পেৰিছ অলিম্পিক শেষ হ’ল৷ এইবাৰৰ অলিম্পিকত ভাৰতে মুঠ ৬টা পদক অৰ্জন কৰিছে৷ অলিম্পিকৰ মঞ্চত ভাৰতে টকিঅ’ অলিম্পিকতকৈ এইবাৰ কম পদক অৰ্জন কৰিছে৷ বিগত অলিম্পিকত ভাৰতে ৭টা পদক জয় কৰিছিল৷ ২০১২ চনত লণ্ডন অলিম্পিকত ভাৰতে আনিছিল ১০টা পদক৷ এইবাৰ পদকৰ সংখ্যা পূৰ্বতকৈ কমিছে৷ সোণৰ নিচেই কাষত থিয় হৈয়ো সোণৰ পদক অৰ্জন কৰিব নোৱাৰিলে ভাৰতে৷
৫০ কেজি ফ্ৰিষ্টাইল মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰিছিল বিনেশ ফোগাটে৷ ফাইনেলৰ পূৰ্বে তেওঁৰ ওজন ১০০ গ্ৰাম বেছি হোৱাৰ বাবে বৰ্জন কৰা হয় বিনেশক৷ স্বাভাৱিকভাৱেই হতাশ হৈ পৰিল বিনেশ ফোগাট৷ হতাশ হৈয়েই মল্লযুঁজক বিদায় দিয়াৰ কথাও জনাইছে বিনেশে৷
বিনেশে মল্লযুঁজক বাদ দিয়াৰ কথা ঘোষণা কৰাৰ পাছতেই এইবাৰ বিনেশে ৰাজনীতিত যোগদান কৰাৰ কথা চৰ্চা হৈছে৷ এইবাৰ সঁচাকৈয়ে ৰাজনীতিত যোগদান কৰিব নেকি বিনেশে? ৰাজনীতিত যোগদান কৰাৰ কথা প্ৰকাশ কৰিছে হাৰিয়ানাৰ এগৰাকী নেতাই৷ হাৰিয়ানাৰ বিজেপি প্ৰধান মোহনলাল বডোলিয়ে এক সংবাদমেল সম্বোধনৰ সময়ত কয়, ‘বিনেশ ফোগাটে নিৰ্বাচন খেলিব পাৰে৷ এই সম্ভাৱনা প্ৰৱল৷ এই বিষয়ে পাছত বিতংভাৱে নিজেই জনাব বিনেশে৷’
এই কথা কিমান সঁচা সেয়া এতিয়াও স্পষ্ট নহয়৷ এয়া কেৱল বিজেপি নেতাই কৰা দাবীহে৷ মোহনলালে সেই সংবাদমেলতই উল্লেখ কৰে যে, বিনেশে বিজেপিত যোগদান কৰি নিৰ্বাচন খেলিবনে? সেই বিষয়টোক লৈ বিনেশৰ সৈতে আলোচনাত বহিব মোহনলাল৷
খেলোৱৈসকলে ৰাজনীতিত যোগ দিয়াটো নতুন কথা নহয়৷ বহু ক্ৰীড়াবিদেই এতিয়ালৈকে ৰাজনীতিত আহিছে৷ ভাৰতৰ প্ৰথম মহিলা মল্লযুঁজাৰু হিচাপে বিনেশ অলিম্পিকৰ ফাইনেল পাইছিল৷ কিন্তু নিয়মৰ আওঁতাত পৰি তেওঁ সোণ জয়ৰ পৰা দূৰৈত থাকিব লগা হয়৷ তাৰপাছতেই এতিয়া ৰাজনীতিত ভৰি দি নতুন জীৱনৰ শুভাৰম্ভনি কৰিবনে সেয়া এতিয়াও দাঠি ক’ব পৰা নাযায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















