• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই… ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা

দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই… ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা

2 years ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

34 minutes ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

1 hour ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

2 hours ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

2 hours ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

3 hours ago
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

3 hours ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

4 hours ago
‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

5 hours ago
ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

5 hours ago
ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

6 hours ago
পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

6 hours ago
৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই… ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা

দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই... ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা

editor by editor
August 26, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দুয়োখন হাত নাই, কিন্তু লক্ষ্য অৰ্জুনৰ দৰেই… ভাৰতীয় সেনাই জীৱন সলনি কৰা শীতল দেৱী পেৰা অলিম্পিকলৈ, শীতলৰ ওপৰতেই এতিয়া সোণৰ ভৰসা
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ আগষ্টৰ পৰা আৰম্ভ হ’ব পেৰিছ পেৰালিম্পিক ২০২৪। এইবাৰ পেৰিছ পেৰালিম্পিকত বিশ্বৰ প্ৰায় ৪৪০০ খেলুৱৈয়ে ২২খন খেলত অংশগ্ৰহণ কৰিব। এইবাৰ ভাৰতৰ পৰা ৮৪ গৰাকী পেৰা এথলীটে পেৰালিম্পিকত অংশগ্ৰহণ কৰিছে। ভাৰতৰ এই পৰ্যন্ত সৰ্ববৃহৎ দল বুলি স্বীকৃতি লাভ কৰিছে এই দলে৷ দলটোত আছে আৰ্চাৰীৰ শীতল দেৱীও। এই পেৰালিম্পিকত পদক লাভৰ অন্যতম প্ৰতিদ্বন্দ্বী শীতল দেৱী৷ ভাৰতীয় পেৰা আৰ্চাৰী খেলুৱৈ শীতল দেৱীৰ এই যাত্ৰাৰ আঁৰত আছে বহু সংগ্ৰামৰ কাহিনী৷

শীতল দেৱী কোন?

পেৰা অলিম্পিকত ভাগ ল’বলৈ অহা প্ৰত্যেকজন খেলুৱৈৰে আছে একোটাকৈ কাহিনী৷ এই সকলোবোৰ কাহিনীৰ ভিতৰত আটাইতকৈ ট্ৰেজিক কাহিনীয়ে হৈছে ভাৰতীয় পেৰা-আৰ্চাৰ শীতল দেৱীৰ কাহিনী। ২০০৭ চনত জন্মগ্ৰহণ কৰিয়েই ফ’ক’মেলিয়া নামৰ এক বিৰল জন্মগত ৰোগত আক্ৰান্ত হয় শীতল দেৱী৷ এই জন্মগত ৰোগৰ বাবেই তেওঁৰ দুয়োখন হাত সম্পূৰ্ণৰূপে বিকশিত হ’ব নোৱাৰিলে৷ শাৰীৰিক প্ৰত্যাহ্বানৰ মাজতো শীতল দেৱী ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিল। শৈশৱত তেওঁ গছত উঠি ভাল পাইছিল। ইয়াৰ বাবেই তেওঁৰ শৰীৰৰ ওপৰৰ অংশটো বহু শক্তিশালী হৈ পৰিছিল। 

ভাৰতীয় সেনাই সলনি কৰিলে জীৱন

২০২১ চনত জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত আয়োজন কৰা এক অনুষ্ঠানৰ সময়ত ভাৰতীয় সেনাই শীতল দেৱীক আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত তেওঁক পেৰা আৰ্চাৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভ হ’ল। প্ৰাৰম্ভিক প্ৰচেষ্টাত ব্যৰ্থ হৈছিল প্ৰশিক্ষকসকল। ইয়াৰ পিছত প্ৰশিক্ষকসকলে কৃত্ৰিম অংগৰ সহায় লৈছিল যদিও এনেকৈয়ো শীতলে আশাকৰামতে ফল দেখুৱাব পৰা নাছিল৷ প্ৰশিক্ষকে আশা এৰি দিয়া নাছিল৷ তেওঁলোকে গৱেষণাৰ অন্তত মেট ষ্টুটজমেনৰ বিষয়ে জানিব পাৰিলে। তেওঁৰো হাত নাছিল যদিও তেওঁ ধনুৰ্বিদ আছিল। লণ্ডন ২০১২ পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰিছিল মেট ষ্টুটজমেনে। ইয়াৰ পিছত শীতল দেৱীয়ে কেৱল ভৰিৰে ধনুৰ্বিদ্যা আৰম্ভ কৰে। চেষ্টাৰ অন্তত শীতলে চকী এখনত বহি, ভৰিৰে ধনুখন তুলি লয়, তাৰ পিছত সোঁ কান্ধৰ পৰা ডোঙাডাল টানি শক্তিৰে কাঁড়ডাল এৰি দিয়ে।

প্ৰথম প্ৰতিযোগিতাত ভাল ফলাফল

পেৰা আৰ্চাৰীৰ কিংবদন্তি ষ্টুটজমেনৰ দৰে ভৰি  ব্যৱহাৰ কৰি শীতল দেৱীয়ে ২০২২ চনৰ মাৰ্চ-এপ্ৰিল মাহত হাৰিয়ানাত অনুষ্ঠিত হোৱা পেৰা আৰ্চাৰী ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত ভাৰতীয় পেৰা আৰ্চাৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। তেওঁৰ প্ৰথমখন প্ৰতিযোগিতাতেই সকলোকে আপ্লুত কৰিছিল।

ৰেংকিঙত প্ৰথম স্থান লাভ কৰে

ইয়াৰ পিছত তেওঁ ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও এছিয়ান পেৰা গেমছত তেওঁ দুটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰে। উজ্জ্বল প্ৰদৰ্শনৰ ভিত্তিত শীতলে পেৰা কম্পাউণ্ড আৰ্চাৰৰ ৰেংকিঙত ১ নম্বৰ স্থান লাভ কৰিছে৷

শীতল দেৱীৰ পদক আৰু কৃতিত্ব

  • বিশ্ব আৰ্চাৰী পেৰা চেম্পিয়নশ্বিপ ২০২৩ ৰূপৰ পদক – মহিলাৰ ব্যক্তিগত কম্পাউণ্ড মুকলি আৰ্চাৰী
  • এছিয়ান পেৰা গেমছ ২০২৩ সোণৰ পদক – মহিলাৰ ব্যক্তিগত চৌহদ মুকলি ধনুৰ্বিদ
  • এছিয়ান পেৰা গেমছ ২০২৩ সোণৰ পদক – মিক্সড ডাবলছ কম্পাউণ্ড মুকলি ধনুৰ্বিদ
  • এছিয়ান পেৰা গেমছ ২০২৩ ৰূপৰ পদক – মহিলা ডাবলছ কম্পাউণ্ড মুকলি ধনুৰ্বিদ
  • ২০২৩ চনত মুকলি শিতানত বিশ্বৰ ১ নম্বৰ মহিলা কম্পাউণ্ড পেৰা আৰ্চাৰ
  • খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৩ৰ স্বৰ্ণ পদক – মহিলাৰ ব্যক্তিগত চৌহদ মুকলি ধনুৰ্বিদ
  • অৰ্জুন বঁটা ২০২৩
  • এছিয়ান পেৰালিম্পিক কমিটিৰ দ্বাৰা ২০২৩ চনৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ
  • বিশ্ব আৰ্চাৰীৰ দ্বাৰা ২০২৩ চনৰ শ্ৰেষ্ঠ মহিলা পেৰা আৰ্চাৰ

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান
সমীক্ষণ (আলোচনী)

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

November 24, 2026
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!
ৰাজনীতি

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

November 24, 2026
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ
অপৰাধ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

November 24, 2026
আহি আছে এই ৪ ৰাশিৰ শুভ সময়
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

November 24, 2026
Next Post
দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?

দেশত আৰম্ভ নতুন পেঞ্চন নীতি UPS, UPS আৰু NPSৰ মাজত পাৰ্থক্য কি? অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন পেঞ্চন নীতিৰ অধীনত কি কি সুবিধা পাব?

নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?

নিজ প্ৰেয়সীৰ পৰা বিচাৰিছিল, তাৰপাছত ৰে/ড লা/ই/ট এলেকালৈ যাত্ৰা, পলিগ্ৰাফ টেষ্টত সঞ্জয়ে কৰা ৫ স্বীকাৰোক্তি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.