হাঁহিত কৃপণালী কৰে নেকি? হাঁহিয়ে শৰীৰ আৰু মন ভালে ৰখাত সহায় কৰে৷ মানসিক চাপ কৰে৷ হাৰ্টৰ স্বাস্থ্যও ভালে থাকে৷ চিকিৎসকে কয়, ‘হাঁহিৰ মাধ্যমেৰে মানসিক চাপ কমাব পাৰিলে হাৰ্ট ভালে থাকে৷ ৰক্তচাপ ঠিকে থাকে৷ আনকি দিনত যদি ১০ মিনিটো মন খুলি হাঁহে তেন্তে কোনোধৰণৰ স্নায়বিক সমস্যাই দেখা নিদিয়ে৷
বৰ্তমান চৌদিশে গঢ়ি উঠিছে লাফিং ক্লাব৷ তাতেই হাঁহিৰ ব্যায়ামৰ ওপৰিও প্ৰাণায়াম, ধ্যানো শিকোৱা হয়৷ প্ৰাণখোলি হাঁহিলে বহু শাৰীৰিক আৰু মানসিক সমস্যা প্ৰতিকাৰ হয়৷ হাঁহিৰ উপকাৰিতা কেৱল হাৰ্টৰ সমস্যা দূৰ কৰাতেই সীমাবদ্ধ নহয়৷ হাঁহিলে আন কেইবাটাও সুফল পোৱা যায়৷
মনৰ চাপ কমে
প্ৰাণখোলা হাঁহিয়ে মানসিক চাপ, উদ্বেগ, উৎকণ্ঠা কমাই৷ জীৱনত হাজাৰটা চিন্তা৷ প্ৰতিযোগীতাত টিকি থকাৰ যুঁজে মনৰ ওপৰত চাপ পেলায়৷ সংসাৰ আৰু পেছাগত জীৱনত উদ্বেগৰ সীমা নাই৷ এই পৰিস্থিতিত মন ভাল ৰখাটোৱেই সকলোতকৈ ডাঙৰ চেলেঞ্জ৷ চিকিৎসকৰ মতে, হাঁহিলে ষ্ট্ৰেছ হৰমন, কাৰ্টিছোল আৰু এপিনেফ্ৰিনৰ ক্ষৰণ কমি যায়৷ ইয়াৰ সলনি সুখী হৰমণৰ ক্ষৰণ বাঢ়ে৷ ফলত মানসিক চাপ স্বাভাৱিকভাৱেই কমি যায়৷
অক্সিজেনৰ মাত্ৰা বাঢ়ে
হাঁহি একধৰণৰ ব্যায়াম, যিয়ে শৰীৰত অক্সিজেনৰ মাত্ৰা বঢ়ায়৷ শৰীৰৰ কোষ আৰু কলাসমূহত অক্সিজেন সৰবৰাহ বাঢ়ে৷ বিশেষকৈ হাওঁফাওঁ আৰু হাৰ্টত অক্সিজেনৰ সৰবৰাহ হয়৷ হাওঁফাওঁত অক্সিজেন সৰবৰাহ সঠিক হ’লে শ্বাসজনিত সমস্যাৰ পৰা ৰেহাই পোৱা যায়৷ ইয়াৰোপৰি সংক্ৰমণজনিত অসুখবিসুখৰ পৰাও ৰেহাই পোৱা যায়৷ হৃদৰোগৰ আশংকাও কমি যায়৷
বিষ বেদনা কমে
গৱেষকৰ মতে হাঁহি থাকিলে এণ্ডৰফিনৰ ক্ষৰণ বাঢ়ে, যিয়ে পেশীৰ শক্তি বঢ়ায়৷ এণ্ডৰফিনৰ ক্ষৰণ বাঢ়িলে সহ্যশক্তি বাঢ়ে, গাঁঠিৰ বিষ কমে, মানসিক চাপো কমি যায়৷
হৃদৰোগৰ আশংকা কমে
হাৰ্টত তেজ আৰু অক্সিজেনৰ চলাচল সঠিক কৰাত হাঁহিয়ে সহায় কৰে৷ হৃদপেশীসমূহৰ ব্যায়াম হয়৷ ফলত হাৰ্টৰ ৰোগৰ আশংকা বহু পৰিমানে কমি যায়৷ ৰক্তচাপো নিয়ন্ত্ৰণত থাকে৷
ওজন কমায়
চিকিৎসকৰ মতে, দৈনিক ১০ৰ পৰা ১৫ মিনিট যদি আপুনি হাঁহি থাকে তেন্তে ৪০ কেলৰি ফেট বাৰ্ণ হয়৷ শাৰীৰিক কছৰতৰ তুলনাত এই কেলৰি কমাবলৈ হাঁহিৰ ভীষণ প্ৰয়োজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ