খেলত বিপক্ষৰ সৈতে হাত মিলোৱাৰ সলনি আল্লাহু আকবৰ বুলি চিঞৰি উঠে, এতিয়া অলিম্পিকৰ পৰা বাহিৰ
মহাকুম্ভ অলিম্পিকৰ লগত বিতৰ্কৰ সৃষ্টি হৈছে , এইবাৰ এই তালিকাত তাজিকিস্তানৰ জুডো খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দেওবাৰে খেলা জুডো ইভেণ্টত ইজৰাইল আৰু তাজিকিস্তানৰ খেলুৱৈৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সেই খেলখনতেই তাজিকিস্তানৰ হৈ খেলিবলৈ অহা নুৰালি ইমোমালিয়ে মেচৰ শেষত ইজৰাইলৰ টোহাৰ বুটবুলৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰে। আৰু লগে লগে চিঞৰি কৈ উঠে আল্লাহ হু আকবৰৰ শ্লোগান।
কিন্তু সেই খেল খনত ইমান অহংকাৰ দেখুওৱাৰ নুৰালীয়ে পিছৰ মেচখনত জাপানী খেলুৱৈৰ বিৰুদ্ধে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ পৰাজিত হৈ অলিম্পিকৰ পৰা বাহিৰ হয়।
দেওবাৰে পেৰিছ অলিম্পিকৰ ১৬ ৰাউণ্ডৰ জুডো মেচত তাজিকিস্তানৰ খেলুৱৈ নুৰালি ইমোমালিয়ে যি কৰিলে সেয়া সমগ্ৰ বিশ্বতে সমালোচনাৰ সন্মুখীন হৈছে। ইজৰাইলৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰাৰ পিছত নুৰালিয়ে হাত মিলাবলৈ অস্বীকাৰ কৰে আৰু তাৰ পিছত আল্লাহ হু আকবৰৰ শ্লোগান উত্থাপন কৰে। এনে ঘটনাকে এতিয়া সকলোৱে ধিক্কাৰ দিছে।
১৬ ৰাউণ্ডত জয়লাভ কৰি ইজৰাইলী খেলুৱৈগৰাকীৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে সকলোৱে নুৰালীক সমালোচনা কৰিছিল। ইয়াৰ পিছত পৰৱৰ্তী ৰাউণ্ডৰ মেচখনত তেওঁ এজন জাপানী খেলুৱৈৰ সন্মুখীন হয়, য’ত তেওঁ মেচৰ সময়ত ইমানেই বেয়াকৈ পৰি যায় যে নুৰালীৰ কান্ধৰ হাড় ভাঙি যায। গুৰুতৰ আঘাতৰ বাবে নুৰালীয়ে এতিয়া পেৰিছ অলিম্পিকক বিদায় জনাবলৈ বাধ্য হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ