তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ ৰামেশ্বৰমত এগৰাকী কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এজন গীৰ্জাৰ যাজকক।
জন ৰবাৰ্ট নামৰ যাজকজনৰ বিৰুদ্ধে গীৰ্জালৈ অহা কণমানি এগৰাকী কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয়।
ৰামেশ্বৰমৰ মণ্ডপাম অঞ্চলৰ পুনিথাৰ অৰুল আনন্দৰ গীৰ্জাৰ যাজকক আছিল অভিযুক্ত ৰবাৰ্ট।
লগতে পঢ়ক কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!
ভুক্তভোগী কন্যা শিশুটিৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত শিশু কল্যাণ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে যাজকক ৰবাৰ্টৰ বিৰুদ্ধে গোপনে তদন্ত চলায়৷
তদন্তত গীৰ্জাত যাজকক হিচাপে কৰ্মৰত জন ৰবাৰ্টে শিশু কন্যাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ কথা নিশ্চিত হয়৷ ইয়াৰ পিছত শিশু কল্যাণ বিষয়াসকলে যাজকজনৰ বিৰুদ্ধে মণ্ডপাম আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে যাজকগৰাকীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ