অসম লাইভ২৪ঃ ‘বেচৰম…’ পাঠান ছবিখনৰ সদ্যমুক্তিপ্ৰাপ্ত গীত বেছৰমক লৈ সৰ্বত্ৰতে চৰ্চা৷ সামাজিক মাধ্যমত একাংশৰ চৰ্চা, বেচৰমে নিৰ্লজ্জতাৰ সকলো সীমাই পাৰ কৰিছে৷ দীপিকাৰ বল্ড লুককলৈও দেশজুৰি চৰ্চা৷ বিতৰ্ক অব্যাহত থকাৰ মাজতেই শেহতীয়াকৈ পাঠান মুক্তিৰ পূৰ্বেই বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মধ্যপ্ৰদেশ চৰকাৰে৷ বেছৰম ৰং গানটো দেখা মাত্ৰকেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে৷
গানটোত গেৰুৱা ৰঙৰ বিকিনিত দেখা গৈছে অভিনেত্ৰী দীপিকাক৷ দীপিকাৰ এই লুকছ দেখিয়েই নেটিজেনে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে হেজটেগ বয়কট পাঠান৷ সমগ্ৰ বিষয়টোক লৈ মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰই আক্ষেপ প্ৰকাশ কৰি লিখিছে, ‘এই ছবিত বহু আপত্তিজনক দৃশ্য আছে৷ সেয়া দেখুওৱা একেবাৰেই উচিত নহয়৷ ছবিখনত অভিনেত্ৰীয়ে পিন্ধা পোছাক ঠিক কৰিলেহে মধ্যপ্ৰদেশ চৰকাৰে এই ছবি মুক্তিৰ বাবে অনুমতি দিয়াৰ কথা চিন্তা কৰিব৷’
উল্লেখ্য যে বেচৰম গানটোত দীপিকাক বহুবাৰ হট লুকত দেখা গৈছে৷ ভাৰতৰ অন্যতম এক সংস্থা ‘সংস্কৃতি বচাও মঞ্চ’ৰ প্ৰেছিডেণ্টে প্ৰকাশ কৰা মন্তব্যই সকলোৰে দৃষ্টি কাঢ়িছে, চন্দ্ৰশেষৰে লিখিছে, ‘এইদৰে গেৰুৱা বিকিনি পৰিধান কৰি হিন্দু ধৰ্মক অপমান কৰিছে শ্বাহৰুখ দীপিকাই৷ এইদৰে আমাৰ ধৰ্মক অপমান কৰাটো কোনোপধ্যেই মানি ল’ব নোৱাৰো৷’ চৰ্চাৰ মাজতেই বহুতেই এতিয়া অপেক্ষা কৰিছে ছবিখনৰ মুক্তিৰ বাবেহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ