২৮ আগষ্টৰ পৰা আৰম্ভ হ’ব পেৰিছ পেৰালিম্পিক ২০২৪। এইবাৰ পেৰিছ পেৰালিম্পিকত বিশ্বৰ প্ৰায় ৪৪০০ খেলুৱৈয়ে ২২খন খেলত অংশগ্ৰহণ কৰিব। এইবাৰ ভাৰতৰ পৰা ৮৪ গৰাকী পেৰা এথলীটে পেৰালিম্পিকত অংশগ্ৰহণ কৰিছে। ভাৰতৰ এই পৰ্যন্ত সৰ্ববৃহৎ দল বুলি স্বীকৃতি লাভ কৰিছে এই দলে৷ দলটোত আছে আৰ্চাৰীৰ শীতল দেৱীও। এই পেৰালিম্পিকত পদক লাভৰ অন্যতম প্ৰতিদ্বন্দ্বী শীতল দেৱী৷ ভাৰতীয় পেৰা আৰ্চাৰী খেলুৱৈ শীতল দেৱীৰ এই যাত্ৰাৰ আঁৰত আছে বহু সংগ্ৰামৰ কাহিনী৷
শীতল দেৱী কোন?
পেৰা অলিম্পিকত ভাগ ল’বলৈ অহা প্ৰত্যেকজন খেলুৱৈৰে আছে একোটাকৈ কাহিনী৷ এই সকলোবোৰ কাহিনীৰ ভিতৰত আটাইতকৈ ট্ৰেজিক কাহিনীয়ে হৈছে ভাৰতীয় পেৰা-আৰ্চাৰ শীতল দেৱীৰ কাহিনী। ২০০৭ চনত জন্মগ্ৰহণ কৰিয়েই ফ’ক’মেলিয়া নামৰ এক বিৰল জন্মগত ৰোগত আক্ৰান্ত হয় শীতল দেৱী৷ এই জন্মগত ৰোগৰ বাবেই তেওঁৰ দুয়োখন হাত সম্পূৰ্ণৰূপে বিকশিত হ’ব নোৱাৰিলে৷ শাৰীৰিক প্ৰত্যাহ্বানৰ মাজতো শীতল দেৱী ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিল। শৈশৱত তেওঁ গছত উঠি ভাল পাইছিল। ইয়াৰ বাবেই তেওঁৰ শৰীৰৰ ওপৰৰ অংশটো বহু শক্তিশালী হৈ পৰিছিল।
ভাৰতীয় সেনাই সলনি কৰিলে জীৱন
২০২১ চনত জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত আয়োজন কৰা এক অনুষ্ঠানৰ সময়ত ভাৰতীয় সেনাই শীতল দেৱীক আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত তেওঁক পেৰা আৰ্চাৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ হ’ল। প্ৰাৰম্ভিক প্ৰচেষ্টাত ব্যৰ্থ হৈছিল প্ৰশিক্ষকসকল। ইয়াৰ পিছত প্ৰশিক্ষকসকলে কৃত্ৰিম অংগৰ সহায় লৈছিল যদিও এনেকৈয়ো শীতলে আশাকৰামতে ফল দেখুৱাব পৰা নাছিল৷ প্ৰশিক্ষকে আশা এৰি দিয়া নাছিল৷ তেওঁলোকে গৱেষণাৰ অন্তত মেট ষ্টুটজমেনৰ বিষয়ে জানিব পাৰিলে। তেওঁৰো হাত নাছিল যদিও তেওঁ ধনুৰ্বিদ আছিল। লণ্ডন ২০১২ পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰিছিল মেট ষ্টুটজমেনে। ইয়াৰ পিছত শীতল দেৱীয়ে কেৱল ভৰিৰে ধনুৰ্বিদ্যা আৰম্ভ কৰে। চেষ্টাৰ অন্তত শীতলে চকী এখনত বহি, ভৰিৰে ধনুখন তুলি লয়, তাৰ পিছত সোঁ কান্ধৰ পৰা ডোঙাডাল টানি শক্তিৰে কাঁড়ডাল এৰি দিয়ে।
প্ৰথম প্ৰতিযোগিতাত ভাল ফলাফল
পেৰা আৰ্চাৰীৰ কিংবদন্তি ষ্টুটজমেনৰ দৰে ভৰি ব্যৱহাৰ কৰি শীতল দেৱীয়ে ২০২২ চনৰ মাৰ্চ-এপ্ৰিল মাহত হাৰিয়ানাত অনুষ্ঠিত হোৱা পেৰা আৰ্চাৰী ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত ভাৰতীয় পেৰা আৰ্চাৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। তেওঁৰ প্ৰথমখন প্ৰতিযোগিতাতেই সকলোকে আপ্লুত কৰিছিল।
ৰেংকিঙত প্ৰথম স্থান লাভ কৰে
ইয়াৰ পিছত তেওঁ ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও এছিয়ান পেৰা গেমছত তেওঁ দুটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰে। উজ্জ্বল প্ৰদৰ্শনৰ ভিত্তিত শীতলে পেৰা কম্পাউণ্ড আৰ্চাৰৰ ৰেংকিঙত ১ নম্বৰ স্থান লাভ কৰিছে৷
শীতল দেৱীৰ পদক আৰু কৃতিত্ব
- বিশ্ব আৰ্চাৰী পেৰা চেম্পিয়নশ্বিপ ২০২৩ ৰূপৰ পদক – মহিলাৰ ব্যক্তিগত কম্পাউণ্ড মুকলি আৰ্চাৰী
- এছিয়ান পেৰা গেমছ ২০২৩ সোণৰ পদক – মহিলাৰ ব্যক্তিগত চৌহদ মুকলি ধনুৰ্বিদ
- এছিয়ান পেৰা গেমছ ২০২৩ সোণৰ পদক – মিক্সড ডাবলছ কম্পাউণ্ড মুকলি ধনুৰ্বিদ
- এছিয়ান পেৰা গেমছ ২০২৩ ৰূপৰ পদক – মহিলা ডাবলছ কম্পাউণ্ড মুকলি ধনুৰ্বিদ
- ২০২৩ চনত মুকলি শিতানত বিশ্বৰ ১ নম্বৰ মহিলা কম্পাউণ্ড পেৰা আৰ্চাৰ
- খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৩ৰ স্বৰ্ণ পদক – মহিলাৰ ব্যক্তিগত চৌহদ মুকলি ধনুৰ্বিদ
- অৰ্জুন বঁটা ২০২৩
- এছিয়ান পেৰালিম্পিক কমিটিৰ দ্বাৰা ২০২৩ চনৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ
- বিশ্ব আৰ্চাৰীৰ দ্বাৰা ২০২৩ চনৰ শ্ৰেষ্ঠ মহিলা পেৰা আৰ্চাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ