মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ আশংকা দেশত বৃদ্ধি হৈছে। এতিয়া দেশৰ বিভিন্ন পেট্ৰ’ল পাম্পত দেখা গৈছে দীঘলীয়া শাৰী। বহু লোকে আতংকিত হৈ পেট্ৰ’ল-ডিজেলৰ মজুত বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। শেহতীয়াকৈ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰি কয় যে, পেট্ৰ’ল-ডিজেলৰ যোগানত এতিয়ালৈকে কোনো সমস্যা হোৱা নাই। দেশৰ প্ৰতিটো প্ৰান্তত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল-ডিজেল উপলব্ধ। কিন্তু একে সময়তে পেট্ৰ’ল আৰু ডিজেল বিক্ৰী সন্দৰ্ভত বৃহৎ নিৰ্দেশনা জাৰি কৰিছে পেট্ৰলিয়াম মন্ত্ৰালয়ে।
কেন্দ্ৰীয় নিৰ্দেশনাত কি উল্লেখ কৰা হৈছে?
কেন্দ্ৰই মূলতঃ পেট্ৰ’ল পাম্পক সকীয়াই দিছে। পেট্ৰ’ল আৰু ডিজেল খালী বা অসুৰক্ষিত পাত্ৰত বিক্ৰী কৰিব নালাগে বুলি উল্লেখ কৰিছে পেট্ৰলিয়াম মন্ত্ৰালয়ে। সাধাৰণতে ইন্ধনৰ নাটনিৰ আশংকাত মানুহে পাম্পত ভিৰ কৰা দেখা যায়। কেন্দ্ৰই স্পষ্টকৈ উল্লেখ কৰিছে যে পেট্ৰ’ল আৰু ডিজেল কোনো পাত্ৰত বিক্ৰী কৰিব নোৱাৰিব। পে’ট্ৰল আৰু ডিজেল অনুপযুক্ত পাত্ৰত ৰখাটো নিৰাপদ নহয়। একে সময়তে পেট্ৰলিয়াম মন্ত্ৰালয়ে গ্ৰাহকক তেল মজুত কৰিবলৈ উপযুক্ত পাত্ৰ আনিবলৈও অনুৰোধ জনাইছে।
পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি হ’ব নেকি?
কেন্দ্ৰই পেট্ৰ’ল পাম্পৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, যদি নিয়মৰ বাহিৰত অসুৰক্ষিত পাত্ৰত পেট্ৰ’ল আৰু ডিজেল বিক্ৰী কৰা হয়, তেন্তে পাম্পৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰয়োজন হ’লে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে। কেন্দ্ৰই বাৰে বাৰে এটা কথা স্পষ্ট কৰি দিছে, বৰ্তমান পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি হোৱা নাই।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে , “ভাৰতত পেট্ৰলিয়াম সামগ্ৰীৰ অভাৱ নাই। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “মধ্যপ্ৰাচ্যৰ বৰ্তমান যুদ্ধৰ পৰিস্থিতি কেইবাখনো দেশৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। অৱশ্যে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল-ডিজেল আছে। ইয়াৰ কোনো অভাৱ নাই। অৱশ্যে যুদ্ধৰ পৰিস্থিতিয়ে চুবুৰীয়া দেশসমূহক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। পাকিস্তানত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। আনহাতে বাংলাদেশত বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















