অসম লাইভ২৪ঃ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ এখন চহৰ হৈছে লাহোৰ। প্ৰতিবেশী দেশৰ এই বিখ্যাত চহৰৰ নাম হয়তো আপুনিও একাধিকবাৰ শুনিছে। মছজিদ, গুৰুদ্বাৰ হওক নতুবা কাৱালি সংগীতেৰে লাহোৰৰ খ্যাতি বিশ্বজোৰা। লাহোৰ হ’ল পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰাজধানী আৰু কৰাচীৰ পাছতেই দেশৰ দ্বিতীয় বৃহত্তম চহৰ। ইয়াৰোপৰি লাহোৰ হৈছে বিশ্বৰ ২৬তম বৃহত্তম চহৰ। ১৯৪৭ চনত ভাৰত-পাকিস্তানৰ বিভক্তিৰ সময়ত এই চহৰখন পাকিস্তানৰ সীমান্তলৈ যায়গৈ। কিন্তু এই চহৰৰ সৈতে বহু ভাৰতীয়ৰেই আত্মীক আৰু গভীৰ সম্পৰ্ক আছে। দেশৰ বহু প্ৰখ্যাত ব্যক্তিয়েই এই লাহোৰ চহৰত জন্মগ্ৰহণ কৰিছিল। এতিয়াও তেনে বহু প্ৰখ্যাত ব্যক্তিৰ পূৰ্বপুৰুষ লাহোৰতেই আছে।
কিন্তু এই চহৰ কোন ৰজাৰ দিনত গঢ়ি উঠিছিল সেই কথা আজিও বহুতে নাজানে। এই চহৰৰ সৈতে যুক্ত হৈ আছে কেইবাটাও পৌৰাণিক কাহিনী। এই লাহোৰ চহৰত পোনতে বসতি স্থাপন কৰিছিল শ্ৰী ৰামৰ পুত্ৰ লবই। হিন্দু ধৰ্মাৱলম্বীৰ বিশ্বাস অনুসৰি লাহোৰ নামটো আহিছে লবপুৰীৰ পৰা। এই চহৰ প্ৰতিষ্ঠা কৰিছে শ্ৰী ৰামৰ পুত্ৰ লবই। কথিত যে, ভগৱান ৰামে যেতিয়া বানপ্ৰস্থ যোৱাৰ সিদ্ধান্ত লৈছিল তেতিয়া তেওঁ নিজৰ ৰাজ্য তেওঁৰ দুই পুত্ৰ লব আৰু কুশৰ হাতত হস্তান্তৰ কৰে। ভগৱান শ্ৰী ৰামে কুশক দক্ষিণ কোশল, কুশস্থলী(কুশাবতী) ৰাজ্য আৰু অযোধ্যাৰ দায়িত্ব আনহাতে লবক পঞ্জাৱৰ দায়িত্ব দিয়ে। পঞ্জাৱ প্ৰদেশৰ লবপুৰীক তেওঁৰ ৰাজধানী বুলি ঘোষণা কৰে লবই। এই লবপুৰীয়ে এতিয়া লাহোৰ নামেৰে বিখ্যাত। এই প্ৰবাদ মুখে মুখে প্ৰচলিত হ’লেও মহৰ্ষি বাল্মীকিৰ ৰামায়ণত অৱশ্যে এই বিষয়ে কোনো কথা উল্লেখ নাই।
লাহোৰ দুৰ্গৰ ভিতৰত নিৰ্মিত হৈছিল লব মন্দিৰ
পাকিস্তানত লবৰ নামেৰে এটা মন্দিৰো আছে। এই মন্দিৰৰ নাম হৈছে লব মন্দিৰ। এই মন্দিৰটো লাহোৰ দুৰ্গৰ ভিতৰত অৱস্থিত। কথিত যে, এই মন্দিৰ যি সময়ত নিৰ্মাণ কৰা হৈছিল তেতিয়া পঞ্জাৱ আছিল শিখসকলৰ সাম্ৰাজ্য। এই মন্দিৰো বৰ্তমান অপৰিত্যক্ত অৱস্থাত আছে। কুশাবতী যি লবৰ ভাতৃ কুশৰ দ্বাৰা শাসিত ৰাজ্য আছিল বৰ্তমান সেই স্থান পঞ্জাৱৰ কাছুৰ জিলাত আছে।
লাহোৰ আৰ্য সমাজৰ দুৰ্গ
হিন্দু, মুঘল, শিখ, পাঠান আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ মিশ্ৰ সংস্কৃতিৰ প্ৰভাৱ লাহোৰত স্পষ্ট। এই সময়ত এয়া আছিল আৰ্য সমাজৰ দুৰ্গ। ইয়াৰ পৰাই সংস্কৃত গ্ৰন্থ প্ৰকাশিত হৈছিল আৰু সংস্কৃতৰ প্ৰচাৰো হৈছিল। পাকিস্তানৰ কাছুৰ চহৰখনৰ নাম কুশৰ নামেৰে জনা যায়। এই চহৰখন লাহোৰৰ পৰা প্ৰায় ৫৩ কিঃমিঃ দূৰত অৱস্থিত। ইতিহাস অনুসৰি, এই চহৰ প্ৰতিষ্ঠা হৈছিল ১৫২৫ চনত। কাছুৰ চহৰখনৰ সিন্ধু উপত্যকাৰ সময়ত গঢ়ি উঠিছিল।
লাহোৰ প্ৰতিষ্ঠা হৈছিল ৪০০০ বছৰ পূৰ্বে
লাহোৰ প্ৰতিষ্ঠা হৈছিল প্ৰায় ৪০০০ বছৰ পূৰ্বেই। আৰৱ আগ্ৰাসনৰ পূৰ্বে বহুতেই ডাঙৰ ডাঙৰ হিন্দু আৰু বৌদ্ধ শাসক ইয়ালৈ আহিছিল? জনা যায় যে, টিব্বি বজাৰ লাহোৰৰ এটা অত্যন্ত জনবহুল এলেকা। এই স্থানৰ মাজত এটা প্ৰাচীন শিৱ মন্দিৰো আছে। যাব টিব্বিৱালা শিৱালয় বুলি কোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















