ফলৰ বজাৰত এতিয়া কিউয়িৰ পৰা আৰম্ভ কৰি এভোকাডো, ব্লুবেৰি, ড্ৰেগন ফ্ৰুইটকে ধৰি বহু ফল পোৱা যায়৷ সেই সকলো ফলৰ গুণাগুণো পৃথক৷ ভিন্নদেশী এই ফলতকৈ মধুৰীআমো কোনোগুণে কম নহয়৷ স্বাদৰ দিশৰ পৰাও আৰু পুষ্টিগুণতো আগুৱাই থাকে মধুৰীআম৷ মধুৰীআমত ভিটামিন চি প্ৰচুৰ পৰিমাণে আছে৷ ভিটামিন এ, বি১, বি২, বি৩, বি৫, বি৬ আৰু ফোলেটৰ ওপৰিও নানান খনিজ আছে৷ সেয়ে মধুৰীআম কিন্তু সকলোৰে বাবে নহয়৷ দৈনিক ডায়েটত যদি মধুৰীআম খাই তেন্তে পুষ্টিবিদৰ পৰামৰ্শ লওক৷ জানি থওক কি কি সমস্যা থাকিলে মধুৰীআম খোৱা উচিত নহয়?
কি কি শাৰীৰিক সমস্যাত মধুৰীআম নাখাব?
পেটৰ ৰোগ বা গেছৰ সমস্যা
মধুৰীআমত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে যি হজমৰ বাবে ভাল হলেও ইৰিটেবল বাওৱেল চিনড্ৰোম থাকিলে মধুৰীআম নোখোৱাই ভাল৷ যিসকলে প্ৰচণ্ড গেছৰ সমস্যাত ভূগি আছে তেওঁলোকে মধুৰীআম নোখোৱাই ভাল৷ অতিৰিক্ত মধুৰীআম খালে পেট ফোলা, ডায়েৰিয়াৰ দৰে সমস্যা বাঢ়ি যাব পাৰে৷
কিডনিৰ ৰোগ
মধুৰীআমত পটাছিয়াম পৰ্যাপ্ত পৰিমাণে থাকে৷ অত্যধিক পটাছিয়াম কিডনিৰ ৰোগৰ বাবে ভাল নহয়৷ সেয়ে কিডনিত পাথৰ হোৱাৰ সমস্যা থাকিলে অথৱা কিডনিৰ ৰোগ থাকিলে জানিবুজিহে মধুৰীআম খাব৷
ডায়বেটিছ
মধুৰীআমে ডায়বেটিছ নিয়ন্ত্ৰণত সহায় কৰে কিন্তু অত্যধিক পৰিমাণে খালে হিতে বিপৰীত হয়৷ ইয়াত থকা প্ৰাকৃতিক শৰ্কতাই তেজত শৰ্কৰাৰ মাত্ৰা বঢ়াই দিব পাৰে৷ সেয়ে ডায়বেটিছ ৰোগীৰ বাবে মধুৰীআমৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখা জৰুৰী৷
এলাৰ্জি
ছৰ্দি, কাঁহ বা ডিঙিৰ বিষ থাকিলে সেই সময়ত মধুৰীআম নোখোৱাই ভাল৷ এলাৰ্জিৰ সমস্যা বঢ়াই দিব পাৰে মধুৰীআমে৷ বেছিকৈ খালে চৰ্মৰোগ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















