১৫ দিনলৈ নিজৰ প্ৰস্ৰাৱ পান কৰিছিল পৰেশ ৰাৱালে, এই গৰাকী অভিনেত্ৰীয়ো কৰিছে একে কাম
নিজৰেই প্ৰস্ৰাৱ পান কৰাৰ কথা কৈ বিশেষভাৱে চৰ্চিত হৈ পৰিছে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱাল। এক সাক্ষাতত দিয়া ভাষ্য অনুসৰি, অভিনেতাগৰাকীয়ে ১৫ দিনৰ বাবে নিতৌ নিজৰ প্ৰস্ৰাৱ পান কৰিছিল ।
পৰেশ ৰাৱালৰ এই মন্তব্যৰ পাচতে এগৰাকী অভিনেত্ৰীয়ো কৈছে একে কথা। অভিনেত্ৰীগৰাকীয়েও পান কৰিছে নিজৰ প্ৰস্ৰাৱ। অভিনেত্ৰীগৰাকীয়ে জনোৱা মতে , নিজৰ প্ৰস্ৰাৱত থাকে বহু ঔষধী গুণ। যি শৰীৰৰ বাবে অতি উপযোগী।
এই অভিনেত্ৰীগৰাকী হৈছে- আশিকী খ্যাত অনু অগৰৱাল। পৰেশ ৰাৱালে দিয়া মন্তব্যৰ পাছতে অনু অগৰৱালেও কৈছে তেখেতেও নিজৰ প্ৰস্ৰাৱ পান কৰিছে। লগতে ইয়াকো কয় যে, ই একেবাৰে সাধাৰণ কথা।
অনু অগৰৱালে কোৱা অনুসৰি- বহু লোকেই নাজানে ইয়াৰ উপকাৰিতা। সজাগতাৰ অভাৱৰ বাবে এনে হয়, কিন্তু প্ৰস্ৰাৱ পান কৰাটো আম্ৰোলী বুলি কয়, এইটো হঠযোগৰ এক মুদ্ৰা। প্ৰস্ৰাৱৰ এটা ভাগত অমৃত বুলি ধৰা হয়। ই ছাল ভালে ৰাখে, ছাল শোতোৰা পৰা সমস্যাৰ পৰা আঁতৰাই ৰাখে। স্বাস্থ্যৰ বাবেও বহু উপকাৰী।
উল্লেখ্য যে, পৰেশ ৰাৱালে লালনটপ নামৰ এক অনুষ্ঠানত দিয়া সাক্ষাতত কৈছিল যে, বীৰু দেৱগনৰ পৰামৰ্শ অনুসৰিয়ে ১৫ দিনলৈ নিতৌ নিজৰ প্ৰস্ৰাৱ পান কৰিছিল, ই স্বাস্থ্যৰ বাবে বহু উপকাৰী। (বীৰু দেৱগন ভাৰতীয় ছবিজগতৰ এগৰাকী কৰিঅগ্ৰাফাৰ আৰু চিনেম নিৰ্দেশক আছিল, তেখেতৰ পুত্ৰ অজয় দেৱগন ভাৰতীয় ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ




















