ভাৰতত বর্তমান ক’ৰোনা ভাইৰাছৰ দ্বিতীয় লহৰে ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে। সমগ্ৰ দেশতে শেহতীয়া দিনসমূহত ধাৰাবাহিকভাৱে লাখৰো অধিক লোক মহামাৰীত সংক্ৰমিত হৈছে। আনফালে হাজাৰৰো অধিক লোক প্ৰত্যেকদিনে মৃত্যুমুখত পৰিছে। ইয়াৰ মাজতে iplত কলকাতাৰ হৈ অৱতীর্ণ হোৱা অষ্ট্ৰেলিয়ান খেলুৱৈ pat cumminsৰ ভাৰতৰ কোভিড ১৯ৰ যুঁজত সহায়ৰ হাত আগবঢ়াইছে। pat cumminsয়ে সোমবাৰে চিকিৎসালয়সমূহত হোৱা অক্সিজেনৰ নাটনিৰ বাবে pm care fundsলৈ ৫০ হাজাৰ ডলাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। লগতে cumminsয়ে কয় ভাৰত চৰকাৰে সংকটৰ মাজতো ipl বাতিল নকৰি প্ৰতিযোগিতাখন অব্যাহত ৰাখিবলৈ দিয়ালৈ সমর্থন আগবঢ়াইছে। pat cumminsয়ে বিশ্বাস কৰে যে iplয়ে কিছুসময়ৰ বাবে হ’লেও আনন্দ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















