অসম লাইভ ২৪ঃ ২০০ কেজি সোণেৰে নিৰ্মাণ বিশ্বৰ সৰ্ববৃহৎ কোৰাণ৷ পাকিস্তানী শিল্পী ছাহিদ ৰাছমে নিৰ্মাণ কৰি আছে কোৰাণখন। ২০০ কৰ্মী নিয়োজিত হৈছে কোৰাণ লিখি উলিওৱাত৷ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ। ২০১৭ চনতেই কাৰাছী আৰ্ট কাউন্সিলৰ অধীনত আৰম্ভ কৰা এই কোৰাণ নিৰ্মাণ কৰা প্ৰক্ৰিয়াত নিয়োজিত হৈ আছে ২০০ জন কৰ্মী। ৮.৫ ফুট দৈৰ্ঘৰ কোৰাণখনৰ প্ৰস্থ হৈছে ৬.৫ ফুট। ডুবাইত নিৰ্মাণ হৈ থকা কোৰাণখনত ২০০ কেজি সোণ আৰু ২ হাজাৰ কেজি এলুমিনিয়াম ব্যৱহাৰ কৰা হৈছে। ৮০ হাজাৰ শব্দৰ কোৰাণখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৫৫০ পৃষ্ঠা। ইয়াৰে প্ৰতিখিলা পাতত ১৫০টাকৈ শব্দ ভৰোৱা হৈছে। ডুবাইৰ বাণিজ্যিক মেলাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ’ব বিশ্বৰ সৰ্ববৃহৎ কোৰাণখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ