অসম লাইভ ২৪ঃ অভাৱনীয় হাৰত দাম বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ। শনিবাৰে দেশৰ কেইবাঠাইতো প্ৰায় ১০০ টকা হ’লগৈ প্ৰতি লিটাৰ পে’ট্ৰলৰ দাম। দেশৰ চাৰিখনকৈ মেট্ৰ’ মুম্বাই, দিল্লী, কলকাতা আৰু চেন্নাইত শনিবাৰে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম। ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পে’ট্ৰলৰ দাম ৯৩.৬৮ টকা, ডিজেলৰ দাম ৮৪.৬১ টকা। মুম্বাইত প্ৰতি লিটাৰ পে’ট্ৰল আৰু ডিজেলৰ দাম ক্ৰমে- ৯৯.৯৪ টকা আৰু ৯১.৮৭ টকা, চেন্নাইত পে’ট্ৰলৰ ৯৫.২৮ টকা আৰু ডিজেলৰ ৮৯.৩৯ টকা আৰু কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৩.৭২ টকা আৰু ডিজেলৰ দাম ৮৭.৪৬ টকা। ৪ মে’ৰ পৰা চতুৰ্দশ বাৰলৈ দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ইন্ধনৰ দাম। ইতিমধ্যে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত ১০০ অতিক্ৰম কৰিছে পে’ট্ৰল-ডিজেলৰ দামে। উল্লেখ্য, তৈল কোম্পানীসমূহে ১৫ দিনৰ ভিতৰত আন্তৰ্জাতিক বজাৰত বেন্সমাৰ্ক ইন্ধনৰ গড় দাম আৰু বৈদেশিক মুদ্ৰাৰ হাৰৰ ভিত্তিত প্ৰতিদিনে পে’ট্ৰল আৰু ডিজেলৰ মূল্য সংশোধন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ