইছিল। ইয়াৰে প্ৰথম নাম- আৰো উপত্যকা। কিন্তু আৰো উপত্যকাত নিৰাপত্তা বাহিনীৰ শিবিৰ থকাৰ বাবে সন্ত্ৰাসবাদীয়ে নাকচ কৰে।
দ্বিতীয়স্থান আছিল এখন বিনোদন পাৰ্ক, যিখন আৰো উপত্যকাৰ ওচৰত অৱস্থিত। কিন্তু সন্ত্ৰাসবাদীয়ে সেই ঠাইয়ো কম লোকৰ সমাগম হোৱৰ বাবে বিকল্প এৰে। সন্ত্ৰাসবাদীয়ে অমৰনাথ যাত্ৰা পথত অৱস্থিত বেতাব উপত্যকাকো লক্ষ্য কৰি আক্ৰমণ কৰিব বিচাৰিছিল। ইয়াত উপস্থিত থকা লোকৰ ভিৰ আছিল যদিও অতিৰিক্ত নিৰাপত্তা বাহিনীৰ উপস্থিতিয়ে সন্ত্ৰাসবাদীক পিছুৱাই যাবলৈ বাধ্য কৰে।
শেষত জম্মু-কাশ্মীৰৰ পেহেলগামত অৱস্থিত হৈছিল আক্ৰমণকাৰী। বৈছাৰণ উপত্যকা পৰ্যটকৰ হটস্পট, কিন্তু অমৰনাথ যাত্ৰা ট্ৰেকৰ পৰা অলপ পৃথক। আক্ৰমণৰ বাবে এই ঠাইখন বাছি লৈছিল সন্ত্ৰাসবাদীয়ে। ১৯ এপ্ৰিলত চোৰাংচোৱাগিৰি চলোৱা হয় ঠাইৰ, তাৰ পিছত ২২ এপ্ৰিলৰ দুপৰীয়া আক্ৰমণ কৰি ২৬ জন নিৰীহ লোকৰ প্ৰাণ কাঢ়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















