বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ উমা ছেত্ৰীক বিমানবন্দৰত সম্বৰ্ধনা নজনোৱা বিষয়টোক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত বিশেষ পোষ্ট মন্ত্ৰী পীয়ুষ হাজৰিকাৰ৷ কিয় মহিলা বিশ্বকাপজয়ী উমা ছেত্ৰীক সম্বৰ্ধনা জনোৱা নহ’ল সেই বিষয়ক কেন্দ্ৰ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই লিখিছে-
‘মহিলা বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ, অসমৰ গৌৰৱ উমা চেত্ৰীক বিমানবন্দৰত আদৰণি আৰু সম্বৰ্ধনা জনাবলৈ নোযোৱাটো আমাৰ ভুল আছিল, তাৰ বাবে খেলুৱৈগৰাকীৰ ওচৰত এজন অসমীয়া হিচাপে মই ক্ষমা বিচাৰিছোঁ।
কিন্তু একেটা ভুল কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি আটাইকেইটা ৰাজনৈতিক দল আৰু আন দল-সংগঠনেও কৰিলে। “আপোন ভালেই জগত ভাল” বুলি অসমীয়াত এষাৰ কথা আছে! শ্ৰী লুৰীণজ্যোতি গগৈ, শ্ৰী গৌৰৱ গগৈ আৰু শ্ৰী অখিল গগৈ ডাঙৰীয়া— আপোনালোকে নিজেওটো উমা চেত্ৰীক আদৰিবলৈ নগ’ল। আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনে?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ