অসম লাইভ২৪ঃ কেৱল প্ৰেমেই নহয়, বিয়াতো বহিল ৰাঘৱ আৰু পৰিণীতি৷ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টীৰ নেতা ৰাঘৱ চড্ডাৰৰ বিবাহৰ গুঞ্জৰ উঠিছে৷ দুয়োৱে নিজৰ সম্পৰ্কক লৈ মুখ খোলা নাই যদিও ভাইৰেল হৈ পৰিছে দুয়োৰে প্ৰেমৰ কথা৷ কিছুদিন পূৰ্বে আপ নেতা সঞ্জীৱ আৰোৰাই ৰাঘৱ আৰু পৰিণীতিক উদ্দেশ্য কৰি দিয়া শুভেচ্ছা বাৰ্তাও সমগ্ৰতে ভাইৰেল৷
বাকদান পৰ্ব সম্পন্ন হোৱাৰ শুভেচ্ছা জনাইছিল সঞ্জীৱ আৰোৰাই৷ সঞ্জীৱৰ পাছতেই এইবাৰ দুয়োৰে বন্ধু তথা জনপ্ৰিয় গায়ক হাৰ্ডি সন্ধুয়েও এক সাক্ষাৎকাৰত দুয়োৰে প্ৰেমৰ কথা উল্লেখ কৰিছে৷ তেওঁ কয়, ‘পৰিণীতি যে মান্তি হ’ল আমি নথৈ সুখী৷ আন্তৰিক শুভেচ্ছা পৰীলৈ৷ দুয়োৰে ভাল হওক৷’
ইয়াৰ পাছতেই বিবাহৰ খবৰ সন্দৰ্ভতো সন্ধুয়ে কয় যে, তেওঁ পৰীক ফোনযোগে শুভেচ্ছা জনাইছে৷ মনৰ মানুহ পৰিণীতিয়ে অৱশেষত বিচাৰি পালে৷ পৰিণীতি এতিয়া দিল্লীতেই থাকে৷ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টতো দুয়োকে একেলগে দেখা গৈছিল৷ মুম্বাইত সাংবাদিকৰ কেমেৰাত দুয়ো বন্দী হোৱাৰ পাছতেই আৰম্ভ হৈছিল চৰ্চা৷
উল্লেখ্য যে, লণ্ডনত ৰাঘৰ আৰু পৰিণীতিয়ে একেলগে পঢ়া-শুনা কৰিছিল৷ সেই বন্ধুত্বই বৰ্তমান প্ৰেমৰ ৰূপ লৈছে৷ ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি, দুয়োৰে আত্মীয়ইয়ো এই সম্পৰ্কক স্বীকৃতি দিছে৷ অচিৰেই দুয়োৰে আনুষ্ঠানিক বিবাহো অনুষ্ঠিত হ’ব বুলি জনাইছে সূত্ৰটোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ