• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

10 months ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

18 minutes ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

43 minutes ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

1 hour ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

2 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

3 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

3 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

5 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

5 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

5 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

6 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

7 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

editor by editor
November 8, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ
0
SHARES
236
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনকুবেৰ, উদ্যোগপতিৰ পৰা বিশ্বৰ ডাঙৰ ডাঙৰ ৰাষ্ট্ৰনেতা৷ বিত্তবান ক্ষমতাশালীসকলৰ মাজত আছে ছুইচ বেংকত ধন ৰখাৰ প্ৰৱণতা৷ কিয় নিজৰ দেশৰ বেংকক ভৰষা নকৰে তেওঁলোকে? ক’লা টকা লুটপাত কৰি ৰখাৰ বাবে ভাল বিকল্প নেকি ছুইচ বেংক? ছুইজাৰলেণ্ডৰ বেংকিং ব্যৱস্থাক লৈ যাৱতীয় প্ৰশ্নৰ উত্তৰ দিয়া হৈছে এই প্ৰতিবেদনত৷

ছুইছ বেংকত ধন ৰখাৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ইয়াৰ গোপনীয়তা৷ গ্ৰাহকৰ কোনো তথ্য কেতিয়াও ভাইৰেল নহয় এই বেংকৰ পৰা৷ ফলত কোন ব্যক্তিয়ে কিমান টকা ৰাখিছে সেয়া জনাৰ উপায় নাই৷ দ্বিতীয়তে ফ্ৰান্স, জাৰ্মানি আৰু অষ্ট্ৰিয়াক ঘেৰি স্থলবেষ্টিত ছুইজাৰলেণ্ড এখন নিৰপেক্ষ দেশ৷ ফলত ইয়াত যিকোনো লোকেই টকা ৰাখিব পাৰে৷ অন্যহাতে তেওঁলোকে সেই অৰ্থ সম্পূৰ্ণ সুৰক্ষা সহকাৰে ৰাখি থয়৷

খ্ৰিষ্টীয় ১৭ শতকৰ পৰা চলি আছে ছুইচ বেংক৷ সেই সময়ত ইউৰোপৰ অভিজাত শ্ৰেণীক ৰক্ষা কৰাই আছিল এই বেংকৰ উদ্দেশ্য৷ ইয়াৰ পাছতেই বেংকিং ব্যৱস্থাক মজবুত কৰিবলৈ ১৭৩১ চনত ছুইচ পাৰ্লিয়ামেণ্ট গ্ৰেট কাউন্সিল অফ জেনেভা পাছ হয়৷ এই আইন গোপনীয়তাৰ আইন৷ প্ৰতিবেশী ফ্ৰান্সৰ বেংকসমূহ তেতিয়া চলাইছিল প্ৰটষ্টেণ্ট খ্ৰিষ্ট ধৰ্মাৱলম্বীসকলে৷ আৰু তাত ধন থবলৈ আগ্ৰহী নাছিল কেথলিক খ্ৰিষ্টিয়ান ফৰাচি ৰজা৷

১৭৮০ চনত ছুইচ বেংকত ৰখা যাৱতীয় সম্পত্তিক বিমাৰ আওঁতালৈ অনা হয়৷ ফলত ইয়াত ধন ৰখাৰ প্ৰৱণতা বাঢ়িছিল৷ ১৮১৫ চনৰ ১৮ জুনত ৱাটাৰলুৰ যুদ্ধত কিংবদন্তি ফৰাছি সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ পৰাজয় হয় আৰু ইউৰোপৰ ৰাজনীতিলৈ আহে বৃহৎ পৰিবৰ্তন৷ সেই সময়ত নিজকে নিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰে ছুইজাৰলেণ্ডে৷ ফলত পৰবৰ্তী সময়ত কোনো সামৰিক জোটতেই জেনেভাক অংশ লোৱা দেখা নগল৷

১৮৮৬ চনত সৰু এক গৃহযুদ্ধৰ পাছত তৈয়াৰ হয় ছুইচ ফেডাৰেছন৷ ইয়াৰ মাজত এক গণতান্ত্ৰিক কাঠামোৰ মাজলৈ যায় আল্পছৰ কোলাত থকা সেই ইউৰোপীয় দেশ৷ ইয়াত ৰাজনৈতিকভাৱে স্থিতিশীলতা পাইছিল জেনেভাই৷ ফলত বেংকি ব্যৱস্থাক মজবুত কৰিবলৈ কঠোৰ গোপনীয়তা আইন তেওঁলোকে তৈয়াৰ কৰে আৰু সেই গোপনীয়তা আইন সকলোকে মানি চলাৰো পৰামৰ্শ দিছে৷ গোপনীয়তা আইনেই বিশ্বৰ প্ৰতিকোণৰ লোকক আকৰ্ষণো কৰিবলৈ সক্ষম হয়৷

প্ৰথম বিশ্বযুদ্ধ(১৯১৪-’১৮)ত ছুইচ বেংকৰ ব্যৱসায় আৰু ৰমৰমীয়া হৈ পৰে৷ বেংকৰ কৰ্তাসকলে প্ৰথমে ফ্ৰান্স আৰু জাৰ্মানীলৈ গৈ দুই দেশৰ ধনী মানুহৰ খবৰ কৰিছিল৷ আৰু পাছলৈ সংশ্লিষ্ট বেংকসমূহলৈ ঘনে ঘনে ফ্ৰান্স আৰু জাৰ্মানীৰ লোক আহে৷ মূলত এই দুই দেশৰ অভিজাত আৰু ধনী গ্ৰাহকে যুদ্ধৰ অনিশ্চয়তা আৰু আৰ্থিক সংকটৰ কথা ভাৱিয়েই ছুইচ বেংকত ধন জমা ৰাখিবলৈ আৰম্ভ কৰে৷ ধন ৰখাৰ আন এক ডাঙৰ কাৰণ আছিল গোপনীয়তা আইন৷ কোনে কিমান ধন জমা ৰাখিছে সেয়া কোনোৱেই গম নাপায়৷

সেই সময়ত যুদ্ধত হোৱা খৰচৰ বাবে বিশেষ এটা কৰ লৈছিল ইউৰোপৰ বহু দেশে৷ ইয়াৰ মূল উদ্দেশ্য আছিল অভিজাত শ্ৰেণীৰ পৰা মোটা টকা আদায় কৰা৷ ফলত সেই কৰ ফাঁকি দিবৰ বাবেই ছুইচ বেংকত ভিৰ লাগিছিল তৎকালীন ধনকুবেৰসকলৰ একাংশৰ৷ ১৯৩৪ চনত গোপনীয়তা আইনলৈ আন এক ডাঙৰ পৰিবৰ্তন আছে ছুইচ চৰকাৰে৷ তাতেই কোৱা হয় যে তথ্য ফাঁচ হ’লে দেৱানী নহয় ফৌজদাৰী ধাৰাত অভিযুক্ত বুলি ধৰা হ’ব বেংক অধিকাৰীসকলক৷ বিচাৰ প্ৰক্ৰিয়াও তেনেদৰেই চলিব৷ এই সিদ্ধান্তৰ পাছতেই জেনেভাৰ বেংকিং ব্যৱস্থাৰ প্ৰতি ইউৰোপীয় দেশসমূহৰ বিশ্বাস আৰু কেইবাগুণো বৃদ্ধি পায়৷

১৯৩৩ চনত এডলাফ হিটলাৰ ক্ষমতালৈ অহাৰ পাছত জাৰ্মানীত আৰম্ভ হয় ইহুদি নিধন৷ এই ঘটনাত সৰ্বাধিক প্ৰভাৱ পৰে ছুইচ বেংকৰ ওপৰত৷ ইহুদি ব্যৱসায়ীসকলে তেওঁলোকৰ অৰ্থ লুকুৱাই ৰাখিবলৈ জেনেভাৰ বেংকসমূহক বাচি লয়৷ পৰবৰ্তীকালত ১৯৩৯-’৪৫ পৰ্যন্ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউনিয়ন বেংক অফ ছুইজাৰলেণ্ডত ১১০ কোটি ৰেইছমাৰ্ক অৰ্থাৎ তেতিয়াৰ জাৰ্মান মুদ্ৰা জমা ৰাখে স্বয়ং হিটলাৰে৷ ইয়াৰোপৰি তেওঁৰ সহযোগী নাঝি বাহিনীৰ নেতাসকলেও অৰ্থ লুকুৱাই ৰাখিবলৈ জেনেভাৰ বেংকসমূহকেই বাচি লয়৷

নিজে ধন জমা ৰাখিলেও ছুইচ বেংকত ইহুদিৰ ধন থকা কথাটোক কিন্তু সহজভাৱে ল’ব পৰা নাছিল হিটলাৰে৷ সেইবাবেই ১৯৪০ চনত ছুইজাৰলেণ্ড আক্ৰমণৰ পৰিকল্পনা কৰিছিল হিটলাৰে৷ ইয়াৰ পাছত অৱশ্যে জাৰ্মান জেনেৰেলসকলৰ সৈতে বৈঠকত বহি পৰামৰ্শ লোৱাৰ পাছত ছুইজাৰলেণ্ড আক্ৰমণৰ পৰিকল্পনা বাদ দিয়ে৷ ইতিহাসবিদৰ একাংশৰ দাবী যে জেনেভাৰ বেংকসমূহত তেওঁ নিজৰেই ধন থকাৰ বাবে সেই দেশক আক্ৰমণ কৰি ৰিস্ক ল’ব নুখুজিলে হিটলাৰে৷

দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত ইহুদিসকলৰ সম্পত্তি উদ্ধাৰৰ বাবে একাধিক পদক্ষেপ লোৱা হয়৷ ইয়াৰ ফলত ছুইচ বেংকৰ ওপৰতো ব্যাপক চাপ কৰে৷ ৯০ৰ দশকত আনুষ্ঠানিকভাৱে হিটলাৰে জমা কৰা অৰ্থ উভতাই বিচাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই৷ জেনেভাই কিন্তু সেই টকা দিবলৈ ৰাজি নহয়৷ ওলোটাই নিয়ম মানি যাৱতীয় অৰ্থ জাৰ্মানিকেই উভতাই দিয়ে তেওঁলোকে৷ এই ধন জাৰ্মানীক উভতাই দিয়াৰ কাৰণ হৈছে গ্ৰাহকৰ বিশ্বাস বজাই ৰখা৷

২০০৪ চনত বিশ্ব অৰ্থনীতি মন্দাৰ কবলত পৰিছিল৷ সেই বছৰৰেই ডিচেম্বৰ মাহত গোপনীয়তা সংক্ৰান্তিয় আইন আকৌ সলনি কৰে ছুইচ পাৰ্লিয়ামেণ্টে৷ এইবাৰ বেংকৰ গোপন তথ্য ফাঁচ কৰিলে ছ’মাহৰ সলনি পাঁচ বছৰৰ জে’ল বিধান ৰখা হয়৷ তাৰপিছতেই জেনেভাৰ বেংকসমূহৰ ভিতৰৰ খবৰ কেতিয়াও বাহিৰলৈ নোলোৱা হ’ল বুলি ভাৱিলে সেইয়া আপোনাৰ ভুল৷ কাৰণ তাৰ পিছতো তথ্য কিছু বাহিৰ হৈয়েই থাকিল৷

ছুইচ বেংকৰ ৰমৰমীয়া ব্যৱসায়ত সকলোতকৈ ডাঙৰ ধাক্কা খাই মাৰ্কিন নাগৰিক ব্ৰেডলি বাৰ্কেনফিল্ডে৷ ২০০১ চনত জেনেভাৰ ইউবিএছত যোগ দিয়ে তেওঁ৷ পৰবৰ্তী সময়ত আমেৰিকান গ্ৰাহকৰ ধনৰ বিষয়সমূহ তেঁৱেই চোৱাচিতা কৰিবলৈ লয়৷ ২০০৫ চনত ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে খেলিমেলিৰ বাবে চাকৰিৰ পৰা ইস্তাফা দিয়ে বাৰ্কেনফিল্ডে৷ প্ৰায় লগে লগেই তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ উভতিও যায়৷

মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ উভতি গৈ মাৰ্কিন বিচাৰবিভাগক ছুইচ বেংকত আমেৰিকানসকলৰ কলা টকা কিমান আছে সকলো তথ্য দিয়ে বাৰ্কেনফিল্ডে৷ লগে লগেই তদন্তত নামে যুক্তৰাষ্ট্ৰৰ চৰকাৰ৷ জনা যায় যে কেৱল মাত্ৰ ইউ বি এছ ১৮০০ৰ পৰা ২০০০ কোটি ডলাৰ লুকুৱাই ৰাখিছিল ১৯ হাজাৰতকৈ বেছি মাৰ্কিন নাগৰিকে৷ ইয়াৰ বাবে জেনেভাৰ সেই বেংকৰ ওপৰত ৭৮ কোটি ডলাৰৰ জৰিমনা বিহে মাৰ্কিন যুক্তৰাষ্ট্ৰই৷

ছুইচ বেংকৰ গোপন তথ্য ফাঁচ কৰি বাৰ্কেনফিল্ডো কিন্তু বাচি নগ’ল৷ কৰ ফাঁকিৰ অভিযোগত ২০০৯ চনত তেওঁৰ জে’ল হয়৷ ২০১২ চনত তেওঁ কাৰাবাসৰ পৰা মুক্তি পায়৷ সেই সময়ত ছুইচ বেংকৰ গোপন তথ্য ফাঁচ কৰাৰ বাবে ১০.৪ কোটি ডলাৰ আমেৰিকাৰ পৰা লাভো কৰিছিল তেওঁ৷ ২০০৯ চনত ছুইচ বেংকৰ ইউ বি এছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে মাৰ্কিন চৰকাৰে৷ সেই বছৰেই জেনেভা যাত্ৰা কৰিছিল তেতিয়া তৎকালীন মাৰ্কিন বিদেশসচিব হিলাৰী ক্লিণ্টনে৷ মুঠ ৫২ হাজাৰ আমেৰিকান নাগৰিকৰ বেংকৰ তথ্যও তেওঁ বিচাৰিছিল৷ কিন্তু গোপনীয়তা আইনক সন্মুখত ৰাখি সেয়া প্ৰকাশ কৰিবলৈ ৰাজী নহল ছুইচ চৰকাৰ৷ শেষত ৱাছিংটনৰ ছাপত মাত্ৰ চাৰে চাৰিহাজাৰ গ্ৰাহকৰ তথ্য প্ৰকাশ কৰে তেওঁলোকে৷

ছুইচ বেংকত ক’লা ধন ৰখা বিষয়টো বন্ধ কৰিবলৈ যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছিল প্ৰাক্তন মাৰ্কিন প্ৰেছি়ডেণ্ট বাৰাক হুছেইন ওবামাই৷ তেওঁৰ আমোলত পাছ হয় বিদেশী একাউণ্ট কৰ সন্মতি আইন৷ ইয়াত যুক্তৰাষ্ট্ৰৰ বাহিৰৰ কোনো বেংকত ধন বা সম্পত্তি জমা ৰাখিলে বাধ্যতামূলকভাৱে তথ্য দিব লাগিব বুলি কোৱা হৈছিল৷ ক্ষমতাত থকাৰ সময়ত ছুইজাৰলেণ্ডক ধমকিও দিছিল ওবামাই৷ কৈছিল যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ বেংক সংক্ৰান্তিয় তথ্য প্ৰকাশ নকৰিলে তেওঁলোকৰ সৈতে থকা সকলো ব্যৱসায়িক চুক্তি বিচ্ছিন্ন কৰিব৷ ইয়াৰ ফলত অৱশ্যে প্ৰৱল চাপতো পৰিছিল ছুইজাৰলেণ্ড৷ কিন্তু তাৰপিছতো ছুইচবেংকে ভৰষা হেৰুওৱা নাই ধনকুবেৰৰ৷

যুক্তৰাষ্ট্ৰৰ ভাবুকিৰ পাছত বহু দেশেই ছুইজাৰলেণ্ডক এনে ভাবুকি দিছে৷ ২০১৫ চনত জাৰ্মানী, অষ্ট্ৰিয়া আৰু ব্ৰিটেইনৰ সৈতে ৰুবিক চুক্তি স্বাক্ষৰ কৰিছে ছুইচ চৰকাৰে৷ ইয়াত কোৱা হৈছে কোনো ব্যক্তিয়ে দেশৰ যাৱতীয় কৰ দিলে ছুইচ বেংকত ৰখা অৰ্থৰ তথ্য তেওঁলোকে গোপনে ৰাখিব পাৰিব৷ ইয়াৰ ফলত অৱশ্যে জেনেভাৰেই লাভ হয়৷ শুনা যায় যে বৰ্তমান অলিগাৰ্কি নামৰ ৰুছ অভিজাত শ্ৰেণী, চীনৰ কমিউনিষ্ট পাৰ্টীৰ শীৰ্ষ পদাধিকাৰী আৰু মাৰ্কিন ধনকুবেৰৰ বিপুল সম্পত্তি জমা হৈ আছে ছুইচ বেংকত৷ বিগত কেইবাবছৰত বিশ্বজুৰি বাঢ়িছে ভূৰাজনৈতিক অস্থিৰতা৷ আৰ ফলত জেনেভাৰ বেংকসমূহৰ সম্পত্তি কিমান বৃদ্ধি পাইছে সেয়া জানিব পৰা হোৱা নাই৷

ছুইচ বেংকৰ ভল্টক লৈ অৱশ্যে ইউৰোপত একাধিক কাহিনী প্ৰচলিত আছে৷ কোনোৱে কৈছে টকা আৰু সোণ সুৰক্ষিত ৰাখিবলৈ বিশেষ ধৰণৰ বাংকাৰ তৈয়াৰ কৰিছে জেনেভাৰ যাৱতীয় আৰ্থিক প্ৰতিষ্ঠানে৷ কাৰোবাৰ মতে আল্পছৰ দুৰ্গম এলেকাত আছে তেওঁলোকৰ ভল্ট৷ গোপনীয়তা আইনৰ বাবেই অৱশ্যে এই তথ্য সঁচানে সেয়া জানিব পৰা হোৱা নাই৷

ইফালে আমাৰ দেশৰ ধনকুবেৰৰো সম্পত্তি আছে ছুইচ বেংকত৷ সেয়ে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছিল, ছুইচ বেংকত থকা ক’লা ধন দেশলৈ উভতাই আনি দেশবাসীৰ উন্নতি সাধনত ব্যৱহাৰ কৰিব৷ সেই ধন ভাৰতলৈ উভতি আহিছেনে সেই তথ্য কাৰো হাতত নাই৷ কিন্তু ২০২৪ চনত ছুইজাৰলেণ্ডত ভাৰতীয়ৰ ধনৰ পৰিমান ৩ গুণ বাঢ়িছে৷ ৩.৫৪ বিলিয়ন ছুইচ ফ্ৰাঙ্ক অৰ্থাৎ প্ৰায় ৩৭ ৬০০ কোটি ভাৰতীয় টকা হৈছেগৈ৷ বুধবাৰে ১৯ জুনত ছুইচ নেশ্ব্যনেল বেংকে এই তথ্য প্ৰকাশ কৰিছে৷

এই সম্পত্তি বৃদ্ধিৰ বেছিভাগেই আহিছে বেংক চেনেল আৰু অন্যান্য আৰ্থিক প্ৰতিষ্ঠানৰ পৰা৷ ব্যক্তিগত বেংক একাউণ্টৰ পৰা নহয়৷ ভাৰতীয় গ্ৰাহকৰ একাউণ্টত এই ধনৰ পৰিমানো বৃদ্ধি পাইছে৷ এই একাউণ্টসমূহত জমা কৰা ধনৰ পৰিমান ১১ শতাংশ অৰ্থাৎ ৩৪৬ মিলিয়ন ছুইচ ফ্ৰাঙ্ক অৰ্থাৎ ৩৬৭৫ কোটি টকা বৃদ্ধি পাইছে৷ এই পৰিমাণ ছুইচ বেংকত জমা মুঠ ভাৰতীয়ৰ অৰ্থৰ ১০ভাগৰ এভাগহে মাত্ৰ৷

SNBয়ে জনাইছে যে বিভিন্ন ছুইচ বেংকত ভাৰতৰ ৩.৫৪ বিলিয়ন ছুইচ ফ্ৰাঙ্ক জমা হৈ আছে৷ ইয়াৰ মাজত ৩.০২ বিলিয়ন ছুইচ ফ্ৰাঙ্ক বেংকত ৩৪৬ মিলিয়ন ছুইচ ফাঙ্ক ব্যক্তিগত একাউণ্টত৷ ৪১ মিলিয়ন ছুইচ ফ্ৰাঙ্ক ট্ৰাষ্টৰ নামত আৰু ১৩৫ মিলিয়ন ছুইচ ফ্ৰাঙ্ক বিভিন্ন বণ্ডত জমা হৈ আছে৷ ২০২৪ চনৰ তুলনাত ২০২৩ চনত জমা থকা সম্পত্তিৰ ৭০শতাংশ কমি চাৰি বছৰত সৰ্বনিম্ন ১.০৪ বিলিয়ন ফ্ৰাঙ্ক হৈছে৷ যি ২০০৬ চনৰ সৰ্বকালৰ সৰ্বোচ্চ ৬.৫ বিলিয়ন ফ্ৰাঙ্কতকৈ কম৷

SNBৰ ৰিপৰ্ট বেংকসমূহৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে৷ ই অন্যান্য দেশৰ সত্তাৰ মাধ্যমেৰে ৰক্ষিত কলা ধন বা একাউণ্ট সম্পৰ্কে কোনো বিৱৰণ প্ৰকাশ নকৰে৷ ছুইচ কৰ্তৃপক্ষই বাৰে বাৰে কৈছে যে এই জমাসমূহ কাৰোবাৰ কলা ধন বুলি আমি নকও৷ ২০১৮ চনৰ চুক্তিৰ পাছত ছুইজাৰলেণ্ডৰ ছুইচ বেংকত জমা হোৱা অৰ্থৰ তথ্য ভাৰত চৰকাৰক দি আহিছে ছুইচ বেংকসমূহে৷ ২০১৯ চনত প্ৰথমবাৰৰ বাবে এই তথ্য দিছিল ছুইচ বেংকৰ পৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
Next Post
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.