১০ মিটাৰ এয়াৰ পিস্তল ইভেণ্টত ব্ৰঞ্জ জয় কৰিছে মনু ভাকেৰে৷ তাৰপাছতেই মিক্সড ইভেণ্টতো মনু আৰু সৰৱজ্যোৎ সিঙে আৰু এটি ব্ৰঞ্জ আনিছে ভাৰতলৈ৷ দেশলৈ এটাৰ পাছত আন এটা পদক অনা মনুৰ প্ৰশিক্ষকৰ বাবে আহিছে দুঃসংবাদ৷ হঠাৎ দেশলৈ উভতি আহিবলৈ বাধ্য হ’ল জাতীয় শ্বুটিং কোচ সমৰেশ জংগ৷ মনুৰ পদকজয়ৰ আঁৰত আছে তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা৷ কিন্তু হঠাৎ পেৰিছ এৰি ভাৰতলৈ কিয় উভতি আহিবলগা হৈছে মনু ভাকেৰৰ প্ৰশিক্ষক সমৰেশ জংগ৷
ঘৰ ভঙাৰ নটিছ দিয়া হৈছে জংগক৷ আগন্তুক ২ দিনৰ ভিতৰত তেওঁৰ ঘৰ ভঙা হ’ব বুলি নটিছ দিয়া হৈছে৷ খবৰ লাভ কৰিলেই দেশলৈ উভতি আহিছে সমৰেশ জংগ৷ দিল্লীৰ ছিভিল লাইনছ এলেকাৰ খাইবাৰ পাছ অঞ্চলত থাকে সমৰেশ৷ ভূমি সুৰক্ষা দপ্তৰৰ পৰা চিঠি দি জনোৱা হৈছে যে সমৰেশ আৰু তেওঁৰ আশেপাশে থকা কেইবাটাও ঘৰ বেআইনীভাৱে তৈয়াৰ কৰা হৈছে৷ সেই এলেকা আছে প্ৰতিৰক্ষা দপ্তৰৰ অধীনত৷
ঘৰ ভঙাৰ নটিছ লাভ কৰি সমৰেশে কয়, ‘মই এই বিষয়ে একোৱেই নাজানো৷ মোৰ ঘৰ থকা সমগ্ৰ এলেকাটোৱেই বেআইনী বুলি ঘোষণা কৰা হৈছে৷ মই এই এলেকাত ৭৫ বছৰ ধৰি আছো৷ ১৯৫০ চনৰ পৰা সেই ঠাইত আছো৷ আমি আদালতলৈকো গৈছিলো৷ কিন্তু পিটিছন খাৰিজ কৰা হৈছে৷’
অৰ্জুন পুৰস্কাৰজয়ী কোচে লগতে কয়, ‘ভাৰতীয় শ্বুটাৰে দুটা অলিম্পিক মেডেল পাইছে৷ কিন্তু তাৰমাজতে হঠাৎ এই দুখবৰে মোক সুখ উদযাপন কৰিবলৈ দিয়া নাই৷ এজন অলিম্পিয়ান আৰু অৰ্জুন পুৰস্কাৰ প্ৰাপক হিচাপে অন্তত অলপ আশা কৰিব পাৰো যে সন্মানেৰে সৈতে আমাক বিদায় দিব পাৰে৷ মোক স-সন্মানে ঘৰ খালীৰ নিৰ্দেশ দিব পাৰিলেহেতেন৷ আমাক অলপ সময় দিব পাৰিলেহেতেন৷ মই অন্তত দুমাহ সময় বিচাৰিছিলো৷’
উল্লেখ্য যে সমৰেশে ২০০৬ চনত কমনৱেলছ গেমছত সকলোমিলি মুঠ ৫টাকৈ সোণ দেশলৈ আনিছিল৷ ২০০২ চনত তেওঁ অৰ্জুন পুৰস্কাৰ পাইছিল৷ এক্স হেণ্ডেলত নিজৰ বক্তব্য নৰেন্দ্ৰ মোদী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডব্যক টেগ কৰি দিয়াও পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ