ইতিহাস ৰচিবলৈ সাজু মনু ভাকেৰ, দ্বিতীয়টো ব্ৰঞ্জ জয়ৰ দিশে অগ্ৰসৰ
আজি পেৰিছ অলিম্পিকৰ তৃতীয়টো দিন। ভাৰতে দ্বিতীয় দিনা অৰ্থাৎ ২৮ জুলাই দেওবাৰে পদক জয়েৰে পদকৰ জোলোঙা মুকলি কৰে। শ্বুটিঙত মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰে। পাছে আজিয়ো আন এক পদক জয়ৰ দিশে মনু ভাকেৰ। দ্বিতীয়টো ব্ৰঞ্জ জয়ৰ দিশে মনু।
১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতৰ মিক্সড টিম মনু ভাকেৰ আৰু সৰবজোৎ সিঙে ব্ৰঞ্জৰ পদকৰ বাবে যুঁজিব। মিক্সড টিম ইভেণ্টত চাৰিটা দলে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
ইয়াৰে শীৰ্ষ দুটা দলে সোণ আৰু ৰূপৰ পদকৰ বাবে যুঁজিব, আনহাতে তৃতীয় আৰু চতুৰ্থ স্থানৰ দলে ব্ৰঞ্জৰ পদকৰ বাবে যুঁজ দিব। এই ব্ৰঞ্জলৰ পদকৰ যুঁজতেই আছে ভাৰতীয় দল।
মানু আৰু সৰবজোতৰ সন্মুখত ব্ৰঞ্জৰ পদক লাভৰ ক্ষেত্ৰত প্ৰতিদ্বন্দি হিচাপে আছে দক্ষিণ কোৰিয়াৰ যুটি অহ য়ে জিন আৰু লি ৱনহ’। উল্লখ্যে যে, দেওবাৰে ১০ মিটাৰ এয়াৰ পিষ্টল মহিলা প্ৰতিযোগিতাত ভাৰতৰ মনুৱে ব্ৰঞ্জ জয় কৰিছিল, সেই একে খেলতে দক্ষিণ কোৰিয়াৰ অহ য়ে জিনে সোণৰ পদক লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ