পেৰিচ অলিম্পিকৰ পাছতে খেলক বিদায় জনাব দেশৰ এইগৰাকী প্ৰবীণ খেলুৱৈয়ে, মৰ্মাহত সতীৰ্থ
পেৰিছ অলিম্পিকৰ পাছতে এগৰাকী প্ৰবীণ খেলুৱৈয়ে খেলক বিদায় জনাব। ভাৰতৰ নাম উজলোৱা খেলুৱৈগৰাকীৰ এই সিদ্ধান্তৰ বাবে এতিয়া মৰ্মাহত সতীৰ্থ। ভাৰতীয় হকী দলৰ প্ৰবীণ গ’লৰক্ষক তথা অলিম্পিক পদক বিজয়ী দলৰ সদস্য পি আৰ শ্ৰীজেশে পেৰিছ অলিম্পিকৰ পাছত এই ক্ৰীড়াক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে।
অভিজ্ঞ গ’লৰক্ষক তথা ভাৰতৰ প্ৰাক্তন হকী অধিনায়কগৰাকীয়ে কয় যে পেৰিছ অলিম্পিক তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ’ব। বিগত অলিম্পিকত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু এইবাৰ এই পদকৰ ৰং সলনি কৰাৰ উদ্দেশ্য দলটোৰ। এই অভিজ্ঞ খেলুৱৈগৰাকীক দলটোৱে স্মৰণীয় বিদায় দিব বিচাৰিছে।
ভাৰতৰ হৈ ৩২৮খন মেচ খেলা শ্ৰীজেশৰ বাবে এয়া চতুৰ্থখন অলিম্পিক হ’ব। কেইবাখনো কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু বিশ্বকাপত খেলা ৩৬ বছৰীয়া শ্ৰীজেশ ২০২১ চনৰ টকিঅ’ অলিম্পিকৰ অংশ আছিল। উৎকৃষ্ট গ’লৰক্ষকৰ সৈতে ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছতে ভাৰতে এই খেলবিধত ৪১ বছৰীয়া খৰাঙৰ অন্ত পেলাই পদক লাভ কৰিছিল।
সোমবাৰে হকী ইণ্ডিয়াই শ্ৰীজেশক তেওঁৰ উজ্জ্বল কেৰিয়াৰৰ বাবে অভিনন্দন জনায়। হকী ইণ্ডিয়াই ৰাষ্ট্ৰীয় দলৰ বাবে ‘Win it for Sreejesh’ অভিযান আৰম্ভ কৰিছে যিয়ে খেলুৱৈসকলক পুনৰ প’ডিয়ামত থিয় হ’বলৈ প্ৰেৰণা যোগাব। ২০১০ চনত ভাৰতীয় দলৰ হৈ অভিষেক ঘটা শ্ৰীজেশে ২০১৪ চনৰ এছিয়ান গেমছত সোণৰ পদক আৰু ২০১৮ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় দলৰ সদস্য আছিল।
২০১৮ চনত এছিয়ান চেম্পিয়নছ ট্ৰফীৰ যৌথ বিজয়ী দল, ভুৱনেশ্বৰত অনুষ্ঠিত ২০১৯ চনৰ এফ আই এইচ পুৰুষৰ ছিৰিজ ফাইনেলৰ স্বৰ্ণ পদক বিজয়ী দল আৰু বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী দলৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিছিল। এফ আই এইচ হকী প্ৰ’ লীগ ২০২১-২২ত ভাৰতক তৃতীয় স্থানলৈ অনাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
২০২১ চনত শ্ৰীজেশক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। ভাৰতৰ পৰা ‘ৱৰ্ল্ড গেমছ এথলীট অৱ দ্য ইয়েৰ’ ২০২১ বঁটা লাভ কৰা তেওঁ দ্বিতীয়গৰাকী খেলুৱৈ। ২০২১ আৰু ২০২২ চনত একেৰাহে দুবাৰকৈ এফ আই এইচৰ ‘বছৰৰ গ’লৰক্ষক’ বঁটা লাভ কৰিছিল। যোৱা বছৰ এছিয়ান গেমছত তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল, যাৰ বাবে ভাৰতীয় দলটোৱে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে সোণৰ পদক লাভ কৰি টিকট লাভ কৰাত সফল হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















