অসম লাইভ২৪ঃ
মই ভাওনা কৰিলে শ্বাহৰুখৰ পাঠানতকৈ বেছি মানুহ আহে৷ পাঠানক লৈ আকৌ মুখ খুলিলে ৰূপজ্যোতি কূৰ্মীয়ে৷
বিধায়ক ৰূপজ্যোতিয়ে কয়, ‘মই আকৌ কৈছো পাঠান আউটডেটেড৷ শ্বাহৰুখৰ নতুন চিনেমা ১২ বছৰ পাছত আহিছে৷ এযুগ নতুন চিনেমাই নাই৷ পাঠান দুদিনমানহে চলিব৷ ডঃ বেজবৰুৱা-২ আহিলে পাঠান বন্ধ হ’ব৷ পাঠানত কি মানুহ হৈছে? মই ভাওনা কৰিলে ইয়াতকৈয়ো বেছি মানুহ হয়৷’
ইয়াৰোপৰি ৰূপজ্যোতিয়ে কয়, ‘পাঠান মানেই মোগল৷ মোগল মানেই পাঠান৷ পুৰণি পাঠানৰ লগত সংগতি থকা মানুহে পাঠান চাইছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ