দুই ভাৰতীয়ৰ অলিম্পিক কাহিনী- অযোগ্য ঘোষণা হোৱাত সোণ লাভ, অযোগ্য ঘোষিত হৈ সোণৰ পৰা বঞ্চিত
ভাৰতৰ দুগৰাকী খেলুৱৈৰ দুটা কাহিনী। এজন খেলুৱৈয়ে অযোগ্য ঘোষণা হোৱাৰ ফলত সোণৰ পৰা বঞ্চিত। আন এগৰাকীয়ে অযোগ্য ঘোষণা কৰা নিয়মৰ বাবেই লাভ কৰে সোণৰ পদক। এটা কাহিনী পেৰিছ অলিম্পিকৰ আন এটা কাহিনী পেৰিছ পেৰা অলিম্পিকৰ।
দুয়োটা ঘটনাতে প্ৰভাৱিত ভাৰতৰ খেলুৱৈ। পেৰিছ অলিম্পিকত বিনেশ ফোগাটে মাথো সামান্য ওজনৰ বাবে সোণ লাভৰ পৰা বঞ্চিত হয়। যাৰ বাবে কেৱল খেলুৱৈগৰাকীয়ে নহয়, সমগ্ৰ দেশেই শোক প্ৰকাশ কৰে। বিনেশে মল্লযুঁজৰ প্ৰতিখন খেলত সুন্দৰ প্ৰদৰ্শন কৰি আনকি বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈকো পৰাস্ত কৰি ফাইনেলত সোণৰ পদকৰ প্ৰৱল দাবীদাৰ হৈ পৰে।
কিন্তু মাথো ১০০ গ্ৰাম ওজনে সকলো সপোন ভাঙি চুৰমাৰ কৰি দিয়ে। বহু কষ্ট কৰিয়ো , দেহৰ পৰা তেজ উলিয়াই, খাদ্য-পানী পৰিহাৰ কৰি, চুলি কাটিয়ো ৰেহাই নাপাই আৰু ৫০ কেজি ওজনতকৈ ১০০ গ্ৰাম অধিক হোৱাৰ বাবে খেলত যোগ্যতা অৰ্জনৰ পৰা বঞ্চিত হয়। আৰু সোণ পদকৰ পৰা বঞ্চিত হয়।
আনহাতে পেৰিছ পেৰা অলিম্পিকত এগৰাক খেলুৱৈ অযোগ্য ঘোষণা হোৱাৰ বাবেই ভাৰতৰ নৱদীপ সিঙে সোণৰ পদক লাভ কৰে। জেভলীনৰ F41 শাখাৰ খেলত ভাৰতৰ নৱদীপে ইৰাণৰ খেলুৱৈৰ পাছতে স্থান লাভ কৰে।
ইৰাণৰ খেলুৱৈ বেইট ছায়াহ ছাদেঘে ৪৭.৬৫ মিটাৰ দলিয়াই সোণৰ পদকৰ বাবে যোগ্যতা লাভ কৰে। কিন্তু সোণ নিশ্চিত কৰি ইৰাণৰ খেলুৱৈ গৰাকীয়ে ইৰাণৰ ভাষাৰে লিখা ক’লা পতাকা বাৰে বাৰে প্ৰদৰ্শণ কৰে। যি কাৰ্য অলিম্পিকৰ নিয়মৰ বাহিৰৰ। শেষত বাৰে বাৰে তেনে পতাকা দেখুওৱাৰ বাবে পদকৰ অযোগ্য ঘোষণা কৰা হয়।
অযোগ্য ঘোষণা কৰাৰ লগে লগে ৪৭.৩২ মিটাৰ দলিয়াই দ্বিতীয়ত থকা ভাৰতৰ নৱদীপে সোণৰ পদকৰ অধিকাৰী হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ