• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্ৰাটৰ প্ৰস্থান, কিংবদন্তী ফুটবলাৰ পেলে শুই পৰিল চিৰনিদ্ৰাত…

সম্ৰাটৰ প্ৰস্থান, কিংবদন্তী ফুটবলাৰ পেলে শুই পৰিল চিৰনিদ্ৰাত…

1 month ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

12 hours ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

13 hours ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

14 hours ago
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

14 hours ago
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

14 hours ago
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

16 hours ago
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

16 hours ago
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

17 hours ago
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

18 hours ago
বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

18 hours ago
বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

18 hours ago
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

19 hours ago
  • About
  • Advertise
  • Careers
Thursday, February 2, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সম্ৰাটৰ প্ৰস্থান, কিংবদন্তী ফুটবলাৰ পেলে শুই পৰিল চিৰনিদ্ৰাত…

editor by editor
December 30, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
সম্ৰাটৰ প্ৰস্থান, কিংবদন্তী ফুটবলাৰ পেলে শুই পৰিল চিৰনিদ্ৰাত…
0
SHARES
220
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফুটবল সম্ৰাটৰ প্ৰস্থান। অতীত হ’ল ফুটবলৰ এটা যুগৰ। ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ফুটবল সম্ৰাট পেলে। দীৰ্ঘদিন ধৰি কলনৰ কৰ্কটত আক্ৰান্ত হৈ আছিল ফুটবল সম্ৰাটগৰাকী। ২০২২ ৰ বিশ্বকাপ ফুটবল চলি থকাৰ সময়তে চিকিৎসালয়ত ভৰ্তী কৰা হৈছিল পেলেক। হাস্পতালৰ পৰাই পেলে শাৰিৰীক যন্ত্ৰণাকো আওকান কৰি ব্ৰাজিলৰ সমৰ্থনত এটাৰ পাছত আনটো পোষ্ট কৰিছিল পেলে। শুভেচ্ছা জনাইছিল ব্ৰাজিলৰ তাৰকা খেলুৱৈ নেইমাৰকো। কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল হ’ল। বৃহস্পতিবাৰে পৃথিৱীৰ পৰা বিদায় মাগিলে ফুটবল সম্ৰাট পেলে। ফুটবলাৰগৰাকীৰ কন্যাই ইনষ্টাগ্ৰামযোগে পোষ্ট কৰি পিতৃৰ মৃত্যুৰ খবৰ দিছে বিশ্ববাসীক।

ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত একাধিকবাৰ পেলেৰ মৃত্যুৰ গুজব ওলাইছিল। এইবাৰো মৃত্যুৰ খবৰ ভাইৰেল হৈ পৰাৰ পাছত একাংশই এয়া ভুৱা খবৰ বুলিয়েই বাৰে বাৰে খবৰটোৰ সত্যাসত্য প্ৰমাণ কৰাৰ চেষ্টাও চলাইছিল। অৱশ্যে পেলেৰ কন্যা কেলি নাছিমেণ্টোৰ ইনষ্টাগ্ৰাম পোষ্টে সকলোৰে ভুল ভাঙে। সম্ৰাটহীন হ’ল ফুটবল বিশ্ব। বিগত কিছুদিন ধৰি পেলেৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল। কৰ্কটৰ কোষে খুলি খুলি খাইছিল পেলেৰ শৰীৰ। উদ্বেগেৰে দিন কটাইছিল বিশ্ব ফুটবলপ্ৰেমীয়ে। কৰ্কটৰ বিৰুদ্ধে শেষ পৰ্যন্ত হাৰ মানিলে ফুটবল সম্ৰাটেও। কিছুদিন পূৰ্বে পেলেৰ কন্যা নাছিমেণ্টোয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি পেলেৰ শৰীৰৰ হতাশাজনক দিনবোৰৰ কথা শ্বেয়াৰ কৰিছিল। ছবি আঁকি কেলিয়ে দেখুওৱাইছিল সকলো। ফুটবল সম্ৰাটগৰাকীয়ে শেষ সময়তো জীৱনৰ ক্ষণবোৰ উপভোগ কৰিব বিচাৰিছিল। কৈছিল পিতৃ আৰু বেছি দিন এই পৃথিৱীৰ অতিথি নহয়। সেয়াই হ’ল, বৃহস্পতিবাৰে বিদায় মাগিলে পেলেই।

৩ খনকৈ বিশ্বকাপৰ নায়ক আছিল পেলে

১৯৪০ চনৰ ২৩ অক্টোবৰত ব্ৰাজিলৰ এক অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল পেলে। পিতৃয়ে নাম দিছিল এডছন অৰান্তেছ দ্যা নাছিমেণ্টো। ১৯৫৮ চনত ব্ৰাজিলৰ হৈ প্ৰথম বিশ্বকাপ খেলিছিল পেলে। তেতিয়া পেলে নাবালক। ইমান কমবয়সতে এখন দেশৰ হৈ বিশ্বকাপ খেল প্ৰথমগৰাকী খেলুৱৈয়ে হৈছে পেলে। মুঠ চাৰিবাৰকৈ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল পেলেই। চাৰিবাৰৰ খেলত তিনিবাৰেই পেলে নেতৃত্বাধীন ব্ৰাজিল হৈছিল বিশ্বচেম্পিয়ন। বিশ্বৰ কোনো তাৰকা খেলুৱৈয়ে আজিলৈকে তিনিবাৰকৈ বিশ্বকাপ জয় কৰাৰ নজিৰ নাই।

ৰাজপুত্ৰৰ পাছতেই সম্ৰাটহীন হ’ল ফুটবল বিশ্ব

ফিফা মেগাজিনৰ জুৰি বৰ্ডৰ বিচাৰত পেলেই বিংশ শতাদ্বীৰ শ্ৰেষ্ঠ ফুটবলাৰ। এই বিষয়টোক লৈ যদিও বিতৰ্ক অব্যাহত আছে তথাপিও বৰ্তমানলৈকে সাধাৰণ ফুটবলপ্ৰেমীয়ে কিন্তু পেলেকেই ফুটবল সম্ৰাট বুলি মানি আহিছে। ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাই ২০২০ চনত বিদায় মাগিছিল পৃথিৱীৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

February 1, 2023
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…
অসম

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

February 1, 2023
ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…
অসম

ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…

February 1, 2023
হাতে-কামে লাগিছে অসম আৰক্ষী! বৰমালা পিন্ধায়েই দৰা হ’ল ৰঙাঘৰৰ আলহী
অপৰাধ

হাতে-কামে লাগিছে অসম আৰক্ষী! বৰমালা পিন্ধায়েই দৰা হ’ল ৰঙাঘৰৰ আলহী

January 30, 2023
Next Post
মনোকামনা পূৰণ নহল! নতুন বছৰত মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ! দুৰ্ঘটনাত পতিত ঋষভ পণ্টৰ স্বাস্থ্য শেহতীয়া আপডেট কি?

মনোকামনা পূৰণ নহল! নতুন বছৰত মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ! দুৰ্ঘটনাত পতিত ঋষভ পণ্টৰ স্বাস্থ্য শেহতীয়া আপডেট কি?

‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম…’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত…

‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম...’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.