অসম লাইভ২৪ঃ কৃষকৰ অপেক্ষাৰ অৱসান।প্ৰধানমন্ত্ৰী কৃষক নিধিৰ ১৭ নং কিস্তিৰ বাবে অপেক্ষা কৰি থকাসকলৰ বাবে ভালখবৰ। পি এম কিষাণ যোজনাৰ আওতাত ৪ কোটিৰো বেছি কৃষকৰ একাউণ্টত দিয়া হৈছে ২০০০কৈ টকা।১৮ জুনত কিষাণ সন্মান নিধিৰ ১৭ তম কিস্তিৰ টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ দিব কেন্দ্ৰীয় চৰকাৰে।
এইবাৰ প্ৰায় ২০, ০০০ কোটি টকা কৃষকৰ উদ্দেশ্যে মুকলাই দিয়া হৈছে৷ এই স্কিমৰ সুবিধা লাভ কৰিব প্ৰায় ৯.৩ কোটি কৃষক পৰিয়ালে৷ পিএম মোদীয়ে এই প্ৰসংগত কয়, ‘আমাৰ চৰকাৰ কৃষকৰ কল্যাণৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ৷’ দায়িত্ব লৈয়েই মোদীয়ে প্ৰথমটো ফাইলত চহী কৰিছে৷ সেই ফাইল কিষাণ নিধিৰ ফাইল৷ কৃষি কল্যাণৰ সৈতে জড়িত ফাইল৷ মোদীয়ে চহী কৰিয়েই কৈছিল, ‘আমি এই সময়ত কৃষক আৰু কৃষিভূমিক লৈ আৰু বেছিকৈ কাম কৰিব খোজো৷’
প্ৰধানমন্ত্ৰী কিষাণ নিধি প্ৰকল্পৰ উদ্দেশ্য হৈছে কৃষকক আৰ্থিকভাৱে সহায় কৰা। কৃষি সামগ্ৰী আৰু অন্যান্য জৰুৰী প্ৰয়োজন পুৰণ কৰিবলৈ যাতে কৃষকৰ কোনো সমস্যা নহয় তাৰবাবেই এই ধন প্ৰদান কৰা হয়। যদি কোনো কৃষকে এই স্কিমৰ বিষয়ে আৰু তথ্য বিচাৰে তেন্তে pmkisan-ict@gov.in-ত মেইল কৰিব পাৰে। ইয়াৰোপৰি কৃষকে হেল্পলাইন নম্বৰ 155261, 1800115526, 011-23381092 নম্বৰতো যোগাযোগ কৰিব পাৰে।
PM কিষাণ যোজনাৰ স্কিমৰ বিষয়ে জানি থওক সবিশেষ
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আওতাত চৰকাৰে দেশৰ সমস্ত কৃষক পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াইছে। এই প্ৰকল্পৰ আওতাত প্ৰতিটো কৃষক পৰিয়ালক বছৰি তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ দিয়া হৈছে। কৃষকৰ আয় বৃদ্ধি কৰা, কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰা আৰু কৃষকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে কৃষকক এই ধন প্ৰদান কৰি আহিছে। প্ৰতি বছৰে দিয়া তিনিটা কিস্তিৰ মাজত প্ৰথম কিস্তি দিয়া হয় এপ্ৰিল মাহত, দ্বিতীয় কিস্তি দিয়া হয় জুলাই মাহত আৰু তৃতীয় কিস্তি নৱেম্বৰত দিয়া হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত এই যোজনা আৰম্ভ কৰিছিল।
PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ কি কৰিব?
PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ www.pmkisan.gov.in-ত গৈ নতুন ৰেজিষ্ট্ৰেছনৰ অপশ্ব্যনত ক্লিক কৰিব। ইয়াৰ পাছতেই নিজৰ পছন্দৰ ভাষা বাচি লওক। পাছৰ পৰ্যায়ত চহৰৰ কৃষকে আৰবান ফাৰ্মৰ অপশ্ব্যন বাচি ল’ব আৰু গ্ৰামীণ এলেকাৰ কৃষকে গ্ৰামীণ কৃষক অপশ্ব্যনত ক্লিক কৰিব। ইয়াৰপাছতেই আধাৰ নম্বৰ আৰু ফোন নম্বৰ তাত এড কৰিব। কৃষকে মাটিৰ নথিও পৰ্টেলত জমা দিব লাগিব। ইয়াৰপাছতেই কেপছা কোড দিব। তেতিয়াই আপোনাৰ ফোন নম্বৰলৈ OTP আহিব। সেই OTP ছাবমিট কৰিলেই আপোনাৰ ৰেজিষ্ট্ৰেছন সম্পূৰ্ণ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ