অসম লাইভ ২৪ঃ মিনি দিছপুৰলৈ পৰিণত হৈছে মৰিয়নি৷ মন্ত্ৰী-বিধায়ক-সাংসদৰ ভিৰ মৰিয়নিত৷ ৰূপজ্যোতি কুৰ্মীক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ লক্ষ্য৷ মৰিয়নিবাসীৰ বাবে পৰিচিত ৰূপজ্যোতি কুৰ্মী এইবাৰ বেলেগ ৰূপত৷ পূৰ্বৰ কংগ্ৰেছী ৰূপজ্যোতি কুৰ্মী এইবাৰ গেৰুৱা হৈ ভোট বিচাৰিছে মৰিয়নিবাসীৰ৷ বিজেপিয়েও প্ৰথমবাৰৰ বাবে মৰিয়নি দখল কৰাৰ বাবে তৎপৰ হৈছে৷ উবুৰি খাই পৰিছে গেৰুৱা দলৰ জ্যেষ্ঠ নেতাৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক-সাংসদ৷ দিনে-নিশাই চলাইছে প্ৰচাৰ অভিযান৷ মৰিয়নিত কিয় ভিৰ কৰিছে বিজেপি নেতাই? কাৰণ, কংগ্ৰেছৰ সভাত মানুহ নহয়, সেইবাবে নাহে কংগ্ৰেছ নেতা৷ ৰাইজৰ দল যুদ্ধক্ষেত্ৰ এৰি পলালেই৷ সাংসদ তপন গগৈৰ দাবী ৰূপজ্যোতিৰ জয় হ’লেই, কেৱল আনুষ্ঠানিকতাহে বাকী৷ ৰূপজ্যোতি কুৰ্মীক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ যি লক্ষ্য বিজেপিয়ে নিৰ্ধাৰণ কৰিছে, সেই লক্ষ্যত উপনীত হ’ব পাৰিবনে! মৰিয়নিবাসীয়ে হিয়া উজাৰি সমৰ্থন দিবনে ৰূপজ্যোতিক!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ