অসম লাইভ২৪ঃ কৰিমগঞ্জৰ লোৱাইৰপোৱা এলেকাৰ বজৰং দলৰ সদস্য শম্ভূ কৈৰী হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পাথাৰাকান্দিতেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সকলো দোকান পোহাৰ বন্ধ কৰি দিছে প্ৰতিবাদকাৰীয়ে৷ নীৰৱ প্ৰতিবাদৰ লগতে বিগত নিশা প্ৰায় ১২ খন ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰিছে উত্তেজিত ৰাইজে। ইয়াৰ পাছতেই প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বিশেষ এলেকাটোত।
দেওবাৰে নিশাৰে পৰাই অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ লগতে বৃহৎ আৰক্ষীৰ দল আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় লোৱাইৰপোৱা এলেকাত। ইপিনে প্ৰাপ্ত তথ্য অনুসৰি সামান্য ক্ৰিকেট খেলক কেন্দ্ৰ কৰিয়েই শম্ভূ কৈৰীক চোকা দাৰে ঘপিয়াই হত্যা কৰে৷ চেলিম উদ্দীনৰ সৈতে শম্ভূ কৈৰীয়ে হাইলাকান্দিত অনুষ্ঠিত হোৱা বজৰং দলৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পূৰ্ণ কৰি ঘৰলৈ যোৱাৰ পথতেই পৰিকল্পিতভাবে পিছফালৰ পৰা চোকা দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে শম্ভুক।
সোমবাৰে পুৱা মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতালত প্ৰেৰণ কৰা হয়। মৰোণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ অহাৰ লগে পৰিয়ালৰ লোকে কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰিয়েই বজৰং দলৰ সদস্যসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহাৰ আৰক্ষীয়ে লাঠিচালনা কৰিছে৷ ইপিনে ঘটনাস্থলীত ডি আইজি কঙ্কন জ্যোতি শইকীয়াও উপস্থিত হৈ ঘটনাৰ বুজ লয়।
উল্লেখ্য যে, দশম শ্ৰেণীৰ ছাত্ৰ শম্ভুৰ পিতৃ এগৰাকী চাহ দোকানী৷ পুত্ৰক হেৰুৱাই ভাঙি পৰা পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈকো একাংশই দাবী কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ